সমললৈ যাওক

সোহিনী সেনগুপ্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সোহিনী সেনগুপ্ত
জন্ম কলকাতা, ভাৰত
পেচা অভিনেত্ৰী
দাম্পত্যসঙ্গী
  • গৌতম হালদাৰ (বি. ২০২৫; বিবি. ২০০৬)
  • সপ্তৰ্ষী মৌলিক (বি. ২০১৩)

সোহিনী সেনগুপ্ত (ইংৰাজী: Sohini Sengupta ) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী। সোহিনী অভিনেতা ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত আৰু স্বাতীলেখা সেনগুপ্তৰ কন্যা, যি থিয়েটাৰত সক্ৰিয় আছিল। সোহিনী বাংলা নাট্যগোষ্ঠী নান্দীকাৰৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী আছিল। গোষ্ঠীৰ সদস্য হিচাপে তেওঁ দেৱশংকৰ হালদাৰ, সুমন্ত গংগোপাধ্যায় আৰু পাৰ্থপ্ৰতীম দেৱৰ দৰে বিশিষ্ট নাট্য ব্যক্তিত্বসকলৰ সৈতে কাম কৰিছিল।[1] নাট্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০০৭ চনত সংগীত নাটক একাডেমীৰ ওস্তাদ বিচমিল্লা খান যুৱপুৰস্কাৰেৰে সন্মানিত হয়। অপৰ্ণা সেনৰ ছবি পাৰমিতাৰ এক দিনতো (২০০০)[2] তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ ২০০০ চনৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত আৰু স্বাতীলেখা সেনগুপ্তৰ ঘৰত কলকাতাত সোহিনী সেনগুপ্তৰ জন্ম হৈছিল। অভিনেতা গৌতম হালদাৰৰ সৈতে তেওঁৰ বিবাহ হয় আৰু ২০০৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ২০১৩ চনত তেওঁৰ সহ-অভিনেতা সপ্তৰ্শী মৌলিকৰ সৈতে এক ব্যক্তিগত অনুষ্ঠানত পুনঃ বিবাহপাশত আৱদ্ধ হয়।[3]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]