সোলি সৰাবজী
সোলি সৰাবজী | |
|---|---|
২০১১ চনত সৰাবজী | |
| ৭ম,ভাৰতৰ এটৰ্নী জেনেৰেল। | |
| কাৰ্যকাল ৭ এপ্ৰিল ১৯৯৮ – ৪ জুন ২০০৪ | |
| পূৰ্বসূৰী | অশোক দেশাই |
| উত্তৰসূৰী | মাইলছ কে বেনাৰ্জী |
| কাৰ্যকাল ৯ ডিচেম্বৰ ১৯৮৯ – ২ ডিচেম্বৰ ১৯৯০ | |
| পূৰ্বসূৰী | K. Parasaran |
| উত্তৰসূৰী | জি ৰামাস্বামী |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১৯৩০ চনৰ ৯ মাৰ্চ বম্বে, বম্বে প্ৰেচিডেঞ্চী, বৃটিছ ভাৰত (বৰ্তমানৰ মুম্বাই, মহাৰাষ্ট্ৰ,ভাৰত) |
| মৃত্যু | ৩০ এপ্ৰিল, ২০২১ (৯১ বছৰ) দিল্লী, ভাৰত |
| পুৰস্কাৰ | পদ্ম বিভূষণ পদ্ম ভূষণ অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়াৰ সন্মানীয় সদস্য |
সোলি জেহাংগীৰ সোৰাবজী (ইংৰাজী: Soli Jehangir Sorabjee) (অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়াৰ সন্মানীয় সদস্য) (জন্ম, ৯ মাৰ্চ ১৯৩০ – মৃতু,৩০ এপ্ৰিল ২০২১) এজন ভাৰতীয় আইনবিদ আছিল যিয়ে ১৯৮৯ চনৰপৰা ১৯৯০ চনলৈ আৰু পুনৰ ১৯৯৮ চনৰপৰা ২০০৪ চনলৈকে ভাৰতৰ এটৰ্নী জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1] ২০০২ চনত তেওঁ মত প্ৰকাশৰ স্বাধীনতা ৰক্ষা আৰু মানৱ অধিকাৰ সুৰক্ষাৰ বাবে পদ্ম বিভূষণ বঁটা লাভ কৰে। [2][3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৩০ চনৰ ৯ মাৰ্চত বম্বেত পাৰ্চী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ছলি জেহাংগীৰ সোৰাবজীৰ।[4][5] তেওঁ মুম্বাইৰ ভৰ্দা নিউ হাইস্কুল আৰু মুম্বাই]]€€€ৰ ছেইণ্ট জেভিয়াৰ কলেজ আৰু মুম্বাইৰ চৰকাৰী আইন মহাবিদ্যালয়ত অধ্যয়ন কৰে আৰু ১৯৫৩ চনতবাৰত নামভৰ্তি কৰে।[6] চৰকাৰী আইন মহাবিদ্যালয়ত তেওঁ ৰোমান আইন আৰু ন্যায়বিজ্ঞানত কিনলচ ফৰ্বছ সোণৰ পদক লাভ কৰে (১৯৫২)। [7]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৭১ চনত ছ’ৰাবজীক বম্বে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিয়া হয়। ১৯৭৭ চনৰপৰা ১৯৮০ চনলৈকে তেওঁ ভাৰতৰ চলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৮৯ চনৰ ৯ ডিচেম্বৰৰপৰা ১৯৯০ চনৰ ২ ডিচেম্বৰলৈ আৰু পুনৰ ১৯৯৮ চনৰ ৭ এপ্ৰিলত তেওঁ ভাৰতৰ এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে। [3]
২০০২ চনৰ মাৰ্চ মাহত ছলি সোৰাবজীয়ে মত প্ৰকাশৰ স্বাধীনতা আৰু মানৱ অধিকাৰ ৰক্ষাৰ বাবে পদ্ম বিভূষণ বঁটা লাভ কৰে।[8] জৰুৰীকালীন অৱস্থাৰ সময়ত (১৯৭৫–১৯৭৭) সোৰাবজীয়ে ৰাজনৈতিক বন্দীসকলক আইনী সেৱা আগবঢ়াইছিল।[4] পিছলৈ তেওঁ নাগৰিক ন্যায় সমিতিত কাৰ্যনিৰ্বাহ কৰিছিল, যিয়ে ১৯৮৪ চনৰ শিখ বিৰোধী দাঙ্গাৰ বলি হোৱা লোকসকলক ব'ন'ত প্ৰতিনিধিত্ব কৰিছিল।[9]
