সেই সময় (গ্ৰন্থ)
| সেই সময় | |
|---|---|
| সেই সময় গ্ৰন্থৰ প্ৰচ্ছদ.jpeg | |
| লেখক | সুনীল গঙ্গোপাধ্যায় |
| শিৰোনাম | সেই সময় |
| প্ৰচ্ছদ শিল্পী | পূৰ্ণেন্দু পত্ৰী |
| দেশ | ভাৰত |
| ভাষা | বাংলা |
| বিষয় | ইতিহাস |
| প্ৰকাৰ | ঐতিহাসিক উপন্যাস |
| প্ৰকাশক | আনন্দ পাবলিশাৰ্স |
| প্ৰকাশ | ১৯৯১ (অখণ্ড সংস্কৰণ) |
| ইংৰাজীত প্ৰকাশ |
১৯৯৭ |
| পৃষ্ঠা সংখ্যা | ৭০৯ |
| আই.এচ.বি.এন. | ৯৭৮৮১৭০৬৬৯৭০৮ |
| অ.চি.এল.চি নং | 39516159 |
| পৰৱৰ্তী | প্ৰথম আলো |
সেই সময় (ইংৰাজী: Sei Somoy) হ'ল এখন বাংলা ঐতিহাসিক উপন্যাস যাৰ বিষয়-বস্তু ঊনবিংশ শতিকাৰ ব্ৰিটিছ শাসনৰ সময়ৰ সমৃদ্ধিশালী কলকাতা চহৰৰ সমাজ আৰু জনসাধাৰণ। বিখ্যাত ভাৰতীয় বাঙালী সাহিত্যিক সুনীল গংগোপাধ্যায় এই উপন্যাসখনৰ স্ৰষ্টা। ঊনবিংশ শতিকাৰ বংগৰ নৱ-জাগৰণ উপন্যাসখনৰ অন্যতম মূল বিষয়-বস্তু। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, মাইকেল মধুসূদন দত্ত, প্ৰিন্স দ্বাৰকানাথ ঠাকুৰ, দেবেন্দ্ৰনাথ ঠাকুৰ, কেশৱ চন্দ্ৰ সেন, ডেভিড হেয়াৰ আৰু জন বেথুনৰ দৰে বিখ্যাত চৰিত্ৰক কেন্দ্ৰ কৰি এই উপন্যাসখনৰ আখ্যান গঢ় লৈ উঠিছে।
এই উপন্যাসখন প্ৰথমে দেশ আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। পৰৱৰ্তী সময়ত ১৯৮১ চনত কলকাতাৰ আনন্দ পাব্লিচাৰ্ছে দুটা খণ্ডত কিতাপ আকাৰত উপন্যাসখন প্ৰকাশ কৰে। ১৯৯১ চনত একেটা প্ৰকাশন প্ৰতিষ্ঠানে উপন্যাসখনৰ অখণ্ড সংস্কৰণ প্ৰকাশ কৰিছিল।
১৯৮৩ চনত বংকিম বঁটা আৰু ১৯৮৫ চনত অকাডেমী বঁটাৰে উপন্যাসখনক সন্মানিত কৰা হয়।[1]
‘সেই সময়’ আৰু সুনীল গংগোপাধ্যায়ৰ আন দুখন উপন্যাস ‘পূৰ্ব-পশ্চিম’ আৰু ‘প্ৰথম আলো’ই তিনিটা খণ্ডৰ এক ঐতিহাসিক কালপঞ্জী ৰচনা কৰিছে।
বিৱৰণ
[সম্পাদনা কৰক]“সেই সময়” এখন জনপ্ৰিয় গৱেষণাধৰ্মী উপন্যাস। ইয়াৰ সময়সীমা ১৮৪০ চনৰপৰা ১৮৭০ খ্ৰীষ্টাব্দলৈকে বিস্তৃত। উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ জমিদাৰপুত্ৰ নবীনকুমাৰ। তেওঁৰ জন্মৰপৰা মৃত্যুলৈকে এই উপন্যাসখনৰ পৰিসৰ বিস্তৃত। কালীপ্ৰসন্ন সিংহৰ ঐতিহাসিক চৰিত্ৰৰ আধাৰত সুনীল গংগোপাধ্যায়ে নবীন কুমাৰৰ চৰিত্ৰটো সৃষ্টি কৰিছিল। নবীনকুমাৰ চৰিত্ৰটিৰ সন্দৰ্ভত সুনীল গঙ্গোপাধ্যায়ে কৈছিল,"মোৰ কাহিনীৰ পৰিৱেশ ১৮৪০ চনৰপৰা ১৮৭০ খ্ৰীষ্টাব্দ। আৰু এই কাহিনীৰ মূল নায়কৰ নাম সময়। ... সময়ক জীৱন্ত কৰিবলৈ হ’লে অন্ততঃ এটা প্ৰতীকী চৰিত্ৰ ল’ব লাগিব। নবীনকুমাৰ সেই সময়ৰ প্ৰতীক। তেওঁৰ জন্মৰপৰা তেওঁৰ জীৱনৰ বিভিন্ন পৰিঘটনাৰ বৈপৰীত্য, শেষত এগৰাকী অচিনাকি যুৱতীৰ মাজত মাতৃৰূপ দৰ্শন আৰু এক অদ্ভুত ধৰণৰ মৃত্যু, সকলো সেই প্ৰতীকৰ ধাৰাবাহিকতা, আশা কৰোঁ ইয়াত অধিক বিশদভাৱে বুজাই দিয়াৰ প্ৰয়োজন নাই। একমাত্ৰ প্ৰয়োজনীয় কথাটো হ’ল, অকাল মৃত্যু হোৱা এজন অসাধাৰণ ঐতিহাসিক যুৱকৰ লগত নবীন কুমাৰৰ চৰিত্ৰৰ কিছু সাদৃশ্য আছে। মই আন কোনো বিখ্যাত মানুহৰ নাম বা জীৱন-কাহিনী সলনি কৰা নাই...।"
এই উপন্যাসখনৰ পৰিৱেশ ঊনবিংশ শতিকাৰ মাজভাগৰ কলিকতা। সেই সময়ৰ সামাজিক সমস্যা, বাবু সংস্কৃতি, বাল্যবিবাহ আৰু বিধৱাসকলৰ দুৰ্দশাৰ লগতে আধুনিক শিক্ষা-ব্যৱস্থাৰ প্ৰসাৰৰ ফলত একাংশ ব্যক্তিৰ সমাজ সংস্কাৰবাদী প্ৰৱণতা - এই সকলোবোৰ এই উপন্যাসত পোহৰলৈ আহিছে। চৰিত্ৰ পৰিকল্পনা আৰু ঘটনা বিন্যাসৰ ক্ষেত্ৰত স্ৰষ্টাই সাহিত্যিক তথ্য আৰু কালক্ৰমৰ মাজত ভৰসাম্য বৰ্তাই ৰাখিছে। উপন্যাসখনৰ চৰিত্ৰ প্ৰবীণ বিধুশেখৰৰ চকুৰে লেখকে সমসাময়িক সমাজৰ দুৰ্নীতিৰ চিত্ৰণ কৰি এইদৰে কৈছে,“দেশজুৰি যুৱসকলৰ মাজত বিভিন্ন ধৰণৰ অনাচাৰ দেখা দিছে। খুব কম বয়সৰপৰাই মদ খাবলৈ আৰম্ভ কৰিছে আৰু আৰম্ভ কৰা মানে চূড়ান্তভাৱে সাবটি ধৰাৰ অভ্যাস। আগতে জ্যেষ্ঠজনৰ সন্মুখত অনুভৱ কৰা লাজ এতিয়া নাইকিয়া হৈ গৈছে। চহৰখন গণিকাৰে ভৰি পৰিছে।" তৎকালীন বংগৰ সমাজ আৰু সংস্কৃতি, ৰাজনীতি আৰু অৰ্থনীতি, ধৰ্ম আৰু ব্যভিচাৰে এই সকলোবোৰ উপন্যাসখনৰ আঙ্গিকত নিজৰ স্থান লাভ কৰিছে। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ বিধৱা বিবাহ আন্দোলন, জোড়াসাঁকোৰ ঠাকুৰ পৰিয়ালৰ ব্ৰাহ্মধৰ্ম চৰ্চা, মঙ্গল পাণ্ডেৰ ইংৰাজ বিৰোধী বিপ্লৱী আন্দোলন, মধুসূদন আৰু দীনবন্ধু মিত্ৰৰ উত্তেজিত সাহিত্য চৰ্চা, হৰিশচন্দ্ৰ মুখোপাধ্যায়দ্বাৰা হিন্দু পেট্ৰিয়ট আলোচনী সম্পাদনা, দিগম্বৰ বিশ্বাস আৰু বিষ্ণুচৰণ বিশ্বাসৰ নীল বিদ্ৰোহ, ৰাণী ৰাসমণিদ্বাৰা দক্ষিণেশ্বৰ মন্দিৰ স্থাপন, মেক্সসমুলাৰৰ ভাৰত চৰ্চা, কালীপ্ৰসন্ন সিংহেৰ নাট্য চৰ্চা আৰু হুতোম প্যাচাৰ নকশা প্ৰকাশ ইত্যাদি নানা উপাদান এক পৰিব্যাপ্ত ৰচনাপটত যথাযথ ধাৰাবাহিকতাৰে সমন্বিত হৈছে। উদীয়মান আলোকিত সমাজৰ বিপৰীতে বিলাসিতা, অবৈধ প্ৰসৱ, বেশ্যাবৃত্তি, মদ খোৱা ইত্যাদি বিষয়-বস্তুও আছে। গতিকে একে সময়তে ‘সেই সময়’ উত্থান-পতনৰ কাহিনী। ইয়াৰ ঐতিহাসিকতা লেখকৰ কল্পনাত সাহিত্যলৈ পৰিণত হৈছে।
