সমললৈ যাওক

সোণালী গুলাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সোণালী গুলাটী
বঁটা, সন্মান, পুৰস্কাৰ আদি গুগেনহাইম ফেল’শ্বিপ, ক্ৰিয়েটিভ কেপিটেল ফাউণ্ডেশ্যন বঁটা
ৱেবছাইট
https://www.sonalifilm.com/

সোণালী গুলাটী এগৰাকী ভাৰতীয় আমেৰিকান স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা, নাৰীবাদী, তৃণমূল পৰ্যায়ৰ কৰ্মী, আৰু শিক্ষাবিদ।[1]

গুলাটি ভাৰতৰ নতুন দিল্লীত ডাঙৰ-দীঘল হৈছিল।[2] তেওঁৰ মাতৃ, এগৰাকী শিক্ষয়িত্ৰী আৰু বস্ত্ৰ ডিজাইনাৰ,[3] তেওঁক স্বতন্ত্ৰভাৱে ডাঙৰ-দীঘল কৰিছিল,[4] তেওঁ কেইবাখনো ছবি নিৰ্মাণ কৰিছে যি বিশ্বজুৰি পাঁচশতকৈও অধিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। তেওঁৰ ছবিসমূহ হিৰ্ছহৰ্ণ মিউজিয়াম, বষ্টনৰ মিউজিয়াম অৱ ফাইন আৰ্টছ, নেচনেল মিউজিয়াম অৱ উইমেন ইন দ্য আৰ্টছৰ দৰে স্থানত আৰু মাৰ্গাৰেট মিড ফিল্ম ফেষ্টিভেল, ব্লেক মাৰিয়া ফিল্ম ফেষ্টিভেল, স্লেমডান্স ফিল্ম ফেষ্টিভেল, আৰু ব্লেকষ্টাৰ ফিল্ম ফেষ্টিভেলৰ দৰে চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।

টেম্পল বিশ্ববিদ্যালয়ৰ পৰা ফিল্ম এণ্ড মিডিয়া আৰ্টছত এম এফ এ, আৰু মাউণ্ট হলিয়ক কলেজৰ পৰা সমালোচনাত্মক সামাজিক চিন্তাত বি এ ডিগ্ৰী লাভ কৰিছে।[5]

বৰ্তমান তেওঁ ভাৰ্জিনিয়া কমনৱেলথ বিশ্ববিদ্যালয়ৰ ফটোগ্ৰাফী আৰু চলচ্চিত্ৰ বিভাগৰ অধ্যাপিকা।[5]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

চোণালী গুলটীয়ে কেইবাটাও চুটি চলচ্চিত্ৰ আৰু এটা পূৰ্ণ দৈৰ্ঘ্যৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে।[1]

গুলটীৰ ২০০৫ চনৰ বঁটা বিজয়ী তথ্যচিত্ৰ নলিনী বাই ডে, নেন্সী বাই নাইট ভাৰতত ব্যৱসায়িক প্ৰক্ৰিয়া আউটছ'ৰ্চিংক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। এই চলচ্চিত্ৰটো আমেৰিকা, কানাডা, ইউৰোপ, অষ্ট্ৰেলিয়া, নিউ জিলেণ্ড, মধ্য প্ৰাচ্য, দক্ষিণ এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ ৰাজহুৱা টেলিভিছনত প্ৰচাৰ কৰা হৈছিল।

তেওঁৰ আই এম নামৰ চলচ্চিত্ৰই ১৪টা বঁটা লাভ কৰিছে আৰু এতিয়াও ব্যাপকভাৱে প্ৰদৰ্শিত হৈ আছে।

