সুশীলা চৈন ত্ৰেহান
| সুশীলা চৈন ত্ৰেহান | |
|---|---|
| জন্ম | ০১ জুলাই, ১৯২৩ পাঠানকোট |
| মৃত্যু | ২৮ ছেপ্টেম্বৰ, ২০১১ (৮৮ বছৰ) |
| জনা যায় | স্বাধীনতা সংগ্ৰাম, সামাজিক সক্ৰিয়তা |
| পিতৃ-মাতৃ | মথুৰাদাস ত্ৰেহান |
| টোকা স্ত্ৰী সভা প্ৰতিষ্ঠা | |
সুশীলা চৈন ত্ৰেহান (১ জুলাই ১৯২৩ – ২৮ ছেপ্টেম্বৰ ২০১১) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু মহিলা অধিকাৰ কৰ্মী আছিল। তেওঁ মৃত্যুলৈকে পঞ্জাবৰ মহিলাসকলক শিক্ষা প্ৰদান আৰু মুক্তিৰ দিশত অগ্ৰসৰ কৰাৰ বাবে কাম কৰি গৈছিল।[1][2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ত্ৰেহানৰ জন্ম পাঠানকোটত হৈছিল আৰু তেওঁ চাৰি ভাতৃ-ভগ্নীৰ ভিতৰত আটাইতকৈ কনিষ্ঠ আছিল। তেওঁৰ পিতৃ মথুৰাদাস ত্ৰেহান এজন ঠিকাদাৰ আছিল আৰু নিজৰ অঞ্চলত কংগ্ৰেছ পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত এজন আছিল। তেওঁ আৰ্য সমাজৰো এগৰাকী আগশাৰীৰ সদস্য আছিল।[1] সুশীলা ত্ৰেহান পূৰ্ব পঞ্জাৱ ইষ্ট্ৰী সভাৰ এগৰাকী নেত্ৰী আছিল।[3]
ৰহস্যজনক পৰিস্থিতিত ত্ৰেহানে নিজৰ পিতৃক হেৰুৱাবলগীয়া হয়, যাৰ ফলত পৰিয়ালটোৱে আয় আৰু সম্পত্তিৰ উৎস হেৰুৱায়।[2]
তেওঁ চৈন সিং চৈনৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যিজন কিৰ্তি পাৰ্টিৰ এজন প্ৰতিষ্ঠাপক সদস্য আছিল।[1]
সক্ৰিয় কৰ্মী হিচাপে জীৱন
[সম্পাদনা কৰক]কৈশোৰ অৱস্থাতেই ত্ৰেহানে আৰ্য সমাজত যোগদান কৰে। এটা সভাত অংশ লওঁতে পুলিচে সভাস্থল ঘেৰাও কৰি অংশগ্ৰহণকাৰীসকলক প্ৰহাৰ কৰিছিল। সেই ঘটনাই ত্ৰেহানক অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ প্ৰেৰণা যোগায়।[2]
১৯৪১ চনত তেওঁ ৰাজনৈতিক সক্ৰিয় কৰ্মী হিচাপে লাহোৰস্থিত কমিউনিষ্ট পাৰ্টিৰ মুখ্য কাৰ্যালয়লৈ যায়।[3] সেই সময়ত তেওঁ বিবি ৰাঘবীৰ কৌৰৰ সৈতে কাম কৰিছিল, যিগৰাকী পঞ্জাৱ ৰাজ্য বিধানসভাৰ কিৰ্তি-গদৰ পাৰ্টিৰ সদস্য আছিল। এই সময়ছোৱাত ত্ৰেহানে ঘৰ ত্যাগ কৰি শকুন্তলা আজাদৰ সৈতে যোগ দিয়ে আৰু ভাৰতীয় সমাজৰ পুঁজিবাদী ব্যৱস্থাৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামীসকলৰ লগত একেলগে কাম কৰে।[1]
পিছলৈ তেওঁ বহু বাধাৰ সন্মুখীন হৈও কিৰ্তি পাৰ্টিত যোগদান কৰে। তেতিয়াৰ ব্ৰিটিছ ৰাজৰ পুলিচৰ অত্যাচাৰ, লাঠিচাৰ্জ আৰু নিৰ্যাতন সহ্য কৰিও তেওঁ নিজৰ দৃঢ়তা প্ৰমাণ কৰে।[2]
সামাজিক কাম
[সম্পাদনা কৰক]ত্ৰেহানে পঞ্জাৱৰ দূৰ্গম গাঁওসমূহ ভ্ৰমণ কৰি মহিলাসকলক ৰন্ধন, চিলাই আৰু পৰিচ্ছন্নতাৰ শিক্ষা দিবলৈ উৎসাহিত কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল এনে সময়ত আত্মনিৰ্ভৰশীলতাৰ ভাব গঢ়ি তোলা, যেতিয়া মহিলাসকলে সমাজৰ পৰা প্ৰয়োজনীয় সমৰ্থন লাভ নকৰিছিল।[1]
ভাৰত স্বাধীন হোৱাৰ পিছতো তেওঁ শিশু শিক্ষাৰ প্ৰচাৰ অব্যাহত ৰাখে আৰু তিনি খন ছোৱালীৰ বিদ্যালয় আৰু এখন সহশিক্ষা বিদ্যালয় স্থাপন কৰে।[1]
ত্ৰেহান নিজৰ গাঁও দাদুৱালত পঞ্চায়ত পৰিষদৰ প্ৰথমগৰাকী মহিলা পঞ্চ আছিল। ২০১১ চনত মৃত্যু হোৱালৈকে তেওঁ যৌতুক, ঘৰুৱা হিংসা, জাতিভেদ আৰু আন্তঃজাতি বিবাহ আদিৰ দৰে সামাজিক সমস্যাসমূহৰ বিৰুদ্ধে মূলস্তৰত কাম কৰি গৈছিল।[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]চৈন আৰু ত্ৰেহানে নিজৰ বিশ্বাস আৰু আদৰ্শৰ বাবে এটা স্থানৰ পৰা আন এটা স্থানলৈ লুকাই আৰু পলাই থাকিবলগীয়া হৈছিল। তেওঁলোকে তিনিজন সন্তান হেৰুৱায় আৰু একমাত্ৰ জীৱিত কন্যা সৱিতা আত্মীয়সকলৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হয়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 "Sushila Chain Trehan - Women Freedom Fighter". The Better India. 28 October 2014. https://www.thebetterindia.com/15353/sushila-chain-trehen-woman-freedom-fighter-india/। আহৰণ কৰা হৈছে: 1 November 2017.
- ↑ 2.0 2.1 2.2 2.3 "Sushila - Women Rights leader". 11 August 2017. https://www.inuth.com/india/women-freedom-fighters-of-india/sushila-chain-trehen-leading-member-of-arya-samaj-who-fought-for-womens-rights/। আহৰণ কৰা হৈছে: 1 November 2017.
- ↑ 3.0 3.1 "A Great Punjabi Woman – Sushila Chayn 1923-2011" (en-US ভাষাত). Uddari Weblog. 2011-10-05. https://uddari.wordpress.com/2011/10/05/a-great-punjabi-woman-sushila-chayn-1923-2011/.