সোণকোষ নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সোণকোষৰ পৰা পুনঃনিৰ্দেশিত)
সোণকোষ নদীৰ পাৰত ভূটানৰ ৱাংডু ফটৰাং জং

সোণকোষ বা গদাধৰ বা স্বৰ্ণকোষ ব্ৰহ্মপুত্ৰ নদৰ উত্তৰবাহিনী উপনৈ। ইয়াৰ উদ্ভৱ উত্তৰ ভূটানত। ই ভাৰতঅসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদত লগ লাগিছে। ভূটানত ইয়াৰ নাম পুনাৎসাংগ ছ্যূ। ইয়াৰ দুটা মুখ্য উপনৈ ফ ছ্যু আৰু ম ছ্যু ভূটানৰ পোনাখাত মিলিত হৈছে। এই দুই নদী লগ হোৱা পোনাখা ভুটানৰ অন্যতম ধুনীয়া ভূটানী স্থাপত্যশৈলীৰ জং। এই জং ভুটানৰ ড্ৰাটচাং লেহেটচঙৰ শীতকালৰ বাসগৃহ। ভূটানৰ পৰা ভাৰতত সোমাই ই অসম আৰু পশ্চিম বংগ ৰাজ্যৰ প্ৰাকৃতিক সীমা সৃষ্টি কৰিছে।

বৰ্হি সংযোগ[সম্পাদনা কৰক]