সমললৈ যাওক

সুহাশিনী দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুহাশিনী দাস
জন্ম ১৯১৫
জগন্নাথপুৰ, সুনাগমণি
মৃত্যু ৩০ মে' ২০০৯
ছিলেট
নাগৰিকত্ব বাংলাদেশ
পেচা সমাজকৰ্মী
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ


সুহাশিনী দাস (ইংৰাজী: Suhasini Das; ১৯১৫ - ৩০ মে ২০০৯) বাংলাদেশৰ এগৰাকী ব্ৰিটিছ বিৰোধী কৰ্মী, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু বিভাজনৰ পূৰ্বে, বিভাজনৰ সময়ত আৰু পিছত পূব বংগৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।

১৯১৫ চনত পূব বংগৰ সুনামগঞ্জ জিলাৰ জগন্নাথপুৰ গাঁৱত সুহাশিনী দাসৰ জন্ম হৈছিল।[1] তেওঁৰ পিতৃ-মাতৃ আছিল পৰিমোহন আৰু শোভা ৰায়৷ তেওঁৰ দুজন সৰু ভাই আৰু দুগৰাকী সৰু ভনীয়েক আছিল।[2] ১৮ বছৰ বয়সত কুটি-চান্দ প্ৰেছৰ মালিক কুমুদ চন্দ্ৰ দাস নামৰ এজন ব্যৱসায়ীৰ লগত তেওঁ বিবাহ সম্পন্ন হৈছিল।[2]

তেওঁ নিজৰ ঘৰখন সূতা বনোৱা আৰু চৰখাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে। ইয়াৰ বাবে ধন আগবঢ়াবলৈ তেওঁ স্বামীৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী সূত্ৰে পোৱা ধন ব্যৱহাৰ কৰিছিল।[2] চৰখা ভাৰতৰ স্বাধীনতাৰ প্ৰতীক হৈ পৰে আৰু ১৯৪০ চনৰ ২০ জানুৱাৰীত দাসে ঘোষণা কৰে যে তেওঁ গোটেই জীৱন কেৱল খদ্দৰৰ কাপোৰহে পিন্ধিব।[3]

দাস গান্ধীৰ সমৰ্থক আছিল।[4] ১৯৪২ চনত গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত ত্যাগ আন্দোলনত সুহাশিনী দাসে যোগদান কৰে৷ দাসক আন সদস্যৰ সৈতে কাৰাগাৰত ভৰাই থোৱা হৈছিল।[5] ১৯৪৩ চনত সুহাশিনী দাসক জেলৰ পৰা মুকলি কৰি দিয়া হয়।[6] তেওঁ অসহযোগ আন্দোলনৰ সমৰ্থক আছিল।[7] পিছলৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।[3]

১৯৪৭ চনত বিভাজনৰ সময়ত দাসে চিলেট অঞ্চলত বহুল ভ্ৰমণ কৰিছিল৷ হিন্দু লোকসকলক ঘৰতে থাকিবলৈ উৎসাহিত কৰিছিল আৰু তেওঁলোকৰ ভয়ক শান্ত কৰিবলৈ চেষ্টা কৰিছিল।[8] ১৯৪৬ চনৰ পৰা ১৯৪৭ চনলৈকে দাসে তাত সংঘটিত সংঘৰ্ষৰ পিছত লীলা ৰয়ে স্থাপন কৰা সোতৰটা শিবিৰৰ ভিতৰত এটা নোয়াখালিৰ এটা সাহায্য শিবিৰত কাম কৰিছিল।[9] তাত কাম কৰি থাকোঁতে তেওঁ ছমপক্সত আক্ৰান্ত হয় আৰু সুস্থ হৈ উঠাৰ সময়ত গান্ধীয়ে তেওঁক লগ কৰে।[5]

বিভাজনৰ পিছত দাসে ৰংৰীকুল আশ্ৰম প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল আৰু শেষত তেওঁ নেত্ৰী হৈছিল।[2]

১৯৭১ চনত স্বাধীনতাৰ সময়ত দাসৰ নেতৃত্বই আশ্ৰমখনক সুৰক্ষা দিছিল।[2] স্বাধীনতাৰ পিছত দাসে ৰাজনীতি এৰি সামাজিক আৰু ধৰ্মীয় কামত মনোনিৱেশ কৰে।[3][8] কিন্তু ১৯৭৩ চনত তেওঁ দিল্লীত ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামীসকলৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ সংগ্ৰামত পূব বংগৰ লোকসকলৰ ভূমিকাক আলোকপাত কৰিছিল।[3]

