সুস্মিতা মংসাতাবম
| সুস্মিতা মংসাতাবম | |
|---|---|
| জন্ম | সুস্মিতা মংসাতাবম ৮ ডিচেম্বৰ, ১৯৯৪ লুৱাংছাংবাম আৱাং লেইকাই, মণিপুৰ বৰ্তমান ঠিকনা: আল্লাহুপ, মণিপুৰ |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনেত্ৰী, গায়িকা |
| দাম্পত্যসঙ্গী | নীতিৰঞ্জন কোনছাম |
সুস্মিতা মংসাতাবম এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা যিয়ে প্ৰধানকৈ মেইতেই (মণিপুৰী) ছবিত অভিনয় কৰে।[1][2] তেওঁ নৰ্থ পইণ্ট হাইয়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰাই স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। থাবাটন চিনেমাত মুখ্য অভিনেত্ৰী হিচাপে তেওঁ সুপৰিচিত।[3]
কেৰিয়াৰ
[সম্পাদনা কৰক]তেওঁ তেৰ বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল, যেতিয়া তেওঁ অষ্টম শ্ৰেণীত পঢ়ি আছিল। পৰিয়ালৰ ভিতৰত তেৱেঁই একমাত্ৰ ব্যক্তি যিয়ে গায়ন-বায়ন আৰু অভিনয়ক পেছা হিচাপে গ্ৰহণ কৰে। চিনেমালৈ অহাৰ আগতে তেওঁ সংগীতৰ কেৰিয়াৰ গঢ় দিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কিছু বিখ্যাত গীত হ'ল Noklunu Minokto Atoppa Canada, Ningjaba Mana Nungshiba Mana, Leiraroidara Khallui Taibangsida, Ningthou Machasu Kallakte। পিছলৈ মাকৰ প্ৰবল সমৰ্থনত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ প্ৰথমখন ছবি হৈছে চাহি তাৰামাৰী। কিন্তু ২০১৩ চনত বিজগুপ্ত লাইশ্ৰমৰ হিট ছবি থাবাটনত থাবাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেছি পৰিচিত আৰু জনপ্ৰিয় হৈ পৰিছিল।[4][5] ইয়াৰ পিছত তেওঁ কেইবাখনো ছবি নিৰ্মাণ কৰিছে। তেওঁৰ জনপ্ৰিয় ছবিসমূহৰ ভিতৰত লামফু টম্বা, অমুক্তা অনি, চৌ চৌ মোমো না হাওবাৰা শ্বিংজু বৰা না অইনাম্বৰা, হাইদোকপা যাদে, থাবাটন ২, আংগাংবা মায়েক (পিজ্জা ২) উল্লেখযোগ্য।
সন্মান
[সম্পাদনা কৰক]সুস্মিতা মংসাতাবম বিভিন্ন চলচ্চিত্ৰ বঁটা আৰু উৎসৱত সন্মানিত হৈছিল।
| বঁটা | শ্ৰেণী | চলচ্চিত্ৰ | তথ্যসূত্ৰ |
|---|---|---|---|
| ৭তম সাহিত্য সেৱা সমিতি MANIFA 2018 | সৰ্বশ্ৰেষ্ঠ প্লেবেক গায়িকা থাবুম কয়া ইয়ামলাকলে গীতৰ বাবে | খুত্চা আনি | [6] |
| ৮তম সাহিত্য সেৱা সমিতি MANIFA 2019 | সৰ্বশ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী | আমুক্তাং গা হৈখো | [7] |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Sushmita Mangsatabam - Movies, Biography, News, Age & ...". in.bookmyshow.com. https://in.bookmyshow.com/person/sushmita-mangsatabam/2025977। আহৰণ কৰা হৈছে: 7 October 2024.
- ↑ "Sushmita Mangsatabam Interview and profile - E-rang". e-pao.org. https://e-pao.org/erang/Singer/Sushmita_Mangsatabam_Interview_and_profile.php। আহৰণ কৰা হৈছে: 7 October 2024.
- ↑ "Sushmita Mangsatabam - Kanglei Movies". kangleimovies.com. https://kangleimovies.com/?celebrity=sushmita-mangsatabam.[সংযোগবিহীন উৎস]
- ↑ "Dy CM raises NE Film City in State banner : 06th oct14 ~ E-Pao! Headlines". e-pao.net. http://e-pao.net/GP.asp?src=3..061014.oct14.
- ↑ "থবাতোন - ২, শুমহৎয়াই পুব ফিল্ম অম" (mni ভাষাত). hueiyenlanpao.com. Archived from the original on 2024-11-30. https://web.archive.org/web/20241130113800/http://hueiyenlanpao.com/wp-content/uploads/2016/07/oct-23-2014-4.pdf। আহৰণ কৰা হৈছে: 2025-02-27.
- ↑ "7th SSS MANIFA Manipuri Film Awards Complete Winners' List". www.manipurpost.com. Archived from the original on 2018-02-12. https://web.archive.org/web/20180212212642/http://www.manipurpost.com/2018/02/7th-sss-manifa-manipuri-film-award-complete-winners-list/। আহৰণ কৰা হৈছে: 2025-04-03.
- ↑ "SSS Manipuri Film Award : Meitan Araba takes away top prizes : 12th feb19 ~ E-Pao! Headlines". e-pao.net. http://e-pao.net/GP.asp?src=16..120219.feb19। আহৰণ কৰা হৈছে: 7 October 2024.