সমললৈ যাওক

সুহানা থাপা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুহানা থাপা

২০১৯ চনত সুহানা থাপা
জন্ম ৮ মে', ১৯৯৮ (২৭ বছৰ)
কাঠমাণ্ডু, নেপাল
ৰাষ্ট্ৰীয়তা নেপালী
শিক্ষানুষ্ঠান জৰ্জ মেছন বিশ্ববিদ্যালয় (মাৰ্কেটিং)
পেচা অভিনেত্ৰী, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ২০১৯-বৰ্তমান
পিতৃ-মাতৃ ঝৰ্ণা থাপা (মাতা)
সুনীল কুমাৰ থাপা (পিতা)


সুহানা থাপা (জন্ম: ৮ মে' ১৯৯৮) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ নেপালৰ প্ৰসিদ্ধ অভিনেত্ৰী ঝৰ্ণা থাপা আৰু প্ৰযোজক সুনীল কুমাৰ থাপাৰ কন্যা। সুহানাই নিজৰ প্ৰাৰম্ভিক শিক্ষা কাঠমাণ্ডুত গ্ৰহণ কৰি উচ্চ শিক্ষাৰ বাবে আমেৰিকা গৈ জৰ্জ মেছন বিশ্ববিদ্যালয়ত মাৰ্কেটিং বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[1]

অভিনয় জীৱন

[সম্পাদনা কৰক]

সুহানাই ২০০২ চনত শিশু অভিনেত্ৰী হিচাপে এ মেৰো হুজুৰ চলচ্চিত্ৰৰ জৰিয়তে অভিনয় আৰম্ভ কৰে।[2] তাৰ পিছত, তেওঁ ২০১৭ চনৰ এ মেৰো হুজুৰ ২ ছবিত প্ৰযোজক হিচাপে কাম কৰে আৰু ২০১৯ চনৰ এ মেৰো হুজুৰ ৩ চলচ্চিত্ৰত মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। ২০২২ চনৰ এ মেৰো হুজুৰ ৪ ছবিতো তেওঁ মুখ্য ভূমিকাত অভিনয় কৰে।

পুৰস্কাৰ

[সম্পাদনা কৰক]

সুহানাই এ মেৰো হুজুৰ ৩ চলচ্চিত্ৰৰ বাবে ২০২০ চনৰ কামনা ফিল্ম এৱাৰ্ড আৰু নেফ্টা ফিল্ম এৱাৰ্ডত উৎকৃষ্ট নতুন অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

সুহানা থাপা সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়। তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্ট হৈছে suhanathapa

চলচ্চিত্ৰ তালিকা

[সম্পাদনা কৰক]
  • ২০০২ - এ মেৰো হুজুৰ (শিশু অভিনেত্ৰী)
  • ২০১৭ - এ মেৰো হুজুৰ ২ (প্ৰযোজক)
  • ২০১৯ - এ মেৰো হুজুৰ ৩ (মুখ্য অভিনেত্ৰী)
  • ২০২২ - এ মেৰো হুজুৰ ৪ (মুখ্য অভিনেত্ৰী)
  • ২০২৩ - এক ভাগৱত ৰ এক গীতা

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]