সমললৈ যাওক

সুহাসিনী মণিৰত্নম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সুহাসিনি মনিৰত্নমৰ পৰা পুনঃনিৰ্দেশিত)
সুহাসিনী মণিৰত্নম
জন্ম সুহাসিনী চাৰুহাচান
১৫ আগষ্ট, ১৯৬১ (৬৪ বছৰ)
পৰমকুডি, মাদ্ৰাছ ষ্টেট, ভাৰত
(বৰ্তমানৰ তামিলনাডু)
পেচা অভিনয়,পৰিচালনা, প্ৰযোজনা
সক্ৰিয় হৈ থকা সময় ১৯৮০ ৰ পৰা বৰ্তমানলৈ
দাম্পত্যসঙ্গী মণি ৰত্নম (বি. ১৯৮৮)
সন্তান নন্দন (জ. ১৯৯২)

সুহাসিনী মণিৰত্নম (ইংৰাজী: Suhasini Maniratnam; জন্ম ১৫ আগষ্ট ১৯৬১) তেলুগু, মালয়ালম, তামিল আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী; যাক সাধাৰণতে সুহাসিনী নামেৰে জনা যায়। ১৯৮০ চনত তেওঁ তামিল ছবি 'নেনজাঠাই কিল্লাথে'ৰ জৰিয়তে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তামিল ছবি 'সিন্ধু ভৈৰৱ'ৰ বাবে তেওঁ ১৯৮৫ চনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।[1][2] তেওঁ দুটাকৈ 'কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ বঁটা (তেলুগু), তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ নন্দী বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে।[3]

অভিনেতা চাৰুহাচান আৰু কোমলমৰ তিনিজনী ছোৱালী সন্তানৰ সুহাসিনী আছিল মাজুজনী। তেওঁৰ দুজনী ভনীয়েকৰ নন্দিনী এগৰাকী চিকিৎসক আৰু আনজনী ভনীয়েক সুভাষিণী এগৰাকী ইংৰাজী ভাষাৰ শিক্ষক। তেওঁৰ নিকট-আত্মীয় চন্দ্ৰহাচান আৰু কমল হাচান তামিল চলচ্চিত্ৰ উদ্যোগৰ প্ৰখ্যাত ব্যক্তিত্ব।[4][5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

সুহাসিনীয়ে তেলুগু, মালয়ালম, তামিল আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। বহু কেইজন শীৰ্ষস্থানীয় অভিনেতাৰ মেক-আপ শিল্পী ৰূপে চলচ্চিত্ৰত কৰ্মজীৱন আৰম্ভ কৰিছিল। প্ৰথম অভিনয় তামিল ভাষাৰ 'নেনজাঠাই কিল্লাথে' ছবিত। ১৯৮০ৰ দশকত তামিল আৰু তেলুগু উভয় ভাষাৰ ছবিতে তেওঁ এগৰাকী শীৰ্ষৰ অভিনেত্ৰী আছিল। কন্নড় ভাষাত প্ৰথম অভিনয় কৰিছে- কে. বালচন্দ্ৰৰ 'বেনকিয়াল্লি আৰলিডা হুভু' (১৯৮৩), যিখন ছবি যথেষ্ট জনপ্ৰিয় হৈছিল। ৰাজেন্দ্ৰ সিং বাবুৰ বন্ধনৰ বৃহৎ সফলতাই তেওঁক কন্নড় ছবিত সু-প্ৰতিষ্ঠিত কৰিছিল। লগতে পৰৱৰ্তী বছৰবোৰত আৰু কেইখনমান হিট ছবি তেওঁ উপহাৰ দিবলৈ সক্ষম হৈছিল- 'মুথিনা হাৰ ' (১৯৯০),'সুপ্ৰভাত ', 'হেণ্ডথিগ হেলথিনী', 'অমৰুথবাসিনী ' আদি।[6] অভিনেতা বিষ্ণবৰ্দ্ধনৰ সৈতে তেওঁৰ জুটিটোক কন্নড় চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ জুটি বুলি বিবেচনা কৰা হয়। তেওঁলোক দুয়ো 'বন্ধন ', 'সুপ্ৰভাত ', 'মুথিনা হাৰ ', 'হেণ্ডথিগ হেলথিনী ', 'হিমপথ ', 'মথড় মথড় মল্লিগে ' 'স্কুল মাষ্টৰ ' আদি বহুতো ব্লুক-বাষ্টাৰ ছবি উপহাৰ দিছে। পদ্মৰাজনৰ 'কুডেভাইড' (১৯৮৩) ছবিৰে তেওঁৰ মালয়ালম ছবিত অভিষেক ঘটিছে। তামিল ছবি, কে. বালচন্দৰ পৰিচালিত 'সিন্ধু ভৈৰৱী'ত (১৯৮৫) অভিনয় কৰি তেওঁ ১৯৮৫ চনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[7][6]