গুলটীৰ বঁটা বিজয়ী তথ্যচিত্ৰ আই এম আমেৰিকা আৰু পৰ্তুগালৰ ৰাজহুৱা আৰু কেবল টেলিভিছনত প্ৰচাৰ হৈছিল। তেওঁৰ তথ্যচিত্ৰ নলিনী বাই ডে, নেন্সী বাই নাইট আমেৰিকা, কানাডা, ইউৰোপ, অষ্ট্ৰেলিয়া, নিউ জিলেণ্ড, দক্ষিণ এছিয়া, আৰু উত্তৰ আফ্ৰিকাত টেলিভিছনত প্ৰচাৰ হৈছিল।

চলচ্চিত্ৰ তালিকা

[সম্পাদনা কৰক]
  • অকিউপাই [6] (কাৰ্য প্ৰগতিৰ অৱস্থাত)
  • বাই বাই লালাবাই (২০২৩)
  • মাইলছ এণ্ড কিলোমিটাৰছ (২০২১)
  • বিগ টাইম-মাই ডুডলড ডায়েৰী (২০১৫)
  • আই এম [7] (২০১১)
  • ২৪ ফ্ৰেমছ পাৰ ডে (২০০৮)
  • নলিনী বাই ডে, নেন্সী বাই নাইট (২০০৫)
  • হোৱেৰ ইজ দেৰ ৰুম? (২০০২)
  • নেম আই ক'ল মাইচেলফ (২০০১)
  • বেৰফিট (২০০০)
  • ছাম ট'টেল (১৯৯৯)

গুলটী "ফিল্ম" শাখাত গুগেনহাইম ফেলো। তেওঁ থাৰ্ড ৱেভ ফাউণ্ডেশ্যন, ৱৰ্ল্ড ষ্টুডিঅ' ফাউণ্ডেশ্যন, ৰবাৰ্ট গিয়াৰ্ড মেম'ৰিয়েল ফেল'শ্বিপ, থেৰেছা প'ল্যাক প্ৰাইজ ফৰ এক্সেলেন্স ইন দ্য আৰ্টছ, চেণ্টাৰ ফৰ এছিয়ান আমেৰিকান মিডিয়া (চিএএএম), ভিচিইউ স্কুল অৱ দ্য আৰ্টছ ফেকাল্টী এৱাৰ্ড অৱ এক্সেলেন্স ভাৰ্জিনিয়া ক্ৰিয়েটিভ কেপিটেল-ৰ বঁটা, অনুদান আৰু ফেলোশ্বিপ লাভ কৰিছে। ২০১৩ চনত তেওঁ গুগেনহাইম ফেলো আছিল।

তেওঁৰ আই এম চলচ্চিত্ৰই আমেৰিকা আৰু ভাৰতত কেইবাটাও বঁটা লাভ কৰে:

  • গে/লেছ্বিয়ান উৎসৱৰ বঁটা (২০১১), গ্ৰেট লেকছ ফিল্ম ফেষ্টিভেল[8]
  • বিশেষ জুৰি বঁটা (২০১১), কাশিশ মুম্বাই আন্তঃলিঙ্গ চলচ্চিত্ৰ উৎসৱ[9]
  • ডকুমেণ্টাৰী ফিচাৰৰ বাবে দৰ্শক পচন্দ বঁটা (২০১১), ফিলাডেলফিয়া এছিয়ান আমেৰিকান ফিল্ম ফেষ্টিভেল[10]
  • জুৰি বঁটা, ১০তম এছিয়ান ফিল্ম ফেষ্টিভেল, ডালাছ, টেক্সাছ[11]
  • জুৰি বঁটা: শ্ৰেষ্ঠ তথ্যচিত্ৰ, ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ লছ এঞ্জেলেছ (IFFLA)[12]
  • "প্লেচ অফ ছেইফ লেণ্ডিং", কুইয়াৰ পটলি - মেমৰীছ, ইমেজিনেশ্যনছ এণ্ড ৰি-ইমেজিনেশ্যনছ অৱ আৰ্বান কুইয়াৰ স্পেচেছ ইন ইণ্ডিয়া, সম্পাদনা: পৱন ধল্ল, কিউআই পাব্লিচিং, ২০১৬
  • "দা ফাইট টু লিভ", আউটলুক, আউটলুক পাব্লিচিং গ্ৰুপ, ২ জুলাই ২০১৫
  • "ৱেলকাম টু ইয়ৰ অ'ন ফেষ্টিভেল: ৰিভিউ অন নিগাহ কুইয়াৰফেষ্ট’০৭", বিব্লিঅ’ : এ ৰিভিউ অৱ বুকছ, খণ্ড. XII, সংখ্যা. ৫ & ৬, জুন ২০০৭
  • "কনফেচনছ অৱ এ দেশিডাইক: এ ফিল্মমেকাৰৰ জাৰ্নি ফ্ৰ’ম ইগন’ৰেন্স", ট্ৰিক’ন মেগাজিন, খণ্ড. ২০, সংখ্যা. ৪, মাৰ্চ ২০০৬
  • "ছাম ট'টেল", বিকজ আই হেভ এ ভইচ: কুইয়াৰ প'লিটিকছ ইন ইণ্ডিয়া, সম্পাদনা: অৰবিন্দ নাৰেইন আৰু গৌতম ভান, যোডা প্ৰেছ, ২০০৫

