সুৰাষ্ট্ৰী কৰ্ম ত্ৰিমূৰ্তি
সুৰাষ্ট্ৰী কৰ্ম ত্ৰিমূৰ্তি | |
|---|---|
ত্ৰিমূৰ্তি, ১৯৪৭ | |
| ১ম ইণ্ডোনেছিয়াৰ শ্ৰম মন্ত্ৰী | |
| কাৰ্যকাল ৩ জুলাই ১৯৪৭ – ২৯ জানুৱাৰী ১৯৪৮ | |
| ৰাষ্ট্ৰপতি | সুকৰ্ণ |
| উত্তৰসূৰী | কুছনান |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১১ মে', ১৯১২ চুৰাকৰ্তা, ডাচ ইষ্ট ইণ্ডিজ |
| মৃত্যু | ২০ মে', ২০০৮ (৯৬ বছৰ) জাকাৰ্টা, ইণ্ডোনেছিয়া |
| ৰাষ্ট্ৰীয়তা | ইণ্ডোনেছিয়ান |
| দাম্পত্যসঙ্গী | চায়ুতি মেলিক |
| সন্তান | মুছাফিৰ কৰ্ম বুদিমান (এম কে বুদিমান) হেৰু বস্কোৰো |
| শিক্ষানুষ্ঠান | অৰ্থনীতিৰ অনুষদ, ইণ্ডোনেছিয়া বিশ্ববিদ্যালয় (১৯৬০) |
সুৰাষ্ট্ৰী কৰ্ম ত্ৰিমূৰ্তি (Surastri Karma Trimurti; ১১ মে’ ১৯১২ – ২০ মে’ ২০০৮, যাক সাধাৰণতে এছ. কে. ত্ৰিমূৰ্তি বুলি জনা যায়) আছিল এগৰাকী ইণ্ডোনেছিয়ান সাংবাদিক, লেখিকা আৰু শিক্ষয়িত্ৰী। ত্ৰিমূৰ্তিয়ে ডাচ ইষ্ট ইণ্ডিজৰ বিপক্ষে ইণ্ডোনেছিয়াৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।[1] স্বাধীনতা লাভৰ পিছত ১৯৪৭-১৯৪৮ চনৰ ভিতৰত তেওঁ ইণ্ডোনেছিয়াৰ শ্ৰম মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।
জীৱনী
[সম্পাদনা কৰক]প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]সুৰাষ্ট্ৰী কৰ্ম ত্ৰিমূৰ্তিৰ জন্ম ১১ মে’ ১৯১২ তাৰিখে চলো, মধ্য জাভাত হৈছিল।[2] তেওঁ "সেকোলাহ গুৰু পুত্ৰী" নামৰ ছোৱালী বিদ্যালয়ত অধ্যয়ন কৰিছিল।[3][4]
স্বাধীনতা আন্দোলন
[সম্পাদনা কৰক]১৯৩০ৰ দশকত ত্ৰিমূৰ্তিয়ে ইণ্ডোনেছিয়াৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯৩৩ চনত তেওঁ ৰাষ্ট্ৰীয়তাবাদী দল পাৰ্টিণ্ডোত যোগদান কৰে।[4]
বিদ্যালয় শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত ত্ৰিমূৰ্তিয়ে প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে।[4] তেওঁৰ বান্দুং, চুৰাকৰ্তা আৰু বানুমাছত শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[4] কিন্তু ১৯৩৬ চনত নেদাৰলেণ্ডৰ চৰকাৰে স্বাধীনতা-সমৰ্থক লিফলেট বিলোৱা অপৰাধত তেওঁৰ গ্ৰেপ্তাৰ কৰে আৰু তেওঁক চেমাৰাংৰ বুলু কাৰাগাৰত ৰখা হয়।[1]
পিছলৈ ত্ৰিমূৰ্তিয়ে সাংবাদিকতাক পেছা হিচাপে গ্ৰহণ কৰে।[4] তেওঁ ত্ৰিমূৰ্তি বা কৰ্ম আদি ছদ্মনাম ব্যৱহাৰ কৰি বিভিন্ন সাময়িকীত লিখা-মেলা কৰিছিল, যাতে পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা কমে। তেওঁ Pesat, Genderang, Bedung আৰু Pikiran Rakyat আদি কাকতত কাম কৰিছিল।[4] তেওঁ নিজৰ স্বামীৰ সৈতে Pesat প্ৰকাশ কৰিছিল। জাপানী শাসনকালত এই কাকতখন নিষিদ্ধ কৰা হয় আৰু ত্ৰিমূৰ্তিকো পুনৰ আটক কৰি অত্যাচাৰ কৰা হয়।[5]

স্বাধীনতা লাভৰ পিছত
[সম্পাদনা কৰক]শ্ৰমজীৱীসকলৰ অধিকাৰ ৰক্ষাৰ সমৰ্থক হিচাপে ত্ৰিমূৰ্তিক ১৯৪৭ চনত আমিৰ শাৰিফুদ্দিন নেতৃত্বাধীন মন্ত্ৰীসভাই ইণ্ডোনেছিয়াৰ প্ৰথম শ্ৰম মন্ত্ৰী হিচাপে নিয়োগ কৰে। তেওঁ ১৯৪৮ চনলৈ এই দায়িত্ব পালন কৰে। ত্ৰিমূৰ্তিয়ে লেবাৰ পাৰ্টি অৱ ইণ্ডোনেছিয়াৰ কাৰ্যবাহী সদস্য আছিল আৰু মহিলাৰ শাখা Working Women’s Front-ৰ নেতৃত্ব দিছিল।[6]
