সমললৈ যাওক

সেউজ নৈৰাজ্যবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সেউজ নৈৰাজ্যবাদ (ইংৰাজী: Green anarchism)ক পাৰিস্থিতিক নৈৰাজ্যবাদ বা পৰিৱেশ নৈৰাজ্যবাদ বুলিও কোৱা হয়, ই হৈছে পৰিৱেশ আৰু পৰিৱেশ বিষয়ক কেন্দ্ৰ কৰি গঢ় লোৱা এক নৈৰাজ্যবাদী চিন্তাধাৰা।[1] ই হৈছে উগ্ৰ পৰিৱেশবাদৰ পুঁজিবাদ বিৰোধী আৰু স্বৈৰাচাৰ বিৰোধী ৰূপ যিয়ে সামাজিক সংগঠন, স্বাধীনতা আৰু আত্মপূৰ্ণতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[2]

পুঁজিবাদ আৰু ঔপনিৱেশিকতাবাদৰ উত্থানে পৰিৱেশৰ অৱক্ষয় সৃষ্টি কৰাৰ ফলত ১৯ শতিকাৰ সময়ছোৱাত নৈৰাজ্যবাদৰ পৰিৱেশগত দৃষ্টিভংগী প্ৰথম প্ৰণয়ন কৰা হৈছিল। চাৰ্লছ ডাৰউইনৰ পৰিৱেশ বিজ্ঞানৰ পৰা নৈৰাজ্যবাদী মিখাইল বাকুনিনে প্ৰকৃতিৰ পৰা মানৱতাৰ দ্বৈততাবাদী পৃথক্কৰণক নাকচ কৰা প্ৰকৃতিবাদী দৰ্শনৰ বিশদ বিৱৰণ আগবঢ়াইছে। ইয়াক পিটাৰ ক্ৰ’পটকিন আৰু এলিজী ৰেক্লুছে পৰিৱেশ দৰ্শনলৈ বিকশিত কৰিছিল, যিয়ে সামাজিক ন্যায় আৰু পৰিৱেশ সুৰক্ষা দুয়োটাকে আগুৱাই নিয়াৰ মাধ্যম হিচাপে উদ্যোগৰ বিকেন্দ্ৰীকৰণ আৰু অৱনতিৰ পোষকতা কৰিছিল।

সেউজ নৈৰাজ্যবাদক প্ৰথমে নতুন বাওঁপন্থীৰ কিছু অংশই এক সুকীয়া ৰাজনৈতিক তত্ত্বলৈ বিকশিত কৰিছিল, কিয়নো নৈৰাজ্যবাদৰ পুনৰুজ্জীৱনৰ পৰিৱেশ আন্দোলনৰ উত্থানৰ লগত সংগতি আছিল। ১৯৭০ চনৰ পৰা সেউজ নৈৰাজ্যবাদৰ তিনিটা মূল প্ৰৱণতা প্ৰতিষ্ঠা হ’ল: মাৰে বুকচিনে সামাজিক পৰিৱেশ বিজ্ঞানৰ তত্ত্বৰ বিষয়ে বিশদভাৱে উল্লেখ কৰিছিল, য’ত যুক্তি দিয়া হৈছে যে পৰিৱেশৰ সমস্যাসমূহ প্ৰত্যক্ষভাৱে সামাজিক বিষয়ৰ পৰাই উদ্ভৱ হয়; আৰ্নে নেছে গভীৰ পৰিৱেশ তত্ত্বৰ সংজ্ঞা দিছিল, যিয়ে জৈৱকেন্দ্ৰিকতাবাদৰ পোষকতা কৰে; আৰুজন জেৰ্জানে অৰাজক-আদিমতাবাদৰ তত্ত্ব গঢ়ি তুলিছিল, য’ত প্ৰযুক্তি আৰু সভ্যতাক বিলুপ্ত কৰাৰ আহ্বান জনোৱা হৈছে। একবিংশ শতিকাত এই প্ৰৱণতাসমূহৰ লগত যোগ হৈছিল জন্তুৰ অধিকাৰক কেন্দ্ৰ কৰি থকা সম্পূৰ্ণ মুক্তি আৰু সেউজ ছিণ্ডিকেলিজম, যিয়ে‍ শ্ৰমিকসকলক নিজেই অশিল্পকৰণ পৰিচালনা কৰিবলৈ আহ্বান জনাইছে।

