সুৰভি চান্দনা
| সুৰভি চান্দনা | |
|---|---|
২০১৯ চনত চান্দনা | |
| জন্ম | ১১ ছেপ্টেম্বৰ, ১৯৮৯ (৩৬ বছৰ)[1] বম্বে, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৯–বৰ্তমান |
| জনা যায় | ইশ্কবাজ সঞ্জীৱনী নাগিন ৫ শেৰদিল শেৰগিল |
| দাম্পত্যসঙ্গী | কৰণ শৰ্মা (বিবাহ ২০২৪) |
সুৰভি চান্দনা (ইংৰাজী: Surbhi Chandna; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। ‘ইশ্কবাজ’ত অনিকা ত্ৰিবেদী সিং অবেৰয় আৰু ‘নাগিন ৫’ত বাণী শৰ্মা সিংহানিয়াৰ চৰিত্ৰ ৰূপায়ণৰ বাবে চান্দনা ব্যাপকভাৱে পৰিচিত। এই দুয়োটা অভিনয়েই তেওঁক দুবাৰকৈ জনপ্ৰিয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ আই টি এ (ITA) বঁটা প্ৰদান কৰিছে।
চান্দনাই ২০০৯ চনত ‘তাৰাক মেহতা কা উল্টা চসমা’ত চুইটীৰ চৰিত্ৰত এক বিশেষ উপস্থিতিৰে (cameo) অভিনয় জীৱনৰ পাতনি মেলে। তেওঁ ‘কবুল হ্যায়’ত হায়া কুৰেছী হিচাপে প্ৰথমটো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ ‘সঞ্জীৱনী’ত ডা° ঈশানী আৰোৰা আৰু ‘শেৰদিল শেৰগিল’ত মনমিত শেৰগিলৰ চৰিত্ৰত অভিনয়ৰ বাবে পৰিচিত।[2] ২০২৪ চনত চান্দনাই আমাজন মিনি টিভিৰ ‘ৰক্ষক - ইণ্ডিয়াছ ব্ৰেভছ’ৰ জৰিয়তে ৱেব শ্ব’ জগতলৈও প্ৰসাৰিত হয়।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]সুৰভি চান্দনাৰ জন্ম ১৯৮৯ চনৰ ১১ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত হৈছিল।[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]চান্দনা আৰু উদ্যোগী কৰণ শৰ্মা ২০১০ চনৰেপৰা প্ৰেমৰ সম্পৰ্কত আছিল।[3][4] ১৩ বছৰ ধৰি ডেটিং কৰাৰ পাছত, ২০২৪ চনৰ ২ মাৰ্চত জয়পুৰত এক পৰম্পৰাগত হিন্দু বিবাহ অনুষ্ঠানৰ জৰিয়তে তেওঁলোক বিবাহপাশত আবদ্ধ হয়।[5][6]
সংবাদ মাধ্যমত
[সম্পাদনা কৰক]
টাইমছ অৱ ইণ্ডিয়াৰ ‘টেলিভিছনৰ আটাইতকৈ আকৰ্ষণীয় মহিলা’ৰ তালিকাত তেওঁ ২০১৮ চনত দ্বাদশ আৰু ২০২০ চনত চতুৰ্থ স্থান লাভ কৰিছিল।[7][8] যুক্তৰাজ্য ভিত্তিক সংবাদ পত্ৰ ইষ্টাৰ্ণ আইৰ ‘৫০ গৰাকী যৌন আবেদনময়ী এছীয় মহিলা’ৰ তালিকাত তেওঁ ২০১৮ চনত ১৬ নম্বৰ আৰু ২০১৯ চনত ৫ম স্থানত আছিল।[9][10] ২০২০ চনৰ ‘শীৰ্ষ ৫০ গৰাকী এছীয় চেলিব্ৰিটি’ৰ তালিকাত তেওঁ নৱম স্থান লাভ কৰিছিল। এই সন্দৰ্ভত মঞ্জু চন্দ্ৰনে উল্লেখ কৰিছিল যে, "২০২০ চনত টেলিভিছনৰ গুৰুত্ব বহুখিনি বৃদ্ধি পালে আৰু সৰু পৰ্দাৰ ৰাণী সুৰভিয়ে আধিপত্য বিস্তাৰ কৰিলে। এইগৰাকী প্ৰতিভাশালী অভিনেত্ৰীয়ে বিশ্বজুৰি সকলো প্ৰজন্মৰ দৰ্শকৰ সৈতে এনেদৰে সংযোগ স্থাপন কৰিলে যিটো আন কোনো এছীয় ব্যক্তিয়ে কৰা নাই।" [11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "On Surbhi Chandna's Birthday, Nakuul Mehta's Surprise for His Ishqbaaz Co-Star". News18. https://www.news18.com/news/movies/on-surbhi-chandnas-birthday-nakuul-mehtas-surprise-for-his-ishqbaaz-co-star-5946535.html। আহৰণ কৰা হৈছে: 11 September 2022.
