সুহাশিনী দাস
| সুহাশিনী দাস | |
|---|---|
| জন্ম | ১৯১৫ জগন্নাথপুৰ, সুনাগমণি |
| মৃত্যু | ৩০ মে' ২০০৯ ছিলেট |
| নাগৰিকত্ব | বাংলাদেশ |
| পেচা | সমাজকৰ্মী |
| ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
সুহাশিনী দাস (ইংৰাজী: Suhasini Das; ১৯১৫ - ৩০ মে ২০০৯) বাংলাদেশৰ এগৰাকী ব্ৰিটিছ বিৰোধী কৰ্মী, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু বিভাজনৰ পূৰ্বে, বিভাজনৰ সময়ত আৰু পিছত পূব বংগৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।
জীৱনী
[সম্পাদনা কৰক]১৯১৫ চনত পূব বংগৰ সুনামগঞ্জ জিলাৰ জগন্নাথপুৰ গাঁৱত সুহাশিনী দাসৰ জন্ম হৈছিল।[1] তেওঁৰ পিতৃ-মাতৃ আছিল পৰিমোহন আৰু শোভা ৰায়৷ তেওঁৰ দুজন সৰু ভাই আৰু দুগৰাকী সৰু ভনীয়েক আছিল।[2] ১৮ বছৰ বয়সত কুটি-চান্দ প্ৰেছৰ মালিক কুমুদ চন্দ্ৰ দাস নামৰ এজন ব্যৱসায়ীৰ লগত তেওঁ বিবাহ সম্পন্ন হৈছিল।[2]
তেওঁ নিজৰ ঘৰখন সূতা বনোৱা আৰু চৰখাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে। ইয়াৰ বাবে ধন আগবঢ়াবলৈ তেওঁ স্বামীৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী সূত্ৰে পোৱা ধন ব্যৱহাৰ কৰিছিল।[2] চৰখা ভাৰতৰ স্বাধীনতাৰ প্ৰতীক হৈ পৰে আৰু ১৯৪০ চনৰ ২০ জানুৱাৰীত দাসে ঘোষণা কৰে যে তেওঁ গোটেই জীৱন কেৱল খদ্দৰৰ কাপোৰহে পিন্ধিব।[3]
দাস গান্ধীৰ সমৰ্থক আছিল।[4] ১৯৪২ চনত গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত ত্যাগ আন্দোলনত সুহাশিনী দাসে যোগদান কৰে৷ দাসক আন সদস্যৰ সৈতে কাৰাগাৰত ভৰাই থোৱা হৈছিল।[5] ১৯৪৩ চনত সুহাশিনী দাসক জেলৰ পৰা মুকলি কৰি দিয়া হয়।[6] তেওঁ অসহযোগ আন্দোলনৰ সমৰ্থক আছিল।[7] পিছলৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।[3]
১৯৪৭ চনত বিভাজনৰ সময়ত দাসে চিলেট অঞ্চলত বহুল ভ্ৰমণ কৰিছিল৷ হিন্দু লোকসকলক ঘৰতে থাকিবলৈ উৎসাহিত কৰিছিল আৰু তেওঁলোকৰ ভয়ক শান্ত কৰিবলৈ চেষ্টা কৰিছিল।[8] ১৯৪৬ চনৰ পৰা ১৯৪৭ চনলৈকে দাসে তাত সংঘটিত সংঘৰ্ষৰ পিছত লীলা ৰয়ে স্থাপন কৰা সোতৰটা শিবিৰৰ ভিতৰত এটা নোয়াখালিৰ এটা সাহায্য শিবিৰত কাম কৰিছিল।[9] তাত কাম কৰি থাকোঁতে তেওঁ ছমপক্সত আক্ৰান্ত হয় আৰু সুস্থ হৈ উঠাৰ সময়ত গান্ধীয়ে তেওঁক লগ কৰে।[5]
বিভাজনৰ পিছত দাসে ৰংৰীকুল আশ্ৰম প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল আৰু শেষত তেওঁ নেত্ৰী হৈছিল।[2]
১৯৭১ চনত স্বাধীনতাৰ সময়ত দাসৰ নেতৃত্বই আশ্ৰমখনক সুৰক্ষা দিছিল।[2] স্বাধীনতাৰ পিছত দাসে ৰাজনীতি এৰি সামাজিক আৰু ধৰ্মীয় কামত মনোনিৱেশ কৰে।[3][8] কিন্তু ১৯৭৩ চনত তেওঁ দিল্লীত ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামীসকলৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ সংগ্ৰামত পূব বংগৰ লোকসকলৰ ভূমিকাক আলোকপাত কৰিছিল।[3]
১৯৮৬ চনত নেপালত অনুষ্ঠিত হোৱা বিশ্ব হিন্দু কংগ্ৰেছত দাসে অংশগ্ৰহণ কৰে।[3] ধৰ্মীয় সহনশীলতা আৰু বুজাবুজি তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল আৰু ১৯৯০ চনত মছজিদ আৰু মন্দিৰত আক্ৰমণৰ পিছত হিন্দু আৰু মুছলমানৰ মাজত বিশ্বাস পুনৰ ঘূৰাই অনাৰ বাবে দাসে কাম কৰিছিল।[3]
বঁটা
[সম্পাদনা কৰক]১৯৯৭ চনত বাংলাদেশে ‘সমাজ সেৱা’ৰ বাবে দাসক সৰ্বোচ্চ বঁটা প্ৰদান কৰে।[2]
মৃত্যু
[সম্পাদনা কৰক]২০০৯ চনৰ ৩০ মে'ত চিলেটত সুহাশিনী দাসৰ মৃত্যু হয়।[10][3] ২৫ মে'ত গা ধুই থকাৰ সময়তে তেওঁ পৰি গৈছিল আৰু চিকিৎসালয়ত ভৰ্তি হৈছিল।[2] তেওঁৰ মৃত্যুৰ খবৰ পাই চিকিৎসালয়ৰ বাহিৰত মানুহৰ ভিৰ হৈছিল।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Bagchi, Jasodhara; Ghosh, Subhasri (2009). The trauma and the triumph : gender and partition in eastern India. প্ৰকাশক Kolkata: Stree. পৃষ্ঠা. 168. ISBN 978-81-85604-55-8.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 (bn ভাষাত)bdnews24.com. https://bangla.bdnews24.com/bangladesh/article436027.bdnews.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 3.6 "আৰ্কাইভ কপি". www.goldenfeminabd.com. Archived from the original on 2020-10-08. https://web.archive.org/web/20201008203526/http://www.goldenfeminabd.com/eminentPeople/55.html। আহৰণ কৰা হৈছে: 2020-08-02.
- ↑ Hossain, Ashfaque (2013). "The Making and Unmaking of Assam-Bengal Borders and the Sylhet Referendum*" (en ভাষাত). Modern Asian Studies খণ্ড 47 (1): 250–287. doi:10.1017/S0026749X1200056X. ISSN 0026-749X. https://www.cambridge.org/core/journals/modern-asian-studies/article/making-and-unmaking-of-assambengal-borders-and-the-sylhet-referendum/A75509398FB7B75CF274CA11A399B581.
- ↑ 5.0 5.1 "আৰ্কাইভ কপি". The Daily Ittefaq. Archived from the original on 2019-07-11. https://web.archive.org/web/20190711131409/https://archive1.ittefaq.com.bd/print-edition/eid-magazine/2015/07/16/60928.html.
- ↑ "Quit India Movement: Sylhet experience | Bangladesh on Record". https://bangladeshonrecord.com/collection/suhasini-das-quit-india-sylhet/#.YgDNb-pByUk। আহৰণ কৰা হৈছে: 2022-02-07.
- ↑ "510 Suhasini Das, A partition diary". www.india-seminar.com. https://www.india-seminar.com/2002/510/510%20suhasini%20das.htm। আহৰণ কৰা হৈছে: 2020-08-02.
- ↑ 8.0 8.1 Khan, Yasmin (2007). The great Partition : the making of India and Pakistan. Yale University Press. পৃষ্ঠা. 146. ISBN 978-0-300-12078-3.
- ↑ Ghosh, Biswaroop (2011). "Religion and Politics in Bengal: The Noakhali Carnage 1946-47". Proceedings of the Indian History Congress খণ্ড 72: 944. ISSN 2249-1937. http://www.jstor.org/stable/44146785.
- ↑ "আৰ্কাইভ কপি". 2011-06-23. Archived from the original on 2011-06-23. https://web.archive.org/web/20110623052545/http://www.dcsylhet.gov.bd/index.php?option=com_content&view=article&id=78&Itemid=88। আহৰণ কৰা হৈছে: 2020-07-28.