ইয়াৰ মূলতে সেউজ নৈৰাজ্যবাদে পৰিৱেশৰ অৱক্ষয়ৰ কাৰণ হোৱা সামাজিক স্তৰসমূহৰ চিনাক্তকৰণ আৰু বিলুপ্তিৰ বিষয়ে চিন্তা কৰে। ঔদ্যোগিক পুঁজিবাদৰ নিষ্কাশন আৰু উৎপাদনশীলতাৰ বিৰোধিতা কৰি ই অৰ্থনীতিৰ অৱনতি‍ আৰু অশিল্পকৰণৰ পোষকতা কৰে। ৰাষ্ট্ৰৰ সম্ভাৱ্য বিকল্প হিচাপে "প্ৰকৃতিলৈ ঘূৰি অহা"ৰ প্ৰস্তাৱ দি এই মতবাদে অধিক স্থানীয়কৰণ আৰু বিকেন্দ্ৰীকৰণৰ আহ্বান জনাইছে।

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

ঔদ্যোগিক বিপ্লৱৰ আগতে পৰিৱেশ দুৰ্যোগ বা সংকটৰ ভিতৰত আছিল প্ৰাকৃতিক দুৰ্যোগ বা যুদ্ধ যিবোৰে সাধাৰণতে অতি সৰু, সীমিত অঞ্চলক প্ৰভাৱিত কৰিছিল। কিন্তু ঔদ্যোগিক বিপ্লৱৰ পাছৰে পৰা ইউৰোপত পৰিৱেশ প্ৰদূষণ আৰু আনুষংগিক ক্ষতিৰ হাৰ অধিক হাৰত সংঘটিত হৈ আহিছে।[3]

ঊনবিংশ শতিকাৰ শেষৰ ফালে যেতিয়া পুঁজিবাদ আৰু ঔপনিৱেশিকতাবাদে শিখৰত উপনীত হ’ল, তেতিয়া ৰাজনৈতিক দাৰ্শনিকসকলে প্ৰথম ঔদ্যোগিক সমাজক সমালোচনা কৰিবলৈ আৰম্ভ কৰিলে, যিবোৰ সমাজে প্ৰদূষণ আৰু পৰিৱেশৰ অৱক্ষয় বৃদ্ধি কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে এই প্ৰাৰম্ভিক পৰিৱেশবিদসকলে প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণ, মাটি খহনীয়া, বনাঞ্চল ধ্বংস, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ বাবে জনসচেতনতা সৃষ্টি কৰিবলৈ ল'লে।[4] পৰিৱেশবাদৰ প্ৰাৰম্ভিক ৰাজনৈতিক দৃষ্টিভংগী হেনৰী ডেভিদ থ'ৰ',জন মুইৰ, আৰ্নেষ্ট থম্পছন চেটন আদি লেখকৰ সাহিত্যিক প্ৰকৃতিবাদৰ দ্বাৰা সমৰ্থিত হৈছিল,[5] যাৰ জনপ্ৰিয় সাহিত্যই সেই সময়ৰ সমাজত প্ৰচলিত ‘প্ৰকৃতি বনাম মানুহ’ আদি দ্বৈতবাদী আখ্যানক নাকচ কৰিছিল আৰু প্ৰকৃতিবাদী চিন্তাধাৰাক সমৰ্থন কৰিছিল।[6] বিশেষকৈ থ’ৰ’ৰ ভোগবাদ বিৰোধিতা আৰু নিৰামিষভোজনৰ পোষকতাৰ লগতে তেওঁৰ প্ৰকৃতিৰ প্ৰতি থকা প্ৰেম বহু সেউজ নৈৰাজ্যবাদীৰ বাবে প্ৰত্যক্ষ প্ৰেৰণা হৈ পৰিছিল।[7]