- ↑ "Exclusive - Surbhi Chandna on Sherdil Shergill: The biggest apprehension for me was playing a mother on-screen, but my character Manmeet's story changed things". 23 September 2022. https://timesofindia.indiatimes.com/tv/news/hindi/exclusive-surbhi-chandna-on-sherdil-shergill-the-biggest-apprehension-for-me-was-playing-a-mother-on-screen-but-my-character-manmeets-story-changed-things/articleshow/94383772.cms.
- ↑ "Ishaqbaaz actor Surbhi Chandna shares cutest wedding announcement with boyfriend Karan Sharma". Hindustan Times. https://www.hindustantimes.com/entertainment/tv/ishaqbaaz-actor-surbhi-chandna-shares-wedding-announcement-with-karan-sharma-101705325961156.html। আহৰণ কৰা হৈছে: 2024-01-18.
- ↑ "Soon-to-be married Surbhi Chandna and Karan Sharma step out for their last date before their wedding" (en ভাষাত). 26 February 2024. https://timesofindia.indiatimes.com/tv/news/hindi/soon-to-be-married-surbhi-chandna-and-karan-step-out-for-their-last-date-before-their-wedding/articleshow/107995228.cms.
- ↑ "Bride-to-be Surbhi Chandna radiates elegance in golden sharara at her 'Chooda Ceremony'" (en ভাষাত). 2 March 2024. https://timesofindia.indiatimes.com/tv/news/hindi/bride-to-be-surbhi-chandna-radiates-elegance-in-golden-sharara-at-her-chooda-ceremony/articleshow/108161549.cms.
- ↑ "Surbhi Chandna marries longtime boyfriend Karan Sharma in Jaipur; see pics" (en ভাষাত). India Today. https://lwww.indiatoday.in/amp/television/celebrity/story/see-videos-pics-surbhi-chandna-marries-longtime-boyfriend-karan-sharma-in-jaipur-2509701-2024-03-02। আহৰণ কৰা হৈছে: 2024-03-04.[সংযোগবিহীন উৎস]
- ↑ "Meet The TV's 20 Most Desirable Actresses of 2018". 16 May 2019. https://timesofindia.indiatimes.com/tv/news/hindi/hina-khan-tops-the-times-20-most-desirable-women-on-tv-2018/articleshow/69281775.cms.
- ↑ "Meet The Times 20 Most Desirable Women on Television 2020" (en ভাষাত). 12 June 2021. https://timesofindia.indiatimes.com/tv/news/hindi/meet-the-times-20-most-desirable-women-on-television-2020/articleshow/83433752.cms.
- ↑ "50 Sexiest Asian Women: Deepika tops the list, Priyanka is in second position". The Indian Express. 6 December 2018. https://indianexpress.com/article/entertainment/bollywood/50-sexiest-asian-women-deepika-padukone-priyanka-chopra-5480941/lite/। আহৰণ কৰা হৈছে: 18 December 2018.
- ↑ "Alia Bhatt named Sexiest Asian Female of 2019; Deepika leads the decade chart". The Economics Times. https://economictimes.indiatimes.com/magazines/panache/alia-bhatt-named-sexiest-asian-female-of-2019-deepika-on-top-of-the-decade-chart/articleshow/72488808.cms.
- ↑ "Top 50 Asian celebrities of 2020: A countdown of Global stars who broke boundaries, did great work and made a positive impact!". Eastern Eye. 12 December 2020. https://www.easterneye.biz/top-50-asian-celebrities-of-2020/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত সুৰভি চান্দনা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- সুৰভি চান্দনা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত সুৰভি চান্দনা