সোনম মালিক
| সোনম মালিক | |||||||||||||||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||||||||
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||||||||||||||||||||
| জন্ম | ১৫ এপ্ৰিল, ২০০২ (২৪ বছৰ) সোণিপত, হাৰিয়ানা, ভাৰত | ||||||||||||||||||||||||||||||||||||
| ক্ৰীড়া | |||||||||||||||||||||||||||||||||||||
| ক্ৰীড়া | ফ্ৰীষ্টাইল কুস্তি | ||||||||||||||||||||||||||||||||||||
| শিতান | ৬২ কেজি | ||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
| |||||||||||||||||||||||||||||||||||||
সোনম মালিক (জন্ম: ১৫ এপ্ৰিল ২০০২) হাৰিয়ানাৰ সোণিপতৰ এগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু। তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়াত এটা সোণৰ পদক আৰু বিশ্ব কেডেট কুস্তি চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক জয় কৰিছে। তেওঁ ২০২২ চনৰ এছিয়ান গেমছত ৬২ কেজি শাখাৰ ফ্ৰীষ্টাইল কুস্তিত ব্ৰঞ্জৰ পদক জয় কৰিছিল।[1][2]
ব্যক্তিগত জীৱন আৰু পটভূমি
[সম্পাদনা কৰক]মালিকৰ জন্ম ২০০২ চনৰ ১৫ এপ্ৰিলত হাৰিয়ানাৰ সোণিপতৰ মদিনা গাঁৱত হৈছিল। তেওঁৰ দেউতাক আৰু এজন সম্পৰ্কীয় ভাতৃও মল্লযুঁজাৰু আছিল, যাৰ প্ৰভাৱত মালিকে এই খেলবিধক কেৰিয়াৰ হিচাপে বাছি লৈছিল। তেওঁ নিজৰ গাঁৱৰে নেতাজী সুভাষ চন্দ্ৰ বসু ক্ৰীড়া প্ৰকল্পত প্ৰশিক্ষক অজমেৰ মালিকৰ অধীনত প্ৰশিক্ষণত যোগদান কৰিছিল। আৰম্ভণিতে ক্ৰীড়াৰ সুবিধা পৰ্যাপ্ত নাছিল আৰু প্ৰশিক্ষণ একাডেমীত অনুশীলনৰ বাবে মেট নাছিল। খেলুৱৈসকলে মাটিৰ ওপৰত প্ৰশিক্ষণ ল’বলগীয়া হৈছিল, কিন্তু বৰষুণৰ দিনত মাটিখিনি বোকা হৈ পৰিছিল, যাৰ ফলত খেলুৱৈসকলে বাধ্য হৈ ৰাস্তাত অনুশীলন কৰিছিল।[3]
২০১৭ চনত এটা প্ৰতিযোগিতাত মল্লযুঁজাৰুগৰাকীৰ কান্ধত আঘাত লাগিছিল। ইয়াৰ চিকিৎসা প্ৰায় ডেৰ বছৰ ধৰি চলিছিল। ক্ৰীড়া জীৱনৰ উপৰিও মালিকে বৰ্তমান কলা শাখাৰ স্নাতক ডিগ্ৰী লাভৰ বাবে অধ্যয়ন কৰি আছে।[4]
পেচাদাৰী কেৰিয়াৰ
[সম্পাদনা কৰক]মালিকে ২০১৬ চনৰ ৰাষ্ট্ৰীয় স্কুল গেমছত সোণৰ পদক জয় কৰিছিল। ২০১৭ চনত তেওঁ কেডেট নেচনেল চেম্পিয়নশ্বিপত ৰূপ, ৱৰ্ল্ড স্কুল গেমছত সোণ, কেডেট এছিয়ান কুস্তি চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে আৰু কেডেট ৱৰ্ল্ড কুস্তি চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰি সামৰণি মাৰে। ২০১৮ চনত তেওঁ কেডেট এছিয়ান কুস্তি চেম্পিয়নশ্বিপ আৰু কেডেট ৱৰ্ল্ড কুস্তি চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০১৯ চনত মালিকে পুনৰ কেডেট ৱৰ্ল্ড কুস্তি চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰে।[4]
২০২০ চনত তেওঁ ২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী সাক্ষী মালিকক দুবাৰকৈ পৰাস্ত কৰে। ইয়াৰে প্ৰথমটো জয় আহিছিল জানুৱাৰীত এছিয়ান চেম্পিয়নশ্বিপৰ বাবে অনুষ্ঠিত ট্ৰায়েলত আৰু পৰৱৰ্তী সময়ত ফেব্ৰুৱাৰীত এছিয়ান অলিম্পিক কোৱালিফায়াৰৰ বাবে অনুষ্ঠিত নিৰ্বাচনত।[5][6]
