সমললৈ যাওক

সেউজ বিপ্লব

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাঁচ:Agriculture

After World War II,দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কীটনাশক আৰু সাৰকে ধৰি নতুনকৈ প্ৰয়োগ কৰা কৃষি প্ৰযুক্তিৰ লগতে নতুন জাতৰ উচ্চ উৎপাদনক্ষম শস্যই গ্ল’বেল চাউথৰ কিছুমান অঞ্চলত খাদ্য উৎপাদন বহু পৰিমাণে বৃদ্ধি কৰিলে।

সেউজ বিপ্লৱ ইংৰাজী: :The Green Revolution বা তৃতীয় কৃষি বিপ্লৱ, প্ৰযুক্তি হস্তান্তৰ পদক্ষেপৰ এনে এছোৱা সময় আছিল য'ত শস্যৰ উৎপাদন বহু পৰিমাণে বৃদ্ধি পাইছিল।[1][2] কৃষিৰ এই পৰিৱৰ্তনসমূহ উন্নত দেশসমূহত ২০শ শতিকাৰ আৰম্ভণিতে আৰম্ভ হৈছিল আৰু ১৯৮০ চনৰ শেষৰ ফালে বিশ্বজুৰি বিয়পি পৰিছিল।[3] ১৯৬০ চনৰ শেষৰ ফালে কৃষকসকলে নতুন প্ৰযুক্তি সমূহৰ ব্যৱহাৰ আৰম্ভ কৰিছিল। সেইবোৰ হল (ক) উচ্চ উৎপাদনক্ষম জাতৰ শস্যৰ বীজ; বিশেষকৈ বামন বা চাপৰ জাতৰ ঘেঁহু আৰু ধান, (খ) ৰাসায়নিক সাৰৰ ব্যাপক ব্যৱহাৰ; পুৰণি প্ৰজাতিৰ বীজ সমূহতকৈ এই নতুন বীজসমূহৰ পৰা অধিক ফচল লাভ কৰিবলৈ অধিক সাৰৰ প্ৰয়োগ কৰিছিল,[4](গ) কীটনাশক; কীট-পতংগৰ ক্ষতিৰ পৰা শস্যক ৰক্ষা কৰিবৰ বাবে কীটনাশকৰ ব্যৱহাৰ বৃদ্ধি পাইছিল আৰু (ঘ)নিয়ন্ত্ৰিত জলসিঞ্চনব্যৱস্থাৰ প্ৰচলনো আৰম্ভ হৈছিল।

একে সময়তে প্ৰায়ে পৰম্পৰাগত কৃষি পদ্ধতিক স্থানান্তৰ কৰিবলৈ যান্ত্ৰিকীকৰণকে ধৰি খেতিৰ নতুন পদ্ধতি গ্ৰহণ কৰা হৈছিল।[5] এই পদ্ধতিসমূহ গ্ৰহণ কৰিবলৈ উন্নয়নশীল ৰাষ্ট্ৰসমূহক ঋণ দিয়া হৈছিল। কিন্তু এই ঋণৰ লগত কিছু চৰ্ত জড়িত আছিল। যেনে, সাৰ উৎপাদন আৰু বিতৰণৰ ব্যক্তিগতকৰণ কৰা আদি।[4]