আধুনিক পৰিৱেশ বিজ্ঞানৰ বিকাশ ঘটিছিল চাৰ্লছ ডাৰউইনৰ দ্বাৰা। বিৱৰ্তনশীল জীৱবিজ্ঞানৰ ওপৰত কৰা তেওঁৰ কামে খ্ৰীষ্টান আৰু কাৰ্টেছিয়ান নৃকেন্দ্ৰিকতাক বৈজ্ঞানিকভাৱে নাকচ কৰি তাৰ পৰিৱৰ্তে বিৱৰ্তন প্ৰক্ৰিয়াত সম্ভাৱনাৰ ভূমিকাক গুৰুত্ব আৰোপ কৰে।[8] প্ৰায় একে সময়তে নৈৰাজ্যবাদৰ উত্থান ঘটিছিল এক ৰাজনৈতিক দৰ্শন হিচাপে যিয়ে সকলো ধৰণৰ স্তৰ, কৰ্তৃত্ব আৰু অত্যাচাৰক নাকচ কৰিছিল আৰু তাৰ পৰিৱৰ্তে বিকেন্দ্ৰীকৰণ আৰু স্বেচ্ছামূলক সংগঠনৰ পোষকতা কৰিছিল।[9] প্ৰকৃতিৰ ওপৰত মানুহক প্ৰভাৱশালী স্থানত ৰখা নৃকেন্দ্ৰিক স্তৰসমূহক প্ৰত্যাখ্যান কৰাৰ উপায় হিচাপে এইদৰে পৰিৱেশগত নৈৰাজ্যবাদৰ কাঠামো প্ৰতিষ্ঠা হৈছিল।[10]

নৈৰাজ্যবাদৰ পৰিৱেশগত ভিত্তি ধ্ৰুপদী নৈৰাজ্যবাদীসকলৰ পৰাই আৰম্ভ হয়, যেনে পিয়েৰ-জোচেফ প্ৰুডন আৰু মিখাইল বাকুনিন - এই দুয়োজনে মানৱ প্ৰকৃতিক নৈৰাজ্যবাদৰ ভিত্তি হিচাপে কল্পনা কৰিছিল।[1] চাৰ্লছ ডাৰউইনৰ কামৰ দ্বাৰা অনুপ্ৰাণিত হৈ[11] বাকুনিনে মানুহক তেওঁলোকৰ পৰিৱেশৰ এক অন্তৰ্নিহিত অংশ বুলি গণ্য কৰিছিল।[12] বাকুনিনে কাৰ্টেছিয়ান দ্বৈতবাদক নাকচ কৰিছিল, প্ৰকৃতিৰ পৰা মানৱতাৰ নৃকেন্দ্ৰিক আৰু যান্ত্ৰিক বিচ্ছেদকো নাকচ কৰিছিল।[13] কিন্তু তেওঁ মানুহক আত্মনিয়ন্ত্ৰণৰ ক্ষেত্ৰত অনন্যভাৱে সক্ষম বুলিও দেখি স্বাধীনতা লাভৰ মাধ্যম হিচাপে মানৱ সমাজক নিজৰ প্ৰাকৃতিক পৰিৱেশ আয়ত্ত কৰিবলৈ আহ্বান জনাইছিল।[14] মানৱ সমাজ আৰু প্ৰকৃতিৰ সম্পৰ্কক দ্বান্দ্বিক বা dialectic হিচাপে কল্পনা কৰা ভূগোলবিদ পিয়ট্ৰ ক্ৰাপটকিন আৰু এলিছিয়াছ ৰেক্লাছৰ পৰিৱেশ দৰ্শনত বাকুনিনৰ প্ৰকৃতিবাদৰ বিকাশ ঘটিছিল। সামাজিক ন্যায়ৰ সৈতে পৰিৱেশ সুৰক্ষাৰ সংমিশ্ৰণ ঘটোৱা তেওঁলোকৰ পৰিৱেশ নৈতিকতাই সামাজিক পৰিৱেশ বিজ্ঞান আৰু জৈৱ-আঞ্চলিকতাবাদৰ সেউজ নৈৰাজ্যবাদী দৰ্শনৰ আগজাননী দিছিল।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Price 2019, পৃষ্ঠা. 281.
  2. Aaltola 2010, পৃষ্ঠা. 161.
  3. Parson 2018, পৃষ্ঠা. 220.
  4. 4.0 4.1 Morris 2017, পৃষ্ঠা. 371.
  5. Hall 2011, পৃষ্ঠা. 379; Morris 2017, পৃষ্ঠা. 373.
  6. Morris 2017, পৃষ্ঠা. 373.
  7. Hall 2011, পৃষ্ঠা. 379.
  8. Morris 2017, পৃষ্ঠা. 373-374.
  9. Hall 2011, পৃষ্ঠা. 375-378.
  10. Hall 2011, পৃষ্ঠা. 375.
  11. Morris 2017, পৃষ্ঠা. 370.
  12. Hall 2011, পৃষ্ঠা. 378; Morris 2017, পৃষ্ঠা. 370.
  13. Morris 2017, পৃষ্ঠা. 370-371.
  14. Hall 2011, পৃষ্ঠা. 378.