সমললৈ যাওক

সোয়াৰাবাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সোয়াৰাবাই (অসমীয়া উচ্চাৰণ:চোৱাৰাবাই) ভাৰতৰ চতুৰ্দশ শতিকাৰ মহাৰাষ্ট্ৰৰ মহাৰ জাতিৰ এগৰাকী সাধু আছিল। তেওঁ তেওঁৰ স্বামী চোখামেলাৰ শিষ্যা আছিল।[1][2]

সোয়াৰাবায়ে নিজৰ পৰিকল্পিত অমিত্ৰাক্ষৰ ছন্দ ব্যৱহাৰ কৰি বৃহৎ সাহিত্যৰ কাঠামো তৈয়াৰ কৰিছিল। তেওঁ বহুত লিখিছিল যদিও প্ৰায় ৬২খন গ্ৰন্থৰ বিষয়েহে জনা যায়।[1] তেওঁৰ অভংগত তেওঁ নিজকে চোখামেলাৰ মহাৰী বুলি উল্লেখ কৰিছে; দলিতক উপেক্ষা কৰা আৰু জীৱনটো কষ্টকৰ কৰাৰ বাবে ভগৱানক অভিযোগ কৰিছে। তেওঁৰ আটাইতকৈ মৌলিক পদবোৰ তেওঁ দেৱতাক দিয়া সহজ উপচাৰৰ বিষয়ে। তেওঁৰ কবিতাসমূহে তেওঁৰ ভগৱানৰ প্ৰতি থকা ভক্তিৰ বৰ্ণনা কৰে আৰু অস্পৃশ্যতাৰ প্ৰতি তেওঁৰ বিৰোধী কণ্ঠস্বৰ প্ৰকাশ কৰে।[3]

সোয়াৰাবাইৰ বিশ্বাস আছিল যে "শৰীৰ অশুচি বা প্ৰদূষিত হ’ব পাৰে, কিন্তু আত্মা সদায় পৰিষ্কাৰ, জ্ঞান বিশুদ্ধ।" শৰীৰটো জন্মতে অশুচি আৰু গতিকে কোনোবাই শৰীৰত বিশুদ্ধ বুলি কেনেকৈ দাবী কৰিব পাৰে? শৰীৰত বহুত প্ৰদূষণ আছে। কিন্তু শৰীৰৰ প্ৰদূষণ শৰীৰত থাকে। আত্মা ইয়াৰদ্বাৰা অস্পৃশ্য হয়।"[1]

সোয়াৰাবায়ে স্বামীৰ সৈতে পান্ধৰপুৰলৈ বাৰ্ষিক তীৰ্থযাত্ৰা কৰিছিল। গতানুগতিকভাবে, ব্ৰাহ্মণসকলে তেওঁলোকক হাৰাশাস্তি কৰিছিল যদিও তেওঁলোকৰ বিশ্বাস আৰু মানসিক শান্তি কেতিয়াও হেৰুওৱা নাছিল।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 Stewart-Wallace, editorial advisers Swami Ghananda, Sir John (1979). Women saints, east & west (1. U.S. সম্পাদনা). প্ৰকাশক Hollywood, Calif.: Vedanta. পৃষ্ঠা. 61. ISBN 0874810361. https://books.google.com/books?id=6IhLSGtuW_EC&pg=PA62. 
  2. Zelliot, Eleanor (2008). "Chokhamela, His Family and the Marathi Tradition". In Aktor, Mikael; Deliège, Robert. From Stigma to Assertion: Untouchability, Identity and Politics in Early and Modern India. প্ৰকাশক Copenhagen: Museum Tusculanum Press. পৃষ্ঠা. 76–86. ISBN 978-8763507752. 
  3. Mikael, Aktor, ed (2008). From Stigma to Assertion : Untouchability, Identity & Politics in Early & Modern India. প্ৰকাশক Copenhagen: Museum Tusculanum Press. পৃষ্ঠা. 81–85. ISBN 978-8763507752. https://books.google.com/books?id=zmKAqAQpIfwC&pg=PA82.