সমললৈ যাওক

সেঁজুতি সাহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সেঁজুতি সাহা

২০২৩ চনত সেঁজুতি
জন্ম ঢাকা, বাংলাদেশ
জাতীয়তা বাংলাদেশী
ক্ষেত্ৰ আনুবংশিক বিজ্ঞান, অণুজীৱবিজ্ঞান
কৰ্মস্থান চাইল্ড হেল‌্থ ৰিছাৰ্চ ফাউণ্ডেশ্যন (CHRF)
শিক্ষানুষ্ঠান টৰণ্টʼ বিশ্ববিদ্যালয়
জনা যায় বাংলাদেশত নতুন কৰʼনা ভাইৰাচৰ জিনʼম বিন্যাস উন্মোচন
উল্লেখনীয় বঁটা গেটচ্ গʼলকিপাৰ
বিল এণ্ড মেলিণ্ডা গেটচ্ ফাউণ্ডেশন এৱাৰ্ড
বঙ্গমাতা বেগম ফজিলাতুন্নেছা মুজিব পুৰস্কাৰ

সেঁজুতি সাহা (ইংৰাজী: Senjuti Saha) চাইল্ড হেল্‌থ ৰিছাৰ্চ ফাউণ্ডেচনৰ এগৰাকী বাংলাদেশী অণুজীৱবিজ্ঞানী।[1] তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ পোলিঅʼ ট্ৰানজিশ্যন ইণ্ডিপেনডেণ্ট মনিটৰিং বোৰ্ডৰো এগৰাকী বোৰ্ড সদস্য।[2] বাংলাদেশত নতুন কৰʼনা ভাইৰাছৰ পূৰ্ণাঙ্গ জিনʼম বিন্যাস উন্মোচনৰ বাবে তেওঁ অধিক পৰিচিত।[3][4]

জীৱনী আৰু শিক্ষা

[সম্পাদনা কৰক]

বাংলাদেশৰ ৰাজধানী ঢাকাত সেঁজুতি সাহাই জন্ম লাভ কৰিছিল আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ ড° সমীৰ কুমাৰ সাহা এগৰাকী অণুজীৱবিজ্ঞানী আৰু তেওঁৰ মাতৃ ড° চেতাৰুন্নাহাৰ চেতাৰা এগৰাকী জনস্বাস্থ্য গৱেষক। সেঁজুতিৰ ভায়েকো পেচাত এগৰাকী অণুজীৱবিজ্ঞানী। ব্যক্তিগত জীৱনত সেঁজুতি সাহা বিবাহিত।[5]

সেঁজুতিয়ে বাংলাদেশত উচ্চ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পিছত, ২০০৫ চনত তেওঁ কানাডাৰ টৰণ্টʼ বিশ্ববিদ্যালয়ৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে।[6] জৈৱিক ৰসায়ন বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ সেই বিশ্ববিদ্যালয়তেই আণৱিক জিনতত্ত্ব (Molecular genetics) বিষয়ত পিএইচডি কৰে।[7]

কৰ্ম আৰু গৱেষণা

[সম্পাদনা কৰক]

উচ্চশিক্ষা সাং কৰি তেওঁ বাংলাদেশৰ চাইল্ড হেল্‌থ ৰিছাৰ্চ ফাউণ্ডেচন (চিএইচআৰএফ)ৰ বাহিৰেও কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত গৱেষক হিচাপে কিছুদিন কাম কৰিছিল। ২০১৯ চনৰপৰা তেওঁ চিএইচআৰএফ-ত বিজ্ঞানী হিচাপে কৰ্মৰত। ইয়াৰ উপৰি প্ৰিন্ষ্টনৰ এটি গৱেষণা সংস্থাত অণুজীৱবিজ্ঞান আৰু স্বাস্থ্যব্যৱস্থাৰ পৰামৰ্শদাতা হিচাপে দায়িত্ব পালন কৰি আছে।

আণৱিক জীৱবিজ্ঞান (Molecular biology)ৰ প্ৰযুক্তি শিশুৰোগ গৱেষণাত ব্যৱহাৰ ক্ষেত্ৰত সেঁজুতি সাহাই কাম কৰি আছে। ২০১৭ চনত বাংলাদেশৰ শিশুসকলৰ মাজত হঠাৎ মেনিনজাইটিছ (Meningitis)ৰ প্ৰাবল্য দেখা গৈছিল। সেইসময়ত তেওঁ আধুনিক আণৱিক জীৱবিজ্ঞানৰ প্ৰযুক্তি ব্যৱহাৰ কৰি এই আকস্মিক ৰোগ বিস্তাৰৰ কাৰণ অনুসন্ধান কৰি উলিয়ায়। চিকনগুনিয়া জ্বৰ আৰু মেনিনজাইটিছ সংক্ৰমণৰ মাজৰ এটি সম্পৰ্ক নিৰ্ণয় কৰি ৰোগ চিনাক্তকৰণৰ আধুনিক তথা সুলভ উপকৰণ আৱিষ্কাৰ কৰে।[8]

