সমললৈ যাওক

সৈনিক (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৈনিক

ডিভিডি কভাৰ
পৰিচালক ছিকন্দৰ ভাৰতী
ৰচনা মদন যোশী
ধৰম বীৰ ৰাম
প্ৰযোজক জিমী নিৰুলা
অভিনয়ত অক্ষয় কুমাৰ
অশ্বিনী ভাৱে
ৰোনিত ৰয়
ফাৰহীন
চিত্ৰগ্ৰহণকাৰী কিশোৰ কাপাড়িয়া
সম্পাদনা নন্দ কুমাৰ
সংগীত পৰিচালক নদীম শ্ৰৱণ
পৰিবেশক মনীষ আৰ্টছ
মুক্তি
১০ ছেপ্টেম্বৰ ১৯৯৩ (1993-09-10)
দেশ ভাৰত
ভাষা হিন্দী

সৈনিক (ইংৰাজী: Sainik) হʼল ছিকন্দৰ ভাৰতীৰ পৰিচালনাত নিৰ্মিত, ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত, এখন ভাৰতীয় একশ্যনধৰ্মী চলচ্চিত্ৰ। ছবিখনত অভিনয়-শিল্পী অক্ষয় কুমাৰ, অশ্বিনী ভাৱে, ৰোনিত ৰয়, আৰু ফাৰহীনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[1]

ছবিখনৰ কাহিনী যশপাল দত্তৰ পুত্ৰ সেনা বিষয়া সুৰজ দত্তক লৈ নিৰ্মিত। সুৰজে মহিলা কলেজ এখনত ভনীয়েক মিনিক লগ কৰিবলৈ যাওঁতে ভনীয়েকৰ বান্ধৱী অলকাৰ প্ৰেমত পৰে। অতি সোনকালেই দুয়োৰে বিয়া হয় যদিও সেনাবাহিনীত নিযুক্ত সুৰজক এবছৰীয়া মিছনৰ বাবে মাতি নিয়া হয়।

সুৰজ আঁতৰত থকাৰ সময়তে তেওঁক হত্যা কৰা হৈছে বুলি ঘৰলৈ এটি বাৰ্তা আহে। মিনি, অলকা, আৰু যশপাল প্ৰত্যেকেই এই বিষয়ে জানে কিন্তু ইজনে সিজনক নকয় কাৰণ তেওঁলোকে ভাবে যে এই কথা শুনি অন্যজন ভাঙি পৰিব।

ইফালে মিনিৰ সৈতে বিজয়ৰ বিয়া ঠিক হয় যদিও বিয়াৰ দিনাই মিন্নিক অপহৰণ কৰা হয়। তেনেতে সুৰজৰ পুনৰ আবিৰ্ভাৱ ঘটে। সুৰজ তেতিয়ালৈকে জীয়াই আছিল আৰু মিনিক ৰক্ষা কৰিছিল। শেষত, সকলোৱে পুনৰ একত্ৰিত হোৱাৰে কথাছবিখনৰ অন্ত পৰে।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • লেফটেনেণ্ট সুৰজ দত্তৰ চৰিত্ৰত অক্ষয় কুমাৰ
  • অলকা দত্তৰ চৰিত্ৰত অশ্বিনী ভাৱে
  • সোণু ওবেৰাইৰ চৰিত্ৰত প্ৰদীপ কুমাৰ
  • বিজয় ঘাইৰ চৰিত্ৰত ৰোনিত ৰয়
  • মিনি দত্তৰ চৰিত্ৰত ফাৰহীন
  • অৱসৰপ্ৰাপ্ত কৰ্ণেল যশপাল দত্তৰ চৰিত্ৰত অনুপম খেৰ
  • বিহাৰীৰ চৰিত্ৰত আলোকনাথ
  • গজৰাজ চৌধুৰীৰ চৰিত্ৰত ৰঞ্জিত
  • গুড্ডুৰ চৰিত্ৰত লক্ষ্মীকান্ত বেৰ্ডে
  • গুড্ডিৰ চৰিত্ৰত গুড্ডি মাৰুতি
  • অলকাৰ পিতৃৰ চৰিত্ৰত সতীশ শ্বাহ

সংগীত পৰিচালক যুটি নদীম-শ্ৰৱণে ছবিখনৰ সংগীত ৰচনা কৰিছিল আৰু গীতৰ কথা লিখিছিল গীতিকাৰ সমীৰ অঞ্জানে।

# গীত কণ্ঠশিল্পী
"জাম ৱহ হায় জো ভৰ কে" কুমাৰ চানু
"মেৰী ৱাফায়েঁ য়াদ কৰোগে" কুমাৰ চানু, আশা ভোছলে
"কিতনি হছৰত হায় হামেইঁ" কুমাৰ চানু, সাধনা সৰগম
"বাবুল কা ঘৰ ছোড় কে" কুমাৰ চানু, অলকা য়াগনিক
"হামকো হুয়া হায় প্যাৰ" বিনোদ ৰাথোৰ, অলকা য়াগনিক
"হেই মেৰী সাঁসো মেইঁ মেৰে পিয়া" সুহাসিনী

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদনত ছবিখনৰ সম্পৰ্কে এইদৰে লিখা হৈছিল, "এয়া দেশপ্ৰেম, হিন্দী চিনেমাৰ শৈলী। সেনাবাহিনীৰ দৃশ্যবোৰ শোচনীয়। সংগীত ভাল। মুঠৰ ওপৰত ছবিখন সহ্য কৰিব পৰাতকৈ তলৰ খাপৰ।" [2]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Sainik". Box Office India. Archived from the original on 7 August 2022. https://web.archive.org/web/20220807152835/https://boxofficeindia.com/movie.php?movieid=3855। আহৰণ কৰা হৈছে: 17 December 2023. 
  2. "Latest movie releases". India Today. 30 September 1993. Archived from the original on 17 December 2023. https://web.archive.org/web/20231217182228/https://www.indiatoday.in/magazine/your-week/story/19930930-latest-movie-releases-812059-1993-09-29। আহৰণ কৰা হৈছে: 17 December 2023. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]