সুষমা শেঠ
সুষমা শেঠ | |
---|---|
![]() ২০১৩ চনত সুষমা শেঠ | |
জন্ম | ২০ জুন, ১৯৩৬ (৮৯ বছৰ) দিল্লী, বিট্ৰিছ ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৫৬–২০১৮[1] |
সন্তান | ৩ |
আত্মীয়-স্বজন | দিব্যা শেঠ (কন্যা) |
সুষমা শেঠ (ইংৰাজী: Sushma Seth; জন্ম: ২০ জুন ১৯৩৬)[2] এগৰাকী ভাৰতীয় মঞ্চ, চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। ১৯৫০ চনত তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল, আৰু দিল্লীস্থিত নাট্যগোষ্ঠী যাত্ৰীকৰ প্ৰতিষ্ঠাপক সদস্য আছিল। ১৯৭৮ চনত তেওঁৰ প্ৰথম ছবি জুনুন মুক্তি পাইছিল। চলচ্চিত্ৰ আৰু দূৰদৰ্শনত মাতৃ আৰু আইতাকৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।[3] বি আৰ চোপ্ৰাৰ নাটক টাৱাইফ (১৯৮৫)ত আমিনা বাইৰ চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে। তেওঁ দেৱৰাজ অংকুৰ, ৰাম গোপাল বাজাজ, মনীষ যোশী বিছমিল আৰু চন্দৰ শেখৰ শৰ্মাৰ দৰে বিখ্যাত পৰিচালকৰ সৈতে কাম কৰিছে।[4] ভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি ১৯৯২ চনত মুক্তি প্ৰাপ্ত চলচ্চিত্ৰ হীৰ ৰাঞ্জাত তেওঁ অভিনয় কৰিছিল৷[5][6]
জীৱনী
[সম্পাদনা কৰক]দিল্লীত ডাঙৰ-দীঘল হোৱা সুষমাই নতুন দিল্লীৰ কনভেণ্ট অৱ জিছুছ এণ্ড মেৰীত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ নতুন দিল্লীৰ লেডী ইৰউইন কলেজত গৃহ বিজ্ঞানত শিক্ষক প্ৰশিক্ষণ ডিপ্লমা, নিউয়ৰ্কৰ ব্ৰায়াৰক্লিফ কলেজৰ বিজ্ঞান বিভাগত এছ’চিয়েট ডিপ্লমা আৰু পিছলৈ আমেৰিকাৰ পিটচবাৰ্গৰ কাৰ্নেগী মেলনৰ পৰা সূক্ষ্ম কলাত স্নাতক ডিগ্ৰী লাভ কৰে।[7]
সুষমা শেঠ আৰু তেওঁৰ স্বামী ব্যৱসায়ী ধ্ৰুৱ শেঠৰ তিনিগৰাকী সন্তান আছে।[8] ইয়াৰ ভিতৰত দিব্যা শেঠ এগৰাকী অভিনেত্ৰী, তেওঁ মাকৰ সৈতে হাম লগ আৰু দেখ ভাই দেখত অভিনয় কৰিছিল।[9][10]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Stage plays performed from 1956-1990". http://sushmaseth.com/theatre.php। আহৰণ কৰা হৈছে: 6 December 2015.
- ↑ "Sushma Seth Birthday: 42 की उम्र में सुषमा ने सिनेमा में किया था डेब्यू, कई दिग्गज कलाकारों की बनीं दादी-नानी". https://www.abplive.com/entertainment/bollywood/birthday-special-bollywood-actress-sushma-seth-career-films-lifestyle-family-net-worth-unknown-facts-2435320/amp। আহৰণ কৰা হৈছে: 2 May 2024.
- ↑ Sinha, Meenakshi (12 August 2010). "I am still called Hum Log's dadi: Sushma Seth". The Times of India. https://timesofindia.indiatimes.com/city/delhi/I-am-still-called-Hum-Logs-dadi-Sushma-Seth/articleshow/6296379.cms.
- ↑ "Films yes, but she roots for theatre". The Hindu (Chennai, India). 5 February 2007. http://www.hindu.com/2007/02/05/stories/2007020504700200.htm.
- ↑ Mudgal, Shubha (6 April 2013). "More power to Heer". mint. https://www.livemint.com/Leisure/nWcN5ISlrVgfQJvjrENHbM/More-power-to-Heer.html.
- ↑ Sarkar, Suparno (28 February 2018). "Sridevi funeral: Shocking similarities emerge between Hawa Hawai actress and murdered Priya Rajvansh". ibtimes.co.in. https://www.ibtimes.co.in/sridevi-funeral-shocking-similarities-emerge-between-hawa-hawai-actress-murdered-priya-rajvansh-762201.
- ↑ "Educational Qualifications". http://sushmaseth.com/profile.php.
- ↑ Gupta, Monika & Cardozo, William M (May 2008). "The Star Mum". City Cheers.
- ↑ Mishra, Garima (7 July 2009). "An episode in history". The Indian Express. http://archive.indianexpress.com/news/an-episode-in-history/485943/0.
- ↑ "'Was taught to treat myself with utmost respect': Divya Seth Shah pens note on body positivity" (en ভাষাত). The Indian Express. 2 April 2021. https://indianexpress.com/article/lifestyle/life-style/self-respect-divya-seth-shah-birthday-sushma-seth-body-positivity-fitness-yoga-selflove-7254497/। আহৰণ কৰা হৈছে: 13 May 2021.