সমললৈ যাওক

সূৰ্যকান্তা পাটিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সন্মানীয়

সূৰ্যকান্তা পাটিল
सुर्यकांता पाटील
গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী & সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়
ভাৰত চৰকাৰ
কাৰ্যকাল
২০০৪ -২০০৯
প্ৰধানমন্ত্ৰী মনমোহন সিং
পূৰ্বসূৰী ভেংকায়া নাইডু
উত্তৰসূৰী অগাথা চাংমা সাঁচ:সৰু
V. নাৰায়ণসমী (সংসদীয় পৰিক্ৰমা)
লোকসভাৰ সাংসদ
কাৰ্যকাল
২০০৪-০৯
পূৰ্বসূৰী শিৱাজী মানে
উত্তৰসূৰী সুভাষ বাপুৰাও ৱাংখাড়ে
সমষ্টি হিংগলী
কাৰ্যকাল
১৯৯৮-১৯৯৯
পূৰ্বসূৰী শিৱাজী মানে
উত্তৰসূৰী শিৱাজী মানে
সমষ্টি হিংগলী লোক সভা সমষ্টি
কাৰ্যকাল
১৯৯১ – ১৯৯৬
পূৰ্বসূৰী ভেংকটেশ কাবদে
উত্তৰসূৰী গংগাধৰাও দেশমুখ কুনটুৰকাৰ
সমষ্টি নন্দেড়
ৰাজ্যসভাৰ সাংসদ
কাৰ্যকাল
১৯৮৬-১৯৯১
উত্তৰসূৰী ৰজনী পাটিল
সমষ্টি মহাৰাষ্ট্ৰ
মহাৰাষ্ট্ৰ বিধানসভা
কাৰ্যকাল
১৯৮০-৮৫
পূৰ্বসূৰী নিৱৰুত্তীৰাও পাৱাৰ-জোৱালগাঁওকাৰ
উত্তৰসূৰী বাপুৰাও সিন্ধে
সমষ্টি হাদগাঁও
ব্যক্তিগত তথ্য
জন্ম
সুৰ্যকান্তা জয়ৱান্তাৰাও পাটিল

১৫ আগষ্ট, ১৯৪৮ (৭৭ বছৰ)
ৰাজনৈতিক দল জাতীয়তাবাদী কংগ্ৰেছ দল (শৰদচন্দ্ৰ পাৱাৰ) (২০২৪–বৰ্তমান)
ভাৰতীয় জনতা পাৰ্টি (২০১৪–২০২৪)
জাতীয়তাবাদী কংগ্ৰেছ দল (২০০৪–২০১৪)
ভাৰতীয় জাতীয় কংগ্ৰেছ (২০০৪ চনলৈকে)
দাম্পত্যসঙ্গী আৰ বি মাস্কে
বাসস্থান ভাগ্য নগত, নন্দেড়
১৬ ছেপ্তেম্বৰ, ২০০৬-ৰ তথ্য
উৎস: [1]

সূৰ্য্যকান্তা পাটিল (জন্ম ১৫ আগষ্ট ১৯৪৮) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ মহাৰাষ্ট্ৰৰ হিংগোলী আৰু নন্দেদক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ সদস্য আছিল। পিছলৈ ২০১৪ চনত তেওঁ কংগ্ৰেছ দলৰ পদ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৷ তেওঁক সংগ দিয়ে ড. মাধৱৰাও কিনহালকাৰে৷[1][2]

তেওঁ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ জন্মস্থান মহাৰাষ্ট্ৰৰ ৱাইফানা৷ ১৯৬৬ চনত তেওঁ আৰ বে মাস্কেৰ সৈতে বৈবাহিক বান্ধোনত বান্ধ খায়৷ তেওঁ ১৯৯১-৯৬, ৯৮-৯৯ আৰু ২০০৪-০৯ লৈকে তিনিটা কাৰ্যকাল লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ অন্যহাতে ১৯৮৬ চনৰ পৰা ১৯৯১ চনলৈকে ৰাজ্যসভাত মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে৷

ৰাজনীতিত জড়িত হোৱাৰ তেওঁ সংবাদমাধ্যমৰ লগতো জড়িত হৈছিল৷ তেওঁ মাৰাঠী ভাষাৰ দৈনিক কাকত গোদাৱৰী টাইমছৰ সম্পাদক আছিল৷ তেওঁ জিলা সাংবাদিক সন্থাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল, যি আছিল (অখিল ভাৰতীয় পত্ৰকাৰ পৰিষদৰ সৈতে জড়িত এক অনুষ্ঠান৷ ইয়াৰ লগত তেওঁ ১৯৮০ চনৰ পৰা জড়িত হৈছিল।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "নিৰ্বাচনৰ পূৰ্বে এন চি পিয়ে শিৱসেনালৈ নেতাৰ পলায়ন দেখিছে, বিজেপি". http://www.firstpost.com/politics/ahead-polls-ncp-sees-exodus-leaders-shiv-sena-bjp-1731797.html। আহৰণ কৰা হৈছে: ২ ডিচেম্বৰ ২০১৫. 
  2. "Ahead of polls, NCP sees exodus of leaders to Shiv Sena, BJP". First Post. Sep 26, 2014. http://www.firstpost.com/politics/ahead-polls-ncp-sees-exodus-leaders-shiv-sena-bjp-1731797.html। আহৰণ কৰা হৈছে: 2 December 2015.