প্ৰাৰম্ভিক অৱস্থাত মেক্সিকোত ফৰ্ড ফাউণ্ডেশ্যন আৰু ৰকফেলাৰ ফাউণ্ডেশ্যন দুয়োটা ইয়াৰ বিকাশৰ সৈতে যথেষ্ট জড়িত আছিল।[6][7]এই কামৰ মুখ্য ব্যক্তি আছিল, ১৯৭০ চনত শান্তিৰ নোবেল বঁটা লাভ কৰা "সেউজ বিপ্লৱৰ পিতৃ" কৃষি বিজ্ঞানী নৰ্মান বৰল'গ[8] হাইব্ৰিড ধানৰ জাতৰ ওপৰত গবেষণা কৰি মানুহৰ জীৱন ৰক্ষা কৰাৰ যথেষ্ট কৃতিত্ব লাভ কৰা আন এজন গুৰুত্বপূৰ্ণ বৈজ্ঞানিক ব্যক্তি আছিল ইউয়ান লংপিং[9] একেদৰে ভাৰতত সেউজ বিপ্লৱৰ পিতৃ হিচাপে পৰিচিত আছিল এম এছ স্বামীনাথন। মূল পদ্ধতি আছিল শস্যৰ উচ্চ উৎপাদনক্ষম জাতৰ বিকাশ, জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ, পৰিচালনা কৌশলৰ আধুনিকীকৰণ,সংকৰ বীজ, কৃত্ৰিম সাৰ, কীটনাশক আদি কৃষকক বিতৰণ কৰা। নিৰ্বাচিত প্ৰজননৰ জৰিয়তে শস্যসমূহে সম্ভৱপৰ সৰ্বোচ্চ উন্নতি সাধন কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে জিনীয় পৰিৱৰ্তন প্ৰযুক্তিৰ বিকাশ ঘটিছিল যাতে নিৰন্তৰ প্ৰচেষ্টা চলাব পৰা যায়।[10][11]

অধ্যয়নত দেখা গৈছে যে সেউজ বিপ্লৱে দৰিদ্ৰতাৰ ব্যাপক নিৰ্মূল কৰাত অৰিহণা যোগাইছিল, লাখ লাখ লোকৰ ক্ষুধা ৰোধ কৰিছিল, আয় বৃদ্ধি কৰিছিল, সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰিছিল, কৃষিৰ বাবে ভূমি ব্যৱহাৰ হ্ৰাস কৰিছিল আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত অৰিহণা যোগাইছিল।[12][13][14][15][16]

শব্দটোৰ ব্যৱহাৰ

[সম্পাদনা কৰক]

"সেউজ বিপ্লৱ" শব্দটো প্ৰথমবাৰৰ বাবে আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাৰ প্ৰশাসক(the U.S. Agency for International Development-USAID) উইলিয়াম এছ গ'ডে ১৯৬৮ চনৰ ৮ মাৰ্চত দিয়া ভাষণত ব্যৱহাৰ কৰিছিল। তেওঁ কৈছিল যে-

“এইবোৰ আৰু কৃষিৰ ক্ষেত্ৰৰ অন্যান্য উন্নয়নত নতুন বিপ্লৱৰ মেকিংছ সন্নিবিষ্ট কৰা হৈছে। ই ছোভিয়েটৰ দৰে হিংসাত্মক ৰঙা বিপ্লৱ নহয়, ইৰাণৰ শ্বাহৰ দৰে বগা বিপ্লৱও নহয়। মই ইয়াক সেউজ বিপ্লৱ বুলি কওঁ।”[4][17]

ভাৰতত সেউজ বিপ্লৱৰ আৰম্ভ

[সম্পাদনা কৰক]

ইয়াৰ উপৰিও চাওক: ভাৰতত সেউজ বিপ্লৱ আৰু ভাৰতৰ কৃষি ব্যৱস্থা

১৯৬১ চনত ভাৰতৰ কৃষি মন্ত্ৰীৰ উপদেষ্টা ড° এম এছ স্বামীনাথনে নৰ্মান বৰলাউগক ভাৰতলৈ আমন্ত্ৰণ জনায়। ভাৰতৰ শস্য একচেটিয়া অধিকাৰৰ আমোলাতন্ত্ৰিক বাধাৰ মাজতো ফৰ্ড ফাউণ্ডেচন আৰু ভাৰত চৰকাৰে সহযোগিতা কৰি আন্তঃৰাষ্ট্ৰীয় কুঁহিয়াৰ আৰু ঘেঁহু উন্নয়ন কেন্দ্ৰ (CIMMYT)ৰ পৰা ঘেঁহুৰ বীজ আমদানি কৰিছিল। ভাৰত চৰকাৰে পঞ্জাব ৰাজ্যখনক নতুন শস্যৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে প্ৰথম স্থান হিচাপে বাছি লৈছিল কাৰণ ইয়াৰ নিৰ্ভৰযোগ্য পানী যোগান ব্যৱস্থা, পৃথিৱীৰ অন্যতম উৰ্বৰ সমভূমি সিন্ধু সমভূমিৰ উপস্থিতি, আৰু এই অঞ্চলৰ কৃষি উৎপাদনৰ সফলতাৰ ইতিহাসৰ বাবে। ভাৰতে উদ্ভিদ প্ৰজনন, জলসিঞ্চন উন্নয়ন আৰু কৃষি ৰাসায়নিক পদাৰ্থৰ বিত্তীয় সাহায্যৰ আচনি তৈয়াৰ কৰি নিজাকৈ সেউজ বিপ্লৱৰ কাৰ্যসূচী আৰম্ভ কৰে।[18]