২০২০ চনৰ কʼভিড মহামাৰিত বাংলাদেশৰ কʼভিড-১৯ চিনাক্তকৰণৰ কামত চিএইচআৰএফ-য়েও যোগ দিছিল। সেঁজুতি সাহাৰ নেতৃত্বত আঠজন গৱেষকৰ যৌথ উদ্যোগত মেʼ মাহত বাংলাদেশত প্ৰাপ্ত নমুনাৰপৰা সংগ্ৰহকৃত নতুন কৰʼনা ভাইৰাছৰ জিনʼম চিকুৱেন্স সফলভাৱে উন্মোচন কৰা হয়।[9] সেই বছৰৰে জুলাই মাহত, তেওঁ প্ৰথম বাংলাদেশী হিচাপে বিশ্ব সাস্থ্য সংস্থাৰ গ্লʼবেল পোলিঅʼ ইৰেডিকেশ্যন ইনিচিয়েটিভৰ বোৰ্ড মেম্বাৰ পদত নিযুক্ত হয়।[10]

বঁটা-সন্মান

[সম্পাদনা কৰক]
  • বিল এণ্ড মেলিণ্ডা গেটছ এৱাৰ্ড ২০১৮
  • বঙ্গমাতা বেগম ফজিলাতুন্নেছা মুজিব পুৰস্কাৰ

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Gates, Bill. "Bangladesh’s dynamic duo battle global health inequity". gatesnotes.com. https://www.gatesnotes.com/Health/The-Sahas-are-battling-global-health-inequity। আহৰণ কৰা হৈছে: 2020-07-10. 
  2. "GPEI-TIMB Members" (en-GB ভাষাত). https://polioeradication.org/timb-members/। আহৰণ কৰা হৈছে: 2023-06-29. 
  3. Islam, Zyma (2020-05-13). "Bangladeshi scientists complete genome sequencing of virus causing Covid-19" (en ভাষাত). দ্য ডেইলি ষ্টাৰ. https://www.thedailystar.net/bangladeshi-scientists-complete-genome-sequencing-coronavirus-1902190। আহৰণ কৰা হৈছে: 2023-06-29. 
  4. Saha, Senjuti; Malaker, Roly (2020-06-11). "Complete Genome Sequence of a Novel Coronavirus (SARS-CoV-2) Isolate from Bangladesh" (en ভাষাত). Microbiology Resource Announcements খণ্ড 9 (24): e00568–20, /mra/9/24/MRA.00568–20.atom. ISSN 2576-098X. PMID 32527780. PMC PMC7291105. Archived from the original on ২০২০-০৭-১২. https://web.archive.org/web/20200712231201/https://mra.asm.org/content/9/24/e00568-20। আহৰণ কৰা হৈছে: ২০২০-০৭-১৪. 
  5. "একজন সেঁজুতিৰ বিজ্ঞানী হয়ে ওঠা" (en ভাষাত). Sarabangla | Breaking News | Sports | Entertainment. 2020-05-24. https://sarabangla.net/post/sb-428940/। আহৰণ কৰা হৈছে: 2023-06-29. 
  6. "Senjuti Saha – School of Graduate Studies" (en ভাষাত). https://www.sgs.utoronto.ca/profile/senjuti-saha/। আহৰণ কৰা হৈছে: 2020-07-10. 
  7. "Senjuti Saha – School of Graduate Studies" (en ভাষাত). https://www.sgs.utoronto.ca/profile/senjuti-saha/। আহৰণ কৰা হৈছে: 2023-06-29. 
  8. "বিল গেটসেৰ নায়ক বাংলাদেশি বাবা-মেয়ে" (bn ভাষাত). প্ৰথম আলো. https://www.prothomalo.com/bangladesh/article/1634575/%E0%A6%AC%E0%A6%BF%E0%A6%B2-%E0%A6%97%E0%A7%87%E0%A6%9F%E0%A6%B8%E0%A7%87%E0%A6%B0-%E0%A6%A8%E0%A6%BE%E0%A7%9F%E0%A6%95-%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%BF-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A6%BE-%E0%A6%AE%E0%A7%87%E0%A7%9F%E0%A7%87। আহৰণ কৰা হৈছে: 2020-07-10. 
  9. "বাবা-মেয়েৰ নেতৃত্বে দেশে কৰোনাভাইৰাসেৰ জিনোম সিকোয়েন্স উদ্‌ঘাটন" (bn ভাষাত). দ্য ডেইলি ষ্টাৰ Bangla. 2020-05-13. https://www.thedailystar.net/bangla/%E0%A6%B6%E0%A7%80%E0%A6%B0%E0%A7%8D%E0%A6%B7-%E0%A6%96%E0%A6%AC%E0%A6%B0/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%87-%E0%A6%95%E0%A6%B0%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A6%AD%E0%A6%BE%E0%A6%87%E0%A6%B0%E0%A6%BE%E0%A6%B8%E0%A7%87%E0%A6%B0-%E0%A6%9C%E0%A6%BF%E0%A6%A8%E0%A7%8B%E0%A6%AE-%E0%A6%86%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A6%B0-%E0%A6%95%E0%A6%B0%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A6%BE-%E0%A6%AE%E0%A7%87%E0%A7%9F%E0%A7%87-150067। আহৰণ কৰা হৈছে: 2020-07-10. 
  10. "GPEI-TIMB Members" (en-GB ভাষাত). http://polioeradication.org/timb-members/। আহৰণ কৰা হৈছে: 2020-07-14. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]