২০০৬ চনৰ মাৰ্চ মাহত তেওঁক "অষ্ট্ৰেলিয়া-ভাৰত দ্বিপাক্ষিক আইনী সম্পৰ্কৰ সেৱাৰ বাবে" অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া (এ এম)ৰ সন্মানীয় সদস্য হিচাপে নিযুক্তি দিয়া হয়। [10] ভাৰতীয় সংবিধানৰ ব্যাখ্যা সম্পৰ্কীয় কেইবাটাও নজিৰ নিৰ্ধাৰণকাৰী গোচৰৰ সৈতে জড়িত আছিল সোৰাবজী। সোৰাবজী আৰু ফালি নৰিমানে কেছাৱানন্দ ভাৰতী বনাম কেৰালা ৰাজ্যৰ গোচৰত আবেদনকাৰীৰ অধিবক্তাক সহায় কৰিছিল, য'ত সংসদক সংবিধানৰ "মৌলিক গাঁথনি" সলনি কৰাত বাধা আৰোপ কৰা হৈছিল। ছলিচিটৰ জেনেৰেল হিচাপে তেওঁ মানেকা গান্ধী বনাম ইউনিয়ন অৱ ইণ্ডিয়া গোচৰত চৰকাৰৰ আইনী প্ৰতিনিধি দলৰ সদস্য আছিল, য'ত সংবিধানৰ ২১ নং অনুচ্ছেদে ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ বলবৎ কৰে বুলি ৰায় দিছিল।[11] ৰাষ্ট্ৰপতিৰ শাসনৰ ওপৰত বাধা আৰোপ কৰা এছ আৰ বমমাই বনাম ইউনিয়ন অৱ ইণ্ডিয়া [12] আৰু আই আৰ ক'লহ' বনাম তামিলনাডু ৰাজ্যৰ গোচৰতো তেওঁ জড়িত আছিল, যিয়ে সংবিধানৰ নৱম অনুসূচীৰ অধীনত গৃহীত আইনসমূহ ন্যায়িক পৰ্যালোচনাৰপৰা মুক্ত নহয় বুলি ৰায় দিছিল। বি পি সিংঘল বনাম ইউনিয়ন অৱ ইণ্ডিয়া গোচৰত উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে ৰাজ্যৰ গৱৰ্ণৰসকলক বিনা কাৰণত পদৰপৰা অপসাৰণ কৰিব নোৱাৰি। [13] তেওঁ আবেদনকাৰীক সহায় কৰিছিল শ্ৰেয়া সিংঘল বনাম ইউনিয়ন অৱ ইণ্ডিয়া গোচৰত, যিয়ে তথ্য প্ৰযুক্তি আইন, ২০০০ত অনলাইন ভাষণৰ ওপৰত থকা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাইছিল। [12]
কাৰ্য্যকাল
[সম্পাদনা কৰক]তেওঁ ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেলৰ অধ্যক্ষ আৰু সংখ্যালঘু অধিকাৰ গোটৰ আহ্বায়ক আছিল। ১৯৯৭ চনত তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ বাবে নাইজেৰিয়াৰ বিশেষ প্ৰতিবেদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু ১৯৯৮ চনৰপৰা ৰাষ্ট্ৰসংঘৰ বৈষম্য প্ৰতিৰোধ আৰু সংখ্যালঘু সুৰক্ষাৰ উপ-আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ছ’ৰাবজীয়ে ২০০০ চনৰপৰা ২০০৬ চনলৈকে হেগৰ স্থায়ী সালিসী আদালতৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। [14]
ছলি জে ছ’ৰাবজী কমনৱেলথ উকীল সংস্থাৰ উপ-সভাপতি আৰু আন্তঃৰাষ্ট্ৰীয় আইন সংস্থাৰ অস্ত্ৰ নিয়ন্ত্ৰণ আৰু নিৰস্ত্ৰকৰণ আইন সমিতিৰ সদস্য আছিল [14]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]সোৰবজী আছিল ননভোয় পালখিভালাৰ ঘনিষ্ঠ বন্ধু আৰু সহকৰ্মী। সোৰাবজীৰ কন্যা জিয়া মোডীও এগৰাকী উকীল আৰু এজেডবি এণ্ড পাৰ্টনাৰ্ছৰ অংশীদাৰ।[14] জিয়া মোডী হৈছে "ভাৰত সলনি কৰা ১০ বিচাৰ" নামৰ গ্ৰন্থখনৰ লেখক। India.[15] সোৰবজীয়ে তিনিজন পুত্ৰ—জাহাংগীৰ, এজন চিকিৎসক, হৰমাজদ সোৰবজী, অটোক’ৰ ইণ্ডিয়া আলোচনীৰ সম্পাদক আৰু জামছেদ।[16] —আৰু সাতজন নাতি-নাতিনী নিকি, আৰ্দেশীৰ, ৰিয়ান, মায়া, অঞ্জলি, আৰতি আৰু অদিতিক এৰি থৈ যায়। [17]
সোৰাবজী আছিল জাজ ইণ্ডিয়া এছ’চিয়েশ্যনৰ প্ৰথম সভাপতি। তেওঁ ক্লাৰিনেট বজাইছিল; তেওঁৰ প্ৰিয় শিল্পীসকলৰ ভিতৰত আছিল বেনি গুডমেন আৰু ডিজি গিলেস্পি। [4]
ক'ভিড-১৯ত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়, ২০২১ চনৰ ৩০ এপ্ৰিলত দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত য'ত তেওঁ চিকিৎসাধীন হৈ আছিল। [16]
প্ৰকাশিত কৰ্মৰাজি
[সম্পাদনা কৰক]গ্ৰন্থ
[সম্পাদনা কৰক]- (en ভাষাত) Law of Press Censorship in India. প্ৰকাশক Bombay: N.M. Tripathi. 1976. OCLC 639092798.
- The Emergency, Censorship and the Press in India, 1975–77. প্ৰকাশক London: Writers and Scholars Educational Trust. 1977. ISBN 0-904286-00-2. OCLC 3865883.
- (en ভাষাত) The Governor, Sage or Saboteur. প্ৰকাশক New Delhi: Roli Books International. 1985. OCLC 13797698.
- Law & Justice: An Anthology. প্ৰকাশক Delhi: Universal Law Pub. Co.. 2003. ISBN 81-7534-367-2. OCLC 55961332.
ৰচনা আৰু মনোগ্ৰাফ
[সম্পাদনা কৰক]- "Fundamental Rights". Public Law in India. প্ৰকাশক New Delhi: Vikas. 1982. ISBN 0-7069-1390-6. OCLC 9504480.
- Venkataramiah, E. S, ed (1988). "Protection of Human Rights in Emergencies" (en ভাষাত). Human Rights in the Changing World. প্ৰকাশক New Delhi: International Law Association, Regional Branch (India). OCLC 609511690. https://books.google.com/books?id=50aQAAAAMAAJ.
- "Equity in the United States and India". Constitutionalism and Rights: The Influence of the United States Constitution abroad. প্ৰকাশক New York: Columbia University Press. 1990. ISBN 0-231-06570-1. OCLC 18962022.
প্ৰবন্ধ
[সম্পাদনা কৰক]- "Obliging Government to Control Itself; Recent Development in Indian Administrative Law". Public Law. 1994. ISSN 0033-3565.
- "Freedom of Expression and Censorship: Some Aspects of the Indian Experience". Northern Ireland Legal Quarterly খণ্ড 45: 327–342. 1994. https://heinonline.org/HOL/LandingPage?handle=hein.journals/nilq45&div=38&id=&page=.
- Sorabjee, Soli K. (October 1993). "Freedom of Expression" (en ভাষাত). Commonwealth Law Bulletin খণ্ড 19 (4): 1712–1721. doi:10.1080/03050718.1993.9986320. ISSN 0305-0718.
He also wrote columns for the Indian Express.[18]
বঁটাসমূহ
[সম্পাদনা কৰক]তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ Mathur, Aneesha; Sharma, Nalini (30 April 2021). "Soli Sorabjee, former Attorney General of India, passes away after contracting Covid-19". India Today. https://www.indiatoday.in/india/story/soli-sorabjee-dies-suffering-from-covid19-1796522-2021-04-30। আহৰণ কৰা হৈছে: 9 April 2025.
- ↑ "Former attorney general Soli Sorabjee dies of Covid-19". The Times of India. 30 April 2021. https://timesofindia.indiatimes.com/india/former-attorney-general-soli-j-sorabjee-passes-away/articleshow/82321222.cms। আহৰণ কৰা হৈছে: 30 April 2021.
- 1 2 "Hall of Fame - Top 50". J. Sagar Associates. Archived from the original on 2 December 2012. https://web.archive.org/web/20121202101217/http://www.jsalaw.com/Admin/uplodedfiles/PublicationFiles/Hall%20of%20Fame_Top%2050_2010.pdf। আহৰণ কৰা হৈছে: 21 May 2013.
- 1 2 3 Yasir, Sameer (2021-05-06). "Soli Sorabjee, Eminent Indian Jurist and Jazz Lover, Dies at 91" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2021/05/06/obituaries/soli-sorabjee-dead-coronavirus.html.
- ↑ Tripathi, Ashish (2021-04-30). "Former Attorney General Soli Sorabjee passes away after contracting Covid-19" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/national/former-attorney-general-soli-sorabjee-passes-away-after-contracting-covid-19-980697.html.
- ↑ Rajagopal, Krishnadas (2021-04-30). "Former Attorney General of India Soli Sorabjee passes away" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/former-attorney-general-of-india-soli-sorabjee-passes-away/article34446454.ece.
- 1 2 "Soli Jehangeer Sorabjee". The Times Of India Group. 5 January 2003. https://timescontent.com/tss/showcase/preview-buy/8897/News/Soli-Jehangeer-Sorabjee.html.
- ↑ "Padma Vibhushan for Rangarajan, Soli Sorabjee". The Hindu. 2002-01-26. Archived from the original on 19 July 2009. https://web.archive.org/web/20090719113305/http://www.hindu.com/2002/01/26/stories/2002012605040100.htm। আহৰণ কৰা হৈছে: 26 January 2002.
- ↑ "25 Years after Indira Gandhi The lawyers in the Indira Gandhi Murder Trial and the 1984 Riots". 2 November 2009. Bar and Bench. 2 November 2009. http://barandbench.com/content/25-years-after-indira-gandhi-lawyers-indira-gandhi-murder-trial-and-1984-riots। আহৰণ কৰা হৈছে: 21 May 2013.
- ↑ "Award Extract". honours.pmc.gov.au. https://honours.pmc.gov.au/honours/awards/1129459.
- ↑ Vyas, Maulik. "Once you choose law as a profession, you don't retire till you die: Soli Sorabjee". The Economic Times. https://economictimes.indiatimes.com/news/india/once-you-choose-law-as-a-profession-you-dont-retire-till-you-die-soli-sorabjee/articleshow/82329284.cms.
- 1 2 "Legal Luminary Soli Sorabjee Passes Away Due to COVID-19". The Wire. https://thewire.in/law/legal-luminary-soli-sorabjee-passes-away-due-to-covid-19। আহৰণ কৰা হৈছে: 2021-04-30.
- ↑ Chhibber, Maneesh; Anand, Utkarsh (2014-06-18). "In 2010, SC ruled govt change not a ground to remove Governors" (en ভাষাত). The Indian Express. https://indianexpress.com/article/india/india-others/in-2010-sc-ruled-govt-change-not-a-ground-to-remove-governors/.
- 1 2 3 "In Conversation with Soli Sorabjee". Legal Era. Archived from the original on 22 May 2013. https://web.archive.org/web/20130522190947/http://legalera.in/component/k2/item/26-in-conversation-with-soli-sorabjee। আহৰণ কৰা হৈছে: 21 May 2013.
- ↑ "It's a tight balance for the Supreme Court, says Zia Mody". www.livemint.com. 31 August 2013. http://www.livemint.com/Politics/VNQTxDgBAg36bsrFaOoKaP/Its-a-tight-balance-for-the-Supreme-Court-says-Zia-Mody.html। আহৰণ কৰা হৈছে: 30 April 2021.
- 1 2 "Soli Sorabjee, Former Attorney General, Dies Of COVID-19". https://www.ndtv.com/india-news/soli-sorabjee-former-attorney-general-dies-of-covid-19-he-was-91-2424976.
- ↑ Saxena, Aditi (6 November 2014). "Law bores me, says Zia Mody's daughter Anjali". The Economic Times. http://economictimes.indiatimes.com/magazines/panache/law-bores-me-says-zia-modys-daughter-anjali/articleshow/45054265.cms। আহৰণ কৰা হৈছে: 30 April 2021.
- ↑ "Soli J. Sorabjee" (en ভাষাত). The Indian Express. 2019-01-17. https://indianexpress.com/profile/columnist/soli-j-sorabjee/। আহৰণ কৰা হৈছে: 2021-05-01.
- ↑ "Former attorney general, Padma Vibhushan awardee Soli Sorabjee dies during treatment for COVID-19". 2021-04-30. https://www.firstpost.com/india/former-attorney-general-padma-vibhushan-awardee-soli-sorabjee-dies-during-treatment-for-covid-19-9579311.html.
- ↑ "Justice Hegde Award for Soli Sorabjee". The Hindu. 27 April 2006. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/justice-hegde-award-for-soli-sorabjee/article3153312.ece। আহৰণ কৰা হৈছে: 25 April 2015.
বাহ্যিক সংযোগসমূহ
[সম্পাদনা কৰক]- Articles written by Sorabjee for The Indian Express
- Sorabjee on human Rights
- Sorabjee on racism[usurped]
- Sorabjee on independent journalism