ভাৰতে অতি শীঘ্ৰেই আই আৰ ৮ চাউল উৎপাদনৰ কাম গ্ৰহণ কৰে।[19] ১৯৬৮ চনত ভাৰতীয় কৃষি বিজ্ঞানী এছ. ডি দত্তাই তেওঁৰ তথ্য প্ৰকাশ কৰিছিল যে আই আৰ ৮ ধানে প্ৰতি হেক্টৰত সাৰ নোহোৱাকৈ প্ৰায় ৫ টন উৎপাদন কৰে, আৰু অনুকূল পৰিস্থিতিত প্ৰতি হেক্টৰত প্ৰায় ১০ টন ধান উৎপাদন কৰে। পৰম্পৰাগত ধানৰ উৎপাদনৰ ১০ গুণ আছিল।[20] আই আৰ ৮ সমগ্ৰ এছিয়াতে সফল হৈছিল আৰু ইয়াক "মিৰাকেল ৰাইচ" বুলি অভিহিত কৰা হৈছিল। IR8 ৰ Semi-dwarf IR36 লৈও বিকশিত কৰা হৈছিল।

১৯৬০ চনত ভাৰতত ধানৰ উৎপাদন প্ৰতি হেক্টৰত প্ৰায় দুটন আছিল; ১৯৯০ চনৰ মাজভাগলৈকে প্ৰতি হেক্টৰত ৬ টনলৈ বৃদ্ধি পাইছিল। ১৯৭০ চনত চাউলৰ দাম প্ৰতি টনত প্ৰায় ৫৫০ ডলাৰ; ২০০১ চনত ইয়াৰ মূল্য প্ৰতি টনত ২০০ ডলাৰৰ তলত আছিল।[21] ভাৰত বিশ্বৰ অন্যতম সফল ধান উৎপাদক দেশ হিচাপে পৰিগণিত হয়, আৰু এতিয়া ২০০৬ চনত প্ৰায় ৪৫ লাখ টন ধান জাহাজ চলাই প্ৰধান ধান ৰপ্তানিকাৰক দেশ হিচাপে পৰিগণিত হয়।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Eliazer Nelson, Ann Raeboline Lincy; Ravichandran, Kavitha; Antony, Usha (2019-10-01). "The impact of the Green Revolution on indigenous crops of India". Journal of Ethnic Foods খণ্ড 6 (1): 8. doi:10.1186/s42779-019-0011-9. ISSN 2352-6181. 
  2. "Yields vs. Land Use: How the Green Revolution enabled us to feed a growing population". Our World in Data. https://ourworldindata.org/yields-vs-land-use-how-has-the-world-produced-enough-food-for-a-growing-population। আহৰণ কৰা হৈছে: 2022-11-28. 
  3. Hazell, Peter B.R. (2009). The Asian Green Revolution - IFPRI Discussion Paper. Intl Food Policy Res Inst. GGKEY:HS2UT4LADZD. https://books.google.com/books?id=frNfVx-KZOcC&pg=PA1. 
  4. 4.0 4.1 4.2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; agbio নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. Farmer, B. H. (1986). "Perspectives on the 'Green Revolution'in South Asia". Modern Asian Studies খণ্ড 20 (1): 175–199. doi:10.1017/s0026749x00013627. 
  6. Wright, Angus, "Downslope and North: How Soil Degradation and Synthetic Pesticides Drove the Trajectory of Mexican Agriculture through the Twentieth Century" in Christopher R. Boyer, A Land Between Waters: Environmental Histories of Modern Mexico. Tucson: University of Arizona Press 2012, pp. 22–49.
  7. Gary Toenniessen et al. "Building an alliance for a green revolution in Africa." Annals of the New York academy of sciences 1136.1 (2008): 233–242. online
  8. Easterbrook, Gregg (January 1997). "Forgotten Benefactor of Humanity". The Atlantic. https://www.theatlantic.com/magazine/archive/1997/01/forgotten-benefactor-of-humanity/306101/. 
  9. Bradsher, Keith; Buckley, Chris (2021-05-23). "Yuan Longping, Plant Scientist Who Helped Curb Famine, Dies at 90" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2021/05/23/world/asia/yuan-longping-dead.html. 
  10. Hurt, The Green Revolution in the Global South, p. 161