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Feminists We Love: Sonali Gulati". The Feminist Wire. http://thefeministwire.com/2013/03/feminists-we-love-sonali-gulati/ আহৰণ কৰা হৈছে: 22 May 2014.
  2. "BIO" (en-US ভাষাত). Sonali Gulati. https://www.sonalifilm.com/about আহৰণ কৰা হৈছে: 2022-10-12.
  3. Smith, Tammie (29 April 2012). "Filmmaker Sonali Gulati explores layers of identity" (en ভাষাত). Richmond Times-Dispatch. https://richmond.com/entertainment/filmmaker-sonali-gulati-explores-layers-of-identity/article_73bcfbf3-48de-52b6-9908-312f1f528a02.html আহৰণ কৰা হৈছে: 2022-10-12.
  4. "Feminists We Love: Sonali Gulati – The Feminist Wire" (en-US ভাষাত). https://thefeministwire.com/2013/03/feminists-we-love-sonali-gulati/ আহৰণ কৰা হৈছে: 2022-10-12.
  5. 1 2 "Sonali Gulati". Mount Holyoke College. 8 June 2012. Archived from the original on 22 May 2014. https://web.archive.org/web/20140522091316/https://www.mtholyoke.edu/175/gallery/sonali-gulati আহৰণ কৰা হৈছে: 22 May 2014.
  6. "BlackStar Is the North Star for BIPOC Media Artists" (en ভাষাত). International Documentary Association. 2022-08-26. https://www.documentary.org/feature/blackstar-north-star-bipoc-media-artists আহৰণ কৰা হৈছে: 2022-10-12.
  7. "I AM". www.sonalifilm.com. Archived from the original on 2017-04-30. https://web.archive.org/web/20170430173617/http://www.sonalifilm.com/I-AM.html আহৰণ কৰা হৈছে: 2016-03-09.
  8. "Day & Lesbian" (en ভাষাত). greatlakesfilmfest.com. 2011. https://greatlakesfilmfest.com/past-festival/2011-2/#content আহৰণ কৰা হৈছে: 3 July 2023.
  9. "Kashish 2011" (en-US ভাষাত). KASHISH Mumbai International Queer Film Festival. https://mumbaiqueerfest.com/kashish-2011-2/ আহৰণ কৰা হৈছে: 2022-10-12.
  10. "2011 Season" (en-US ভাষাত). Philadelphia Asian American Film Festival. Archived from the original on 2022-10-12. https://web.archive.org/web/20221012100559/https://paaff.org/2011-season/ আহৰণ কৰা হৈছে: 2022-10-12.
  11. "2011 (10th) Asian Film Festival of Dallas".
  12. "Udaan, I Am among winners at Indian Film Festival of LA". https://www.screendaily.com/udaan-i-am-among-winners-at-indian-film-festival-of-la/5026341.article.