সমললৈ যাওক

সুশীলা গণেশ মাৱালংকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুশীলা গণেশ মাৱালংকাৰ
প্ৰথম লোকসভাৰ সমষ্টি, আহমেদাবাদ
কাৰ্যকাল
১৯৫৬ – ১৯৫৭
পূৰ্বসূৰী
  • গণেশ বাসুদেৱ মাৱালংকাৰ
  • মুলদাছ ভুদৰদাছ বৈশ্য
উত্তৰসূৰী ইন্দুলাল য়াগনিক
ব্যক্তিগত তথ্য
জন্ম ৪ আগষ্ট, ১৯০৪
বোম্বাই প্ৰদেশ
মৃত্যু ১১ ডিচেম্বৰ, ১৯৯৫ (৯১ বছৰ)
আহমেদাবাদ, গুজৰাট
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী গণেশ বাসুদেৱ মাৱালংকাৰ
সন্তান পুৰুষোত্তম মাৱালংকাৰ

সুশীলা গণেশ মাৱালংকৰ (ইংৰাজী: Sushila Ganesh Mavalankar, ৪ আগষ্ট ১৯০৪ – ১১ ডিচেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল৷ ১৯৫৬ চনত আহমেদাবাদৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ ১ নং লোকসভালৈ নিৰ্বাচিত হয়৷

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

তেওঁ ১৯০৪ চনৰ ৪ আগষ্টত বম্বেত জন্মগ্ৰহণ কৰিছিল৷ তেওঁৰ পিতৃ আছিল ৰামকৃষ্ণ গোপীনাথ গুৰজাৰ দট্ৰে৷ তেওঁ স্কুলীয়া শিক্ষা প্ৰাক্-মেট্ৰিক পৰ্যায়লৈকে কৰিছিল।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

মাৱালংকৰে ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ লৈছিল আৰু মহাত্মা গান্ধীৰ আহ্বানত ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল, যাৰ ফলত তেওঁক ব্ৰিটিছ কৰ্তৃপক্ষই কাৰাগাৰত বন্দী কৰিছিল।[2] ১৯৫৩ চনৰ জুন মাহত অনুষ্ঠিত হোৱা দ্বিতীয় ৰাণী এলিজাবেথৰ ৰাজ অভিষেকত অংশগ্ৰহণ কৰে।[1]

১৯৫৬ চনৰ ফেব্ৰুৱাৰী মাহত গণেশ মাৱালংকাৰৰ মৃত্যুৰ পিছত আহমেদাবাদৰ আসনৰ বাবে উপ-নিৰ্বাচন হয়। ভাৰতীয় জাতীয় কংগ্ৰেছে সুশীলা মাৱালংকাৰ(তেওঁৰ পত্নী)ক নিৰ্বাচনত অৱতীৰ্ণ কৰোৱায়৷ আৰু এনেদৰেই তেওঁ প্ৰথম লোকসভালৈ বিনা বিৰোধিতাত নিৰ্বাচিত হয়।[3][2]পিছৰ বছৰত তেওঁৰ কাৰ্যকাল শেষ হয়।[3][4]ভাগিনী সমাজৰ সভানেত্ৰী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল আৰু অনেক সামাজিক সংগঠনৰ সদস্য আছিল। [5]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯২১ চনৰ মাৰ্চ মাহত সুশীলাই গণেশ বাসুদেৱ মাৱালংকৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ চাৰিজন পুত্ৰ সন্তান জন্ম হয়।[1]গণেশ মাৱালংকাৰ লোকসভাৰ প্ৰথম অধ্যক্ষ হিচাপে পৰিগণিত হয়। ১৯৯৫ চনৰ ১১ ডিচেম্বৰত আহমেদাবাদত সুশীলা গণেশৰ মৃত্যু হয়।[5]তেওঁলোকৰ পুত্ৰ পুৰুষোত্তম মাৱালংকাৰো সংসদ সদস্য আছিল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Jain, C. K. (1993). Women Parliamentarians in India. Surjeet Publications. পৃষ্ঠা. 697. https://books.google.com/books?id=f2yPAAAAMAAJ. 
  2. Results of Bye-elections. Election Commission of India. 1957. পৃষ্ঠা. 11. https://books.google.com/books?id=G8O2AAAAIAAJ. 
  3. Results of Bye-elections. Election Commission of India. 1957. পৃষ্ঠা. 11. https://books.google.com/books?id=G8O2AAAAIAAJ. 
  4. Gazette of India. Controller of Publications. 1956. পৃষ্ঠা. 615. https://books.google.com/books?id=dT0PAQAAIAAJ. 
  5. 5.0 5.1 "Obituary References". Parliament of India. 22 December 1995. http://parliamentofindia.nic.in/ls/lsdeb/ls10/ses15/p2212_1.htm। আহৰণ কৰা হৈছে: 12 June 2024. 
  6. Press Trust of India (15 May 2002). "Pusushottam Mavalankar passes away". The Times of India. https://timesofindia.indiatimes.com/india/Pusushottam-Mavalankar-passes-away/articleshow/3800706.cms.