  11. The gene revolution : GM crops and unequal development. Sakiko Fukuda-Parr. প্ৰকাশক London: Earthscan. 2007. ISBN 978-1-84977-303-4. OCLC 122928103. https://www.worldcat.org/oclc/122928103. 
  12. Pingali, Prabhu L. (2012-07-31). "Green Revolution: Impacts, limits, and the path ahead". Proceedings of the National Academy of Sciences খণ্ড 109 (31): 12302–12308. doi:10.1073/pnas.0912953109. PMID 22826253. 
  13. Gollin, Douglas; Hansen, Casper Worm; Wingender, Asger Mose (2021). "Two Blades of Grass: The Impact of the Green Revolution". Journal of Political Economy খণ্ড 129 (8): 2344–2384. doi:10.1086/714444. ISSN 0022-3808. https://www.journals.uchicago.edu/doi/10.1086/714444. 
  14. von Der Goltz, Jan; Dar, Aaditya; Fishman, Ram; Mueller, Nathaniel D.; Barnwal, Prabhat; McCord, Gordon C. (2020). "Health Impacts of the Green Revolution: Evidence from 600,000 births across the Developing World" (en ভাষাত). Journal of Health Economics খণ্ড 74: 102373. doi:10.1016/j.jhealeco.2020.102373. ISSN 0167-6296. PMID 33002797. 
  15. Bharadwaj, Prashant; Fenske, James; Kala, Namrata; Mirza, Rinchan Ali (2020). "The Green revolution and infant mortality in India" (en ভাষাত). Journal of Health Economics খণ্ড 71: 102314. doi:10.1016/j.jhealeco.2020.102314. ISSN 0167-6296. PMID 32259718. https://www.sciencedirect.com/science/article/abs/pii/S0167629618307574. 
  16. Stevenson, J. R.; Villoria, N.; Byerlee, D.; Kelley, T.; Maredia, M. (2013-05-13). "Green Revolution research saved an estimated 18 to 27 million hectares from being brought into agricultural production". Proceedings of the National Academy of Sciences খণ্ড 110 (21): 8363–68. doi:10.1073/pnas.1208065110. PMID 23671086. 
  17. Marie-Monique Robin, The World According to Monsanto: Pollution, Corruption, and the Control of the World's Food Supply (The New Press, 2010) p. 308 [ISBN missing]
  18. "Newsroom: News Releases". CGIAR. http://www.cgiar.org/newsroom/releases/news.asp?idnews=532। আহৰণ কৰা হৈছে: 13 August 2010. 
  19. Rowlatt, Justin (2016-12-01). "IR8: The miracle rice which saved millions of lives". BBC News. https://www.bbc.co.uk/news/world-asia-india-38156350. 
  20. De Datta, S.K.; Tauro, A.C.; Balaoing, S.N. (1 November 1968). "Effect of plant type and nitrogen level on growth characteristics and grain yield of indica rice in the tropics". Agron. J. খণ্ড 60 (6): 643–647. doi:10.2134/agronj1968.00021962006000060017x. Archived from the original on 2 December 2008. https://web.archive.org/web/20081202142838/http://agron.scijournals.org/cgi/content/abstract/60/6/643। আহৰণ কৰা হৈছে: 25 January 2025. 
  21. Barta, Patrick (28 July 2007). "Feeding Billions, A Grain at a Time". The Wall Street Journal: পৃষ্ঠা A1. https://www.wsj.com/articles/SB118556810848880619.