সোৰয়া কাছেমী
| সোৰয়া কাছেমী | |
|---|---|
২০১৯ চনত কাছেমী | |
| স্থানীয় নাম | ثریا قاسمی |
| জন্ম | ১৯ ডিচেম্বৰ, ১৯৪০ (৮৫ বছৰ) |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৭০–বৰ্তমান |
| দাম্পত্যসঙ্গী | ৰহিম বৰফৰাজ |
| পিতৃ-মাতৃ | হামিদেহ খেইৰাবাদী (মাতৃ) আলী মোলায়াছেম (পিতৃ) |
| সন্তান | ৩ |
সোৰয়া কাছেমী (ফাৰ্চী: ثریا قاسمی; জন্ম ১৯ ডিচেম্বৰ ১৯৪০) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁৰ জন্ম তেহৰাণত হৈছিল আৰু তেওঁৰ মাতৃ হামিদেহ খেইৰাবাদীক ইৰানী চলচ্চিত্ৰৰ মাতৃ হিচাপে জনা গৈছিল।[1][2][3][4][5][6]
কৰ্মজীৱন
[সম্পাদনা কৰক]সোৰয়া কাছেমী হৈছে এগৰাকী প্ৰখ্যাত ইৰানী অভিনেত্ৰী, যিয়ে ১৯৭৩ চনত "ঘেছে-য়ে ইশঘ" (টেল অৱ লাভ) ধাৰাবাহিকখনৰ জৰিয়তে দূৰদৰ্শনত অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। ১৯৭৯ চনৰ ইৰানী বিপ্লৱৰ পূৰ্বে তেওঁ চাৰিখন দূৰদৰ্শন ধাৰাবাহিক আৰু দুখন চলচ্চিত্ৰত অভিনয় কৰি ইৰানী মনোঞ্জন উদ্যোগত এগৰাকী উল্লেখযোগ্য অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।
বিপ্লৱৰ পিছত এক চুটি বিৰতিৰ অন্তত তেওঁ ১৯৮৬ চনত ৪৬ বছৰ বয়সত "খানেয়ে আব্ৰী" (দ্য ক্লাউডী হাউচ) চলচ্চিত্ৰখনৰ জৰিয়তে পুনৰ অভিনয়লৈ প্ৰত্যাৱৰ্তন কৰে আৰু ইয়াৰ এবছৰ পাছত "গোৰ্গ-হা" (ৱল্ভছ) ধাৰাবাহিকত অভিনয় কৰে। সমগ্ৰ কৰ্মজীৱনত কাছেমীয়ে অভিনয়ৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি বাৰুকৈয়ে বজাই ৰাখিছে, বিশেষকৈ কণ্ঠ অভিনয়ত পাৰদৰ্শিতা দেখুৱাইছে; যাৰ বাবে চিনামাত বহু বছৰ কাম কৰাৰ পাছতো তেওঁ এই বৃত্তিটোক অতি মৰমৰ বুলি গণ্য কৰে। নাছেৰ তাগভায়ীৰ কৰ্মসমূহত তেওঁ কৰা শক্তিশালী মহিলা চৰিত্ৰৰ ৰূপায়ণে ইৰানী চলচ্চিত্ৰত নাৰীৰ এক নতুন ৰূপ দাঙি ধৰিছিল।[7]
১৯৯০ চনৰ আৰম্ভণিতে কাছেমীয়ে বিভিন্ন দূৰদৰ্শন কাৰ্যসূচীৰ আঁত ধৰি আৰু ধ্ৰুপদী পাৰ্চী কবিতা আবৃত্তি কৰি অভিনয়ৰ গণ্ডীৰ বাহিৰলৈ গৈ নিজৰ বহুমুখী প্ৰতিভা প্ৰদৰ্শন কৰি কৰ্মজীৱনৰ পৰিসৰ বৃদ্ধি কৰিছিল।[7]
২০০১ চনত ১৯সংখ্যক ফাজৰ চলচ্চিত্ৰ মহোৎসৱত "মাৰাল" চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰিষ্টেল চিমৰ্ঘ বঁটা লাভ কৰাৰ পাছত এগৰাকী অভিনেত্ৰী হিচাপে কাছেমীৰ বহুমুখী প্ৰতিভা অধিক উজলি উঠে। এই স্বীকৃতিৰ পিছত তেওঁ অধিক বৈচিত্ৰ্যমজ় চৰিত্ৰ গ্ৰহণ কৰে, যাৰ কৰ্মৰ ভিতৰত "দ্য লাষ্ট চাপৰ" আৰু "দোখতাৰ শিৰীনি ফৰুচ" (দ্য পেষ্ট্ৰী গাৰ্ল) আদি চলচ্চিত্ৰ অন্যতম।[7]
"দ্য লাষ্ট চাপৰ" চলচ্চিত্ৰখনত তেওঁ কৰা চুটি অথচ প্ৰভাৱশালী অভিনয়ে তেওঁক ইৰানী চিনেমা হাউচৰপৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা আনি দিছিল। পৰৱৰ্তী সময়ত, "দোখتاৰ শিৰীনি ফৰুচ"ত লাভ কৰা সফলতাৰ পিছত তেওঁ কৌতুকধৰ্মী চলচ্চিত্ৰত অধিক মনোনিৱেশ কৰে।[7]
