সমললৈ যাওক

সুৰেইয়া মুলতানিকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুৰেইয়া মুলতানিকাৰ

ঢাকাত সুৰেইয়া মুলতানিকাৰ (১৯৫৮)
স্থানীয় নাম ثُریّا مُلتانِیکر
জন্ম ১৯৪০ (বয়স ৮৫৮৬) [1]
মুলতান, পঞ্জাব, বিট্ৰিছ ভাৰত[1]
ৰাষ্ট্ৰীয়তা পাকিস্তানী
পেচা লোক-গায়িকা, নেপথ্য গায়িকা, কণ্ঠশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৫৫–বৰ্তমান
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদান কৰা প্ৰাইড অৱ পাৰ্ফমেন্স বঁটা (১৯৮৬)[1]
পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা সিতাৰা-ই-ইমতিয়াজ (ষ্টাৰ অৱ এক্সেলেন্স) বঁটা (২০০৮)[2]

সুৰেইয়া মুলতানিকাৰ (জন্ম ১৯৪০) এগৰাকী পাকিস্তানী গায়িকা৷ তেওঁ লোকগীতৰ গায়িকা হিচাপে বিশেষকৈ কাফিৰ বাবে পৰিচিত।[3] তেওঁ পাকিস্তানী ধ্ৰুপদী, অৰ্ধ-ধ্ৰুপদী, গজল, লোক-গীত, কাফি আৰু চলচ্চিত্ৰৰ গীত পৰিবেশন কৰে।[1]

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

[সম্পাদনা কৰক]

পঞ্জাবৰ মুলতানত সুৰেইয়া মুলতানিকাৰৰ জন্ম হৈছিল। শৈশৱৰ পৰাই তেওঁ গায়িকা হোৱাৰ সপোন দেখিছিল।[1] শৈশৱত তেওঁ চলচ্চিত্ৰৰ গীত শুনি আৰু তাৰ সুৰ আৰু গীতৰ অনুশীলন কৰিছিল।[4][1] পিছলৈ তেওঁ শাস্ত্ৰীয় সংগীতৰ দিল্লী ঘৰৰাণৰ গুলাম নবী খানৰ ওচৰত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে।[1][5]

১৯ বছৰ বয়সত মুলতানিকাৰে এবাৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আয়ুব খানে আয়োজন কৰা এখন সভাত গীত পৰিৱেশন কৰিছিল।[5]

মুলতানিকাৰৰ ৭টা সন্তান ডাঙৰৰ পৰা সৰুলৈকে ক্ৰমে মহম্মদ আলী, ব্ৰিটেইনৰ অস্থিৰোগ বিশেষজ্ঞ; ৰুকাইয়া ছাজ্জাদ; ৰমজান আলী, ছাইষ্টা, ৰাবিয়া, আলিয়া আৰু ৰাহত বানো।[6][7] তেওঁৰ কনিষ্ঠ কন্যা ৰাহত মুলতানিকাৰো মাতৃৰ দৰেই এগৰাকী লোক-গায়িকা।[8][6][9]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰেডিঅ' পাকিস্তান

[সম্পাদনা কৰক]

ৰেডিঅ'ত ১৫ বছৰ বয়সত তেওঁ পাকিস্তানী প্ৰবীণ সুৰকাৰ নিয়াজ হুছেইন শ্বামি আৰু আব্দুল হক কুৰেছিয়ে ৰচনা কৰা গীত গাইছিল।[9][6] গায়িকা হিচাপে তেওঁ ৰোচন আৰা বেগম, ওস্তাদ চালামত আলী খান, বড়ে ফাতেহ আলী খান আৰু মেহদি হাছানৰ ৰচনাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।[9]

চলচ্চিত্ৰ উদ্যোগ

[সম্পাদনা কৰক]

নেপথ্য গায়িকা হিচাপে মুলতানিকাৰৰ কৰ্মজীৱন অল্পকালীন আছিল।[5][10][11][6]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  • ১৯৫৯: সোণালী বঁটা
  • ১৯৬০: চট্টা গাং বঁটা
  • ১৯৭৫: গুলাম ফৰিদ বঁটা
  • ১৯৮০: গুলাম ফৰিদ বঁটা
  • ১৯৮২: যছন-ই-ফাৰীদ বঁটা
  • ১৯৮১: শ্বাইৰ-ই-মছৰিক বঁটা
  • ১৯৮২: শ্বাইৰ-ই-মছৰিক বঁটা
  • ১৯৮৬: পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰাইড অৱ পাৰফৰমেন্স বঁটা[1][10]
  • ২০০০: শ্বাহবাজ বঁটা
  • ২০০২: গুলাম ফৰিদ বঁটা
  • ২০০৮: পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা সিতাৰা-ই-ইমতিয়াজ বঁটা[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 Zulqarnain's Audio Archive (26 September 2014). "Profile of Suraiya Multanikar". The Friday Times newspaper. Archived from the original on 26 January 2023. https://web.archive.org/web/20230126193515/https://www.thefridaytimes.com/2014/09/26/suraiya-multanikar/.
  2. 1 2 "Thousands throng three-day event celebrating the best of arts, literature". The News International. December 2, 2021. https://www.thenews.com.pk/latest/440576-thousands-throng-three-day-event-celebrating-the-best-of-arts-literature.
  3. Suraiya Multanikar profile Archived 2023-01-26 at the Wayback Machine Retrieved 18 June 2018
  4. "A session with singers". The Nation. August 18, 2021. https://nation.com.pk/21-Sep-2019/a-session-with-singers.
  5. 1 2 3 Amel Ghani (14 December 2015). "Suraiya Multanikar: From a stubborn child to a celebrated singer". The Express Tribune newspaper. https://tribune.com.pk/story/1009510/suraiya-multanikar-from-a-stubborn-child-to-a-celebrated-singer/.
  6. 1 2 3 4 Alhamra organizes Kuch Yaadain Kuch Baatain for legendary singers to interact with fans Archived 2023-02-02 at the Wayback Machine Daily Times (newspaper), 21 September 2019, Retrieved 26 June 2020
  7. "The feminist few". The News International. September 22, 2021. https://www.thenews.com.pk/tns/detail/697385-the-feminist-few.[সংযোগবিহীন উৎস]
  8. "All Pakistan Music Conference concludes with a brilliant musical treat". Daily Times. January 12, 2022. https://dailytimes.com.pk/490271/all-pakistan-music-conference-concludes-with-a-brilliant-musical-treat.
  9. 1 2 3 Adnan Lodhi (31 May 2015). "Taking the craft forward". The Express Tribune (newspaper). https://tribune.com.pk/story/894951/taking-the-craft-forward/ আহৰণ কৰা হৈছে: 19 June 2018.
  10. 1 2 "Profile of Suraiya Multanikar". Cineplot.com website. http://cineplot.com/music/suraiya-multanikar/ আহৰণ কৰা হৈছে: 14 September 2024.
  11. "The forbidden jhumke (Badnaam (1966 film), an Urdu film based on Saadat Hasan Manto's short story 'Jhumke')". The Hindu newspaper. 19 September 2016. https://www.thehindu.com/features/cinema/The-forbidden-jhumke/article14988512.ece.