পৰিচালকৰ ৰূপত

[সম্পাদনা কৰক]

১৯৯১ চনত সুহাসিনীয়ে মাদ্ৰাজ দূৰদৰ্শনৰ বাবে নৃতত্ত্বমূলক ক্ষুদ্ৰ ধাৰাবাহিক এখন পৰিচালনা কৰে। সুকীয়া সুকীয়া আঠটা খণ্ডৰ এই ধাৰাবাহিকখনত দক্ষিণ ভাৰতীয় মহিলাৰ জীৱনধাৰাৰ চিত্ৰিত কৰা হৈছে; য’ত তেওঁৰ সমকালীন অভিনেত্ৰী ৰেৱতী, ৰাধিকা শৰৎকুমাৰ, অমলা আক্কিনেনী আদিয়ে অভিনয় কৰিছে।[8][9][10]

তেওঁ পৰিচালনা কৰা প্ৰথম ছবি 'ইন্দিৰা' (১৯৯৬)। জি.ভি. ফিল্মছৰ এই ছবিখনত অনু হাচান আৰু অৰবিন্দ স্বামীয়ে মূল চৰিত্ৰত অভিনয় কৰিছিল। জাতি-ভেদ সমস্যা আৰু নতুন প্ৰজন্মই ইয়াক অতিক্ৰম কৰিবলৈ কৰা প্ৰচেষ্টাৰ কাহিনীৰে নিৰ্মিত ছবিখনে কিন্তু বক্স-অফিচত মুখ থেকেচা খাইছিল যদিও 'ইন্দিৰা'ই দুটাকৈ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল- এটা সন্তোষ চিবানলৈ শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফাৰ বঁটা আৰু আনটো বিশেষ জুৰী বঁটা। বেলাৰুচ আৰু জাপানকে ধৰি বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈছিল।[11][12]

আমাজন প্ৰাইমৰ 'পুথম পুধু কালাই'ৰ (২০২০) 'কফী এনিৱান' নামেৰে এটা খণ্ড সুহাসিনীয়ে পৰিচালনা কৰিছে।[13][14]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Getting to know Suhasini Mani Ratnam". Rediff.com. http://www.rediff.com/movies/2006/jul/14smr.htm আহৰণ কৰা হৈছে: 13 December 2011.
  2. "The Tribune – Windows – Main Feature". The Tribune. 12 April 2003. http://www.tribuneindia.com/2003/20030412/windows/main4.htm আহৰণ কৰা হৈছে: 13 December 2011.
  3. "Celeb couple Married to the medium". The Tribune. 12 April 2003. http://www.tribuneindia.com/2003/20030412/windows/main4.htm.
  4. https://web.archive.org/web/20000524202313/http://suhasini.com/personal.html
  5. Indian Cinema. Directorate of Film Festivals, Ministry of Information and Broadcasting. 1996. পৃষ্ঠা. 89. https://books.google.com/books?id=loF1AAAAIAAJ আহৰণ কৰা হৈছে: 30 July 2013.
  6. 1 2 "Film List of Suhasini Manirathnam| Lakshman Sruthi - 100% Manual Orchestra |". www.lakshmansruthi.com. Archived from the original on 2018-12-13. https://web.archive.org/web/20181213052824/http://www.lakshmansruthi.com/cineprofiles/suhasini-filmlist.asp আহৰণ কৰা হৈছে: 2019-05-25.
  7. "National Film Awards Archivesː33rd NFA". Directorate of Film Festivals, Govt. of India. 1986. http://dff.nic.in/Archive.aspx?ID=6 আহৰণ কৰা হৈছে: 18 October 2020.
  8. https://www.newindianexpress.com/opinions/2017/oct/12/penn-they-dont-make-them-like-these-anymore-1671443.html
  9. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/suhasini-maniratnam-is-in-search-of-something-special/articleshow/66654533.cms
  10. https://www.tribuneindia.com/2003/20030412/windows/main4.htm
  11. "Archived copy". Archived from the original on 22 October 2009. https://web.archive.org/web/20091022114157/http://www.jointscene.com/movies/Kollywood/Indira/534 আহৰণ কৰা হৈছে: 27 March 2012.
  12. https://web.archive.org/web/20000622031005/http://www.suhasini.com/movies.html
  13. https://www.sify.com/movies/putham-pudhu-kaalai-is-a-very-average-anthology-review-tamil-ukqg4Shgcejac.html
  14. https://www.thehindu.com/entertainment/movies/putham-pudhu-kaalai-movie-review-a-delightful-look-at-life-and-relationships-during-lockdown/article32862993.ece

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]