বুলগেৰিয়াৰ চফিয়াত অনুষ্ঠিত ২০২২ চনৰ বিশ্ব জুনিয়ৰ কুস্তি চেম্পিয়নশ্বিপত মালিকে ৰূপৰ পদক লাভ কৰে।[7] তেওঁ ছাৰ্বিয়াৰ বেলগ্ৰেডত অনুষ্ঠিত ২০২২ চনৰ বিশ্ব কুস্তি চেম্পিয়নশ্বিপৰ ৬২ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।[8]
চীনৰ হাংঝৌত অনুষ্ঠিত ২০২২ চনৰ এছিয়ান গেমছত মহিলাৰ ৬২ কেজি শাখাত মালিকে এটা ব্ৰঞ্জৰ পদক জয় কৰে।[2] ব্ৰঞ্জৰ পদকৰ যুঁজখনত তেওঁ চীনৰ লং জিয়াক পৰাস্ত কৰিছিল।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Desk, TOI Sports (6 Oct 2023). "Asian Games: Sonam Malik wins bronze in women's 62kg wrestling". The Times of India. https://timesofindia.indiatimes.com/sports/asian-games-2023/india-asian-games/asian-games-sonam-malik-wins-bronze-in-womens-62kg-wrestling/articleshow/104212244.cms?from=mdr। আহৰণ কৰা হৈছে: 6 Oct 2023.
- 1 2 3 "2022 Asian Games Wrestling Results Book". United World Wrestling. Archived from the original on 26 November 2023. https://web.archive.org/web/20231126104236/https://d3u2kdyvfaxwhl.cloudfront.net/s3fs-public/2023-10/final-book-19th_asian_games.pdf?VersionId=9H_h8q43B_vk2i2naUW65gaX0JclYtZX। আহৰণ কৰা হৈছে: 10 March 2024.
- ↑ "सोनम मलिक: ओलंपिक मेडल जीतने का सपना देखने वाली पहलवान" (hi ভাষাত). BBC News हिंदी. https://www.bbc.com/hindi/sport-55696313.
- 1 2 "Sonam Malik" (en-US ভাষাত). WrestlingTV. https://wrestlingtv.in/sonam-malik/। আহৰণ কৰা হৈছে: 2021-02-17.
- ↑ "Sonam Malik stuns Sakshi Maliik in trials" (en ভাষাত). The Times of India. 4 January 2020. https://timesofindia.indiatimes.com/sports/more-sports/wrestling/sonam-malik-stuns-sakshi-malik-in-trials/articleshow/73096736.cms। আহৰণ কৰা হৈছে: 2021-02-17.
- ↑ "Wrestlers Anshu Malik, Sonam Malik qualify for Tokyo Olympics; door shut on Sakshi Malik". The Times of India. 10 April 2021. https://timesofindia.indiatimes.com/sports/more-sports/wrestling/anshu-malik-sonam-malik-win-tokyo-olympics-quota-in-wrestling/articleshow/82003434.cms। আহৰণ কৰা হৈছে: 8 May 2021.
- ↑ "2022 World Junior Wrestling Championships Results Book". United World Wrestling. Archived from the original on 15 October 2023. https://web.archive.org/web/20231015205629/https://cdn.uww.org/s3fs-public/2022-08/results_08_sofia.pdf?VersionId=4glXIzpgYWU8OxT4LJf6GGMkFGWsF0Rm.
- ↑ "Sonam Malik profile page" (en ভাষাত). uww.org. https://uww.org/athletes/sonam-sonam। আহৰণ কৰা হৈছে: 2023-10-22.