সুৰভি জ্যোতি
| সুৰভি জ্যোতি | |
|---|---|
২০২২ চনত জ্যোতি | |
| জন্ম | ২৯ মে', ১৯৮৮ (৩৮ বছৰ) জলন্ধৰ, পঞ্জাব, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১০–বৰ্তমান |
| জনা যায় | কবুল হ্যায় নাগিন ৩ |
| দাম্পত্যসঙ্গী | সুমিত সূৰী (বি. ২০২৪) |
সুৰভি জ্যোতি (ইংৰাজী: Surbhi Jyoti; জন্ম: ২৯ মে' ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী দূৰদৰ্শন আৰু পঞ্জাবী চলচ্চিত্ৰত কাম কৰে। কবুল হ্যায় ধাৰাবাহিকত জয়া ফাৰুকী আহমেদ খানৰ চৰিত্ৰত কৰা অভিনয়ৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে। এই অভিনয়ৰ বাবে তেওঁ আইটিএ বঁটাৰ 'বৰ্ষটোৰ শ্ৰেষ্ঠ পৰফৰ্মাৰ'কে ধৰি কেইবাটাও সন্মান লাভ কৰে।
কালাৰ্ছ টিভিৰ অলৌকিক ধাৰাবাহিক নাগিন ৩ত বেলা সেহগল নামৰ নাগিনীৰ চৰিত্ৰত অভিনয় কৰি জ্যোতিয়ে অধিক ব্যাপক চৰ্চা লাভ কৰে, যাৰ বাবে তেওঁ ভাৰতীয় টেলিভিছন একাডেমী বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছিল। ২০২১ চনত তেওঁ সৌৰভ ত্যাগীৰ কমেডী-ড্ৰামা ক্যা মেৰী সোণম গুপ্তা বেৱফা হ্যায়?ৰ জৰিয়তে জছী গিলৰ বিপৰীতে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।[1]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৮৮ চনৰ ২৯ মে'ত[2][3][4] ভাৰতৰ পঞ্জাবৰ জলন্ধৰত জ্যোতিৰ জন্ম হৈছিল।[5][6] তেওঁ জলন্ধৰৰ শিৱ জ্যোতি পাব্লিক স্কুলৰপৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছত জলন্ধৰৰে হংস ৰাজ মহিলা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।[7] হংস ৰাজ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী হিচাপে তেওঁ তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সন্মান লাভ কৰিছিল।[8][9] জ্যোতিয়ে অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে এপিজে কলেজ অৱ ফাইন আৰ্টছৰপৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।[10]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০২৪ চনৰ ২৭ অক্টোবৰত উত্তৰাখণ্ডৰ জিম কৰবেট ৰিজৰ্টত এক পৰম্পৰাগত হিন্দু বিবাহ অনুষ্ঠানৰ জৰিয়তে জ্যোতিয়ে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক, অভিনেতা সুমিত সূৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[11][12] ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত এই দম্পতীয়ে তেওঁলোকৰ প্ৰথম সন্তান ২০২৬ চনৰ জুন মাহত আগমন হ’ব বুলি ঘোষণা কৰে।[13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Surbhi Jyoti excited about her film 'Kya Sonam Gupta Bewafa Hai?'". Mid-day.com. https://www.entertainment/bollywood-news/article/surbhi-jyoti-excited-about-her-film-kya-sonam-gupta-bewafa-hai-23190205। আহৰণ কৰা হৈছে: 31 August 2021.[সংযোগবিহীন উৎস]
- ↑ "Qubool Hai fame Surbhi Jyoti celebrates her birthday in Disneyland". The Times of India. 30 May 2016. https://timesofindia.indiatimes.com/tv/news/hindi/Qubool-Hai-fame-Surbhi-Jyoti-celebrates-her-birthday-in-Disneyland/articleshow/52510097.cms.
- ↑ "Surbhi Jyotis birthday celebrations will give you new #BirthdayGoals". India Today. 31 May 2016. https://www.indiatoday.in/television/celebrity/story/surbhi-jyoti-birthday-celebrations-disneyland-europe-qubool-hai-326553-2016-05-31। আহৰণ কৰা হৈছে: 18 August 2016. "So, the Qubool Hai actress just celebrated her 28th birthday"
- ↑ "Rithvik Danjani shares a sweet birthday post for friend Surbhi Jyoti; says, 'You're a spectacular human jhallo'". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/rithvik-danjani-shares-a-sweet-birthday-post-for-friend-surbhi-jyoti-says-youre-a-spectacular-human-jhallo/articleshow/83058448.cms.
- ↑ Kolwankar, Gayatri (28 May 2015). "TV's 'Zoya' turns a year older". The Times of India. https://timesofindia.indiatimes.com/tvs-zoya-turns-a-year-older/photostory/47384746.cms.
- ↑ Express News Service (13 March 2015). "My Space: Surbhi Jyoti, TV Actor". The Indian Express. http://indianexpress.com/article/entertainment/play/my-space-surbhi-jyoti-tv-actor/.
- ↑ "The Tribune, Chandigarh, India - JALANDHAR PLUS". sarangi.co.uk. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304085116/http://www.sarangi.co.uk/webpress/The%20Tribune,%20Chandigarh,%20India%20-%20JALANDHAR%20PLUS.htm। আহৰণ কৰা হৈছে: 30 September 2015.
- ↑ Tribune News Service (8 January 2009). "HMV girl is best speaker". The Tribune (Chandigarh) (Jalandhar). http://www.tribuneindia.com/2009/20090109/jplus1.htm.
- ↑ Tribune News Service (26 September 2008). "Jalandhar girl wins inter-college debate contest". The Tribune (Chandigarh) (Amritsar). http://www.tribuneindia.com/2008/20080927/aplus1.htm.
- ↑ Indo-Asian News Service (6 December 2012). "I've never seen any daily soaps: TV actress Surbhi Jyot". Zee News. http://zeenews.india.com/entertainment/idiotbox/i-ve-never-seen-any-daily-soaps-tv-actress-surbhi-jyoti_123977.html.
- ↑ "Surbhi Jyoti marries long time beau Sumit Suri, drops stunning pictures from wedding". Hindustan Times. 27 October 2024. https://www.hindustantimes.com/entertainment/others/surbhi-jyoti-marries-long-time-beau-sumit-suri-drops-stunning-pictures-from-wedding-101730045074562-amp.html। আহৰণ কৰা হৈছে: 28 October 2024.
- ↑ "Qubool Hai actor Surbhi Jyoti and Sumit Suri are now married. See wedding pics". India Today. 27 October 2024. https://www.indiatoday.in/television/celebrity/story/surbhi-jyoti-and-sumit-suri-are-now-married-wedding-pics-2624120-2024-10-27। আহৰণ কৰা হৈছে: 28 October 2024.
- ↑ "Surbhi Jyoti, husband Sumit Suri announce pregnancy: ‘Little love arriving this June’" (en ভাষাত). The Indian Express. https://indianexpress.com/article/entertainment/television/surbhi-jyoti-husband-sumit-suri-announce-pregnancy-10527179/। আহৰণ কৰা হৈছে: 2026-02-11.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত সুৰভি জ্যোতি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- সুৰভি জ্যোতি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।