সুশৰ্মা
| সুশৰ্মা | |
|---|---|
| তথ্য | |
| পৰিয়াল | চিত্ৰাংগদ (সম্পৰ্কীয়) |
সুশৰ্মা মহাকাব্য মহাভাৰতৰ মতে ত্ৰিগৰ্তৰ ৰজা।[1] তেওঁ আছিল সেই সাহসী ধনুৰ্দ্ধৰ আৰু অৰ্জুনৰ প্ৰতিদ্বন্দ্বী। দুৰ্যোধনে কুৰুক্ষেত্ৰ যুদ্ধত যুধিষ্ঠিৰক জীৱিত অৱস্থাত বন্দী কৰি ৰখাৰ এক পৰিকল্পনাৰ অংশীদাৰ হৈ, হয় মৃত্যুবৰণ কৰিব বা অৰ্জুনক হত্যা কৰাৰ প্ৰতিজ্ঞা কৰিছিল। ইয়াৰ বাবে কুৰুক্ষেত্ৰৰ যুদ্ধত ৮ম দিনত অৰ্জুনৰ নাগ অস্ত্ৰৰ বিৰুদ্ধে সংসপ্তক শক্তি ব্যৱহাৰ কৰাৰ লগতে যুদ্ধৰ একাদশ নিশাও আত্মঘাতী দল গঠন কৰে। যুদ্ধৰ ত্ৰয়োদশ দিনা অৰ্জুনক পৰাজিত কৰিব নোৱাৰিব বুলি জানিও তেওঁ অৰ্জুনক চক্ৰবেহুৰপৰা আঁতৰাই ৰাখিছিল। তেওঁক এই কাম দিয়া হৈছিল কাৰণ কৌৰৱ সেনাপতি দ্ৰোণাচাৰ্যই যুধিষ্ঠিৰক বন্দী কৰিবলৈ চক্ৰবেহুৰ ৰচনা কৰিছিল আৰু পাণ্ডৱ সৈন্যৰ কোনোৱেই অৰ্জুনৰ বাহিৰে চক্ৰবেহু ভাঙিব নাজানিছিল। সেইদিনা যুদ্ধত অৰ্জুনে নিজৰ ভাতৃসকলৰ সৈতে নিৰ্ভীক সুশৰ্মাক হত্যা কৰিছিল।
কিম্বদন্তি
[সম্পাদনা কৰক]
কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত সুশৰ্মাই মৎস্য ৰাজ্যৰ ৰজা বিৰাটক আক্ৰমণ কৰে যদিও ভীমৰ হাতত পৰাস্ত হয়। ঠিক যেনেকৈ অৰ্জুনে গাণ্ডীৱ প্ৰণাম কৰাৰ দৰে তেৱোঁ নিজৰ ধনু “ৰক্তবীজ’’ক প্ৰণাম কৰে, যিখন ধনুৰদ্বাৰা অৰ্জুন নিধনৰ বাবে তেওঁ কুৰুক্ষেত্ৰত প্ৰলয়ৰ সৃষ্টি কৰিছিল। যুদ্ধৰ তেৰ তাৰিখে অৰ্জুনক অন্যমনস্ক কৰি ৰখাৰ দায়িত্ব সুশৰ্মাৰ আছিল। তেৰ দিনৰদিনা দ্ৰোণে কৌৰৱ বাহিনীক যুধিষ্ঠিৰক হত্যা কৰিবলৈ চক্ৰবেহু গঠনত সংগঠিত হ’বলৈ নিৰ্দেশ দিলে। অৰ্জুন আৰু কৃষ্ণই বেহু ভাঙিব জানে বুলি জানি সুশৰ্মাই তেওঁলোকক যুদ্ধৰপৰা আঁতৰাই নিলে, যাতে তেওঁলোক চক্ৰবেহুৰপৰা আঁতৰত থাকিব পাৰে।[2] যুদ্ধৰ অন্তিম দিনটোত তেওঁৰ বাকী সৈন্যই পিছুৱাই যোৱাৰ সময়ত অৰ্জুনে তেওঁক হত্যা কৰে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Chakravarti, Bishnupada (2007-11-13) (en ভাষাত). Penguin Companion to the Mahabharata. Penguin UK. পৃষ্ঠা. 46. ISBN 978-93-5214-170-8. https://books.google.com/books?id=ivQ6CwAAQBAJ&dq=susharma+trigarta&pg=PT46.
- ↑ "Brief biographies of some main characters in the Mahâbhârata and Bhâgavata Purâna (S'rîmadBhâgavatam)". VAHINIVahini.org. http://vahini.org/downloads/familytree.html। আহৰণ কৰা হৈছে: 17 July 2016.
- ↑ "The Mahabharat, Book 8: Karna Parva: Section 53". www.sacred-texts.com. https://www.sacred-texts.com/hin/m08/m08053.htm। আহৰণ কৰা হৈছে: 2020-06-09.