১৯৫০ চনত তেওঁ Gerwis (পৰৱৰ্তীতে Gerwani) নামৰ মহিলা সংগঠনটোও স্থাপন কৰে। ১৯৬৫ চনত তেওঁ সংগঠনটোৰপৰা বাহিৰ হয়।[1] ৪১ বছৰ বয়সত ত্ৰিমূৰ্তিয়ে পুনৰ কলেজত ভৰ্তি হৈ ইণ্ডোনেছিয়া বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত অধ্যয়ন কৰে।[7] ১৯৫৯ চনত তেওঁক ইণ্ডোনেছিয়াৰ সমাজকল্যাণ মন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল, কিন্তু শিক্ষা সম্পূৰ্ণ কৰিবলৈ তেওঁ প্ৰস্তাৱটো নাকচ কৰে।[4]
১৯৮০ চনত ত্ৰিমূৰ্তি Petition of Fifty নামৰ ঐতিহাসিক পিটিচনত স্বাক্ষৰকাৰীসকলৰ অন্যতম আছিল, য’ত [চুহাৰ্তো ব্যৱহাৰ কৰা Pancasila-ৰ ৰাজনৈতিক অপব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছিল।[4][1]
মৃত্যু
[সম্পাদনা কৰক]সুৰাষ্ট্ৰী কৰ্ম ত্ৰিমূৰ্তিৰ মৃত্যু ২০ মে’ ২০০৮ তাৰিখে সন্ধ্যা ৬:২০ বজাত জাকাৰ্টাৰ গাটোচ সুব্ৰোতো সেনা চিকিৎসালয়ত (RSPAD) দুসপ্তাহ ধৰি চিকিৎসাধীন অৱস্থাত হয়।[8] মৃত্যুৰ পূৰ্বৰ এটা বছৰৰপৰা তেওঁৰ স্বাস্থ্যজনিত সমস্যাৰ ভুগি আছিল।[1]
ত্ৰিমূৰ্তিক কেন্দ্ৰীয় জাকাৰ্টাৰ ৰাষ্ট্ৰপতি ভৱনত "ইণ্ডোনেছিয়াৰ স্বাধীনতাৰ নাৰী-নায়িকা" হিচাপে ৰাজ্যিক সম্বৰ্দ্ধনা দিয়া হয়।[4] তেওঁৰ সমাধি Kalibata Heroes Cemetery-ত কৰা হয়।[3]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৩৮ চনত ত্ৰিমূৰ্তিয়ে ইণ্ডোনেছিয়াৰ স্বাধীনতা ঘোষণাৰ টাইপিষ্ট মুহাম্মদ ইবনু চায়ুতিৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয়।[1][5] মৃত্যুৰ পূৰ্বৰ অধিকাংশ সময় তেওঁ বেকাচি, পশ্চিম জাভাস্থিত ভাড়াগৃহত কাটাইছিল।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "Former governor Ali Sadikin, freedom fighter SK Trimurti die". Jakarta Post. 21 May 2008. https://www.thejakartapost.com/news/2008/05/21/former-governor-ali-sadikin-freedom-fighter-sk-trimurti-die.html। আহৰণ কৰা হৈছে: 18 October 2022.
- ↑ Agustina 2009, পৃষ্ঠা 120
- ↑ 3.0 3.1 Anwar 2009, পৃষ্ঠা 253
- ↑ 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 Yuliastuti, Dian (21 May 2008). "Freedom Fighter SK Trimurti Dies". Tempo Interactive. http://www.tempointeraktif.com/hg/nasional/2008/05/21/brk,20080521-123376,uk.html.
- ↑ 5.0 5.1 Anwar 2009, পৃষ্ঠা 254
- ↑ "Archived copy". http://www.library.uow.edu.au/adt-NWU/uploads/approved/adt-NWU20040324.163022/public/02Whole.pdf। আহৰণ কৰা হৈছে: 2004-10-12.
- ↑ Anwar 2009, পৃষ্ঠা 256
- ↑ Anwar 2009, পৃষ্ঠা 252
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Agustina, Fenita (2009). 100 Great Women: Suara Perempuan yang Menginspirasi Dunia. প্ৰকাশক Yogyakarta: Jogja Bangkit Publisher. ISBN 978-602-8620-28-4.
- Anwar, Rosihan (2009). Sejarah Kecil Petite Histoire Indonesia. প্ৰকাশক Jakarta: Penerbit Buku Kompas. ISBN 978-979-709-429-4.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- SK Trimurti dalam Tokoh Indonesia Archived 2010-05-27 at the Wayback Machine
- Potret Surastri Karma Trimurti Legenda Jurnalisme Indonesia Archived 2007-03-10 at the Wayback Machine