ভাৰতত তেতিয়া ইংৰাজৰ শাসন চলিছিল। ইংৰাজৰ কাহিনীও অনিবাৰ্যভাৱে বৰ্ণিত হৈছে। লেখকৰ ভাষ্যত পাঠকে পঢি়ব,"লুণ্ঠনপৰ্বৰ প্ৰথমৰ দিনবোৰত ইংৰাজ কোম্পানীয়ে এই দেশৰপৰা নিজৰ দেশলৈ ইটোৰ পিছত সিটো সামগ্ৰী জাহাজেৰে কঢ়িয়াই নিজ দেশলৈ লৈ গৈছিল। বেছিভাগ জাহাজ খালী হৈ উভতি আহিছিল। তেনে খালী জাহাজ লৈ গভীৰ সাগৰত যাত্ৰা কৰাটো বিপদজনক, ধুমুহাৰ সময়ত সেইবোৰ খেলনাৰ দৰে হৈ পৰে, হঠাৎ লুটি খাই পৰে। গতিকে চাহাবসকলে সেই জাহাজবোৰত আটাইতকৈ সস্তা বস্তু নিমখেৰে ভৰাই দিবলৈ ধৰিলে। প্ৰথমত সেইে নিমখ এনেয়ে পেলাই দিয়া হৈছিল। কিন্তু অতি সোনকালেই বেপাৰী জাতিটোৰ চৈতন্যোদয় হ'ল। পেলাই দিয়াৰ প্ৰয়োজন নাই, এই নিমখও বিক্ৰী কৰিব পাৰি। ব্ৰিটিছ নিমখ আৰু ভাৰতীয় নিমখ সমানে নিমখীয়া হ’লেও সাত সাগৰ আৰু তেৰ নদীৰ সিপাৰৰপৰা নিমখ আমদানি কৰাৰ কোনো প্ৰশ্নই নুঠে, তথাপি এই দেশৰ বিশৃংখলতাৰ মাজত ইংৰাজে বিভিন্ন কৌশল ব্যৱহাৰ কৰি সেই নিমখ বিক্ৰী কৰিবলৈ ধৰিলে। দেশী বজাৰত নিমখ বিক্ৰী কৰিবলৈ কিছু দেশী লোকৰ সহায় লৈছিল।
টেলিভিছন অভিযোজন
[সম্পাদনা কৰক]উপন্যাসখনৰ আধাৰত ছনেক্সৰ সফল বাংলা ধাৰাবাহিক ‘সেই সময়’ নিৰ্মাণ কৰা হৈছিল। আশীৰ দশকত ডি ডি নেচনেলত প্ৰচাৰিত ভাৰতীয় টেলিভিছন ধাৰাবাহিক যুগান্তৰ সেই সময়ৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।[2]
অনুবাদ
[সম্পাদনা কৰক]উপন্যাসখন উমা ৰান্দেৰিয়াই নৱ যুগ্নু পৰোধ (২০০২) নামেৰে গুজৰাটী ভাষালৈ অনুবাদ কৰে।[3] অৰুণা চক্ৰৱৰ্তীয়ে উপন্যাসখন Those Days নামেৰে ইংৰাজী ভাষালৈ অনুবাদ কৰিছে। ২০১১ চনত দুটা খণ্ডত অসমীয়া ভাষালৈ এই উপন্যাসখন সেই সময় নামেৰে অনুবাদ কৰে দীপিকা চক্ৰৱৰ্তীয়ে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Akademi Awards (1955-2015)". সাহিত্য অকাদেমি. 4 March 2016. http://sahitya-akademi.gov.in/sahitya-akademi/awards/akademi%20samman_suchi.jsp.
- ↑ "Yugantar (Old Doordarshan TV Serial)" (en-US ভাষাত). Free Online India. Archived from the original on 2021-01-27. https://web.archive.org/web/20210127211840/https://www.freeonlineindia.in/yugantar-old-doordarshan-tv-serial/। আহৰণ কৰা হৈছে: 2021-01-19.
- ↑ Rao, D. S. (2004). Five Decades: The National Academy of Letters, India : a Short History of Sahitya Akademi. প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 48. ISBN 978-81-260-2060-7. https://books.google.com/books?id=8JDsBBDoMccC&pg=PA48.
- ↑ "সেই সময় (প্ৰথম খণ্ড, দ্বিতীয় খণ্ড)". সাহিত্য অকাদেমি. https://scientiabooks.in/product/sei-samay-vol-1-vol-2/। আহৰণ কৰা হৈছে: 15 August 2025.