১৯৮৬ চনত নেপালত অনুষ্ঠিত হোৱা বিশ্ব হিন্দু কংগ্ৰেছত দাসে অংশগ্ৰহণ কৰে।[3] ধৰ্মীয় সহনশীলতা আৰু বুজাবুজি তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল আৰু ১৯৯০ চনত মছজিদ আৰু মন্দিৰত আক্ৰমণৰ পিছত হিন্দু আৰু মুছলমানৰ মাজত বিশ্বাস পুনৰ ঘূৰাই অনাৰ বাবে দাসে কাম কৰিছিল।[3]

১৯৯৭ চনত বাংলাদেশে ‘সমাজ সেৱা’ৰ বাবে দাসক সৰ্বোচ্চ বঁটা প্ৰদান কৰে।[2]

২০০৯ চনৰ ৩০ মে'ত চিলেটত সুহাশিনী দাসৰ মৃত্যু হয়।[10][3] ২৫ মে'ত গা ধুই থকাৰ সময়তে তেওঁ পৰি গৈছিল আৰু চিকিৎসালয়ত ভৰ্তি হৈছিল।[2] তেওঁৰ মৃত্যুৰ খবৰ পাই চিকিৎসালয়ৰ বাহিৰত মানুহৰ ভিৰ হৈছিল।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Bagchi, Jasodhara; Ghosh, Subhasri (2009). The trauma and the triumph : gender and partition in eastern India. প্ৰকাশক Kolkata: Stree. পৃষ্ঠা. 168. ISBN 978-81-85604-55-8. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 (bn ভাষাত)bdnews24.com. https://bangla.bdnews24.com/bangladesh/article436027.bdnews. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 "আৰ্কাইভ কপি". www.goldenfeminabd.com. Archived from the original on 2020-10-08. https://web.archive.org/web/20201008203526/http://www.goldenfeminabd.com/eminentPeople/55.html। আহৰণ কৰা হৈছে: 2020-08-02. 
  4. Hossain, Ashfaque (2013). "The Making and Unmaking of Assam-Bengal Borders and the Sylhet Referendum*" (en ভাষাত). Modern Asian Studies খণ্ড 47 (1): 250–287. doi:10.1017/S0026749X1200056X. ISSN 0026-749X. https://www.cambridge.org/core/journals/modern-asian-studies/article/making-and-unmaking-of-assambengal-borders-and-the-sylhet-referendum/A75509398FB7B75CF274CA11A399B581. 
  5. 5.0 5.1 "আৰ্কাইভ কপি". The Daily Ittefaq. Archived from the original on 2019-07-11. https://web.archive.org/web/20190711131409/https://archive1.ittefaq.com.bd/print-edition/eid-magazine/2015/07/16/60928.html. 
  6. "Quit India Movement: Sylhet experience | Bangladesh on Record". https://bangladeshonrecord.com/collection/suhasini-das-quit-india-sylhet/#.YgDNb-pByUk। আহৰণ কৰা হৈছে: 2022-02-07. 
  7. "510 Suhasini Das, A partition diary". www.india-seminar.com. https://www.india-seminar.com/2002/510/510%20suhasini%20das.htm। আহৰণ কৰা হৈছে: 2020-08-02. 
  8. 8.0 8.1 Khan, Yasmin (2007). The great Partition : the making of India and Pakistan. Yale University Press. পৃষ্ঠা. 146. ISBN 978-0-300-12078-3. 
  9. Ghosh, Biswaroop (2011). "Religion and Politics in Bengal: The Noakhali Carnage 1946-47". Proceedings of the Indian History Congress খণ্ড 72: 944. ISSN 2249-1937. http://www.jstor.org/stable/44146785. 
  10. "আৰ্কাইভ কপি". 2011-06-23. Archived from the original on 2011-06-23. https://web.archive.org/web/20110623052545/http://www.dcsylhet.gov.bd/index.php?option=com_content&view=article&id=78&Itemid=88। আহৰণ কৰা হৈছে: 2020-07-28.