সমললৈ যাওক

সূৰয়া পাকজাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

'সূৰয়া পাকজাদ (ইংৰাজী: Suraya Pakzad) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।[1] ১৯৯৮ চনত তেওঁ 'ভইচ অৱ ৱমেন সংস্থা প্ৰতিষ্ঠা কৰে৷ সংস্থাটোৱে কিশোৰীসকলক পঢ়া-শুনাৰ দিশে আগুৱাই নিয়ে৷ পাছলৈ তেওঁলোকে মহিলাসকলক আশ্ৰয়, পৰামৰ্শ আৰু চাকৰিৰ প্ৰশিক্ষণ প্ৰদান কৰে।[2][3] তালিবানৰ বাবেই এই সংগঠনটোৱে ২০০১ চনলৈকে গোপনে কাম কৰিছিল।[4][3][2] আচলতে দুবাৰকৈ ধৰা পৰাৰ ভয়ত তেওঁলোকে নিজৰ কিতাপ জ্বলাই দিবলগীয়া হৈছিল।[5] ২০০১ চনত ভইচ অৱ ৱমেনক চৰকাৰী এন জি অ' হিচাপে নামকৰণ কৰা হয় আৰু ২০০২ চনত ই আফগানিস্তান চৰকাৰৰ সৈতে আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰে।[2] ইয়াৰ উপৰিও ই আফগান সংবিধানৰ বিকাশত সহায় কৰিছিল।[2]

পাকজাদে আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ পৰা আন্তৰ্জাতিক সাহসী মহিলা বঁটা আৰু আফগানিস্তানৰ ৰাষ্ট্ৰপতিৰ পৰা “মালালি পদক” লাভ কৰে৷ দুয়োটা পদকেই তেওঁ ২০০৮ চনত লাভ কৰে।[3][1] ২০০৯ চনত তেওঁক টাইম ১০০ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়।[6]

২০০৮ চনত আন্তঃৰাষ্ট্ৰীয় সাহসী মহিলাৰ বাবে বিদেশ সচিবৰ বঁটা। কণ্ডোলিজা ৰাইচৰ কাষত সূৰয়া পাকজাদ থিয় হৈ আছে (বাওঁফালে)

২০১০ চনত তেওঁ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী আৰু বাৰ্লিংটন কাউণ্টি কলেজৰ পৰা সন্মানীয় এছ'চিয়েট অৱ আৰ্টছ ডিগ্ৰী লাভ কৰাৰ লগতে ক্লিণ্টন গ্ল'বেল চিটিজেন বঁটা লাভ কৰে।[7] ২০১১ চনত নিউজউইকে তেওঁক ১৫০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰে-যিসকলে পৃথিৱী কঁপাই তুলিছে৷[8] ২০১২ চনত তেওঁ জাৰ্মানীৰ অষ্ট্ৰিয়া মহিলা নেতৃত্ব ফাউণ্ডেশ্যনৰ পৰা 'বছৰৰ মহিলা নেত্ৰী' বঁটা লাভ কৰে।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]