হামিদ লবখন্দেহ আৰু হাছান ফাঠীৰ পৰিচালনাত নিৰ্মিত ক্ৰমে "দাৰ পানাহ টো" (ইন ইউৰ প্ৰটেকচন) আৰু "ছাবে দহোম" (দ্য টেণ্ট নাইট) নামৰ দূৰদৰ্শন ধাৰাবাহিক দুখনত কৰা অভিনয়ে তেওঁক ব্যাপক জনপ্ৰিয়তা প্ৰদান কৰিছিল। ইয়াৰ উপৰি, টেলিভিছন নাটক যেনে— "টুৱাৰ্ডছ ডামাস্কাচ" (হামিদ সমন্দৰিয়ান), "নেক্ৰাছভ" (মহম্মদ ৰহমানিয়ান), আৰু "টুৱাৰ্ডছ কাবা" (তাজবখছ ফানাইয়ান) আদিত কৰা কাৰ্যই ইৰানী থিয়েটাৰত এগৰাকী মৰমৰ তথা সন্মানীয় ব্যক্তিত্ব হিচাপে তেওঁৰ স্থান সুদৃঢ় কৰিছিল।[7]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৭০ চনত সোৰয়া কাছেমীয়ে ৰহিম বৰফৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ তিনিটি সন্তান আছে: বেহৰুজ আৰু বাবাক নামৰ দুজন পুত্ৰ আৰু বানাফছেহ নামৰ এগৰাকী কন্যা।[7]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- "মাৰাল" (২০০১) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ১৯সংখ্যক ফাজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰিষ্টেল চিমৰ্ঘ বঁটা।
- "ভিলা ড্ৱেলাৰ্ছ" (২০১৬) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ৩৪সংখ্যক ফাজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ক্ৰিষ্টেল চিমৰ্ঘ বঁটা।
- "মাৰাল" চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে কানছাছ চিটি চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।
কেইবা দশক জোৰা কৰ্মজীৱনৰ জৰিয়তে সোৰয়া কাছেমী ইৰানী মনোঞ্জন উদ্যোগত নিষ্ঠা আৰু বহুমুখী প্ৰতিভাৰ এক প্ৰতীক হিচাপে পৰিগণিত হৈ আহিছে। বিভিন্ন মাধ্যমৰ প্লেটফৰ্মত তেওঁ কৰা নাট্যধৰ্মী আৰু কৌতুকধৰ্মী দুয়োবিধ চৰিত্ৰৰ বাবেই তেওঁ যথেষ্ট সমাদৃত।[7]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]- ২০২৩: মাস্তুৰান ২ (দূৰদৰ্শন ধাৰাবাহিক)[8][9]
- ২০২০: আঘাজাদেহ (দূৰদৰ্শন ধাৰাবাহিক)
- ২০১৮: ডুচ
- ২০১৩: চাউণ্ডছ অৱ ৰেইন (দূৰদৰ্শন ধাৰাবাহিক)
- ২০১২: মেটাৰ্নেল লাল্লাবিজ (টেলিভিছন চলচ্চিত্ৰ)
- ২০১১: দ্য ৰিকল (দূৰদৰ্শন ধাৰাবাহিক)
- ২০০৮: ইনভিটেশ্বন (দাভাত)
- ২০০৮: প্ৰেডিকামেণ্ট (মাখমাচেহ)
- ২০০৭: দ্য ট্ৰায়েল
- ২০০৫: চালভেশ্বন এট ৮:২০
- ২০০৫: দ্য বাৰ্থডে চেণ্ট
- ২০০২: দ্য লাষ্ট চাপৰ
- ২০০২: দ্য পেষ্ট্ৰী গাৰ্ল
- ২০০২: টেন্থ নাইট
- ২০০১: খাকেস্তাৰী
- ২০০১: মাৰাল
- ১৯৯২: দ্য ষ্টেচু
- ১৯৮৯: কোৰ্টশ্বিপ
- ১৯৮৮: ৱল্ভছ (দূৰদৰ্শন ধাৰাবাহিক)
- ১৯৮৮: চেতাৰে অ আলমাছ
- ১৯৭৯: জেন্দে বাদ
- ১৯৭৩: ট্ৰেনকুইলিটি ইন দ্য প্ৰেজেঞ্চ অৱ আদাৰ্ছ
- ১৯৭২: বিটাৰ এণ্ড চুইট (দূৰদৰ্শন ধাৰাবাহিক)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ فتوکده (2021-07-13). "بیوگرافی ثریا قاسمی و همسرش رحیم برفراز با ناگفته ها" (fa-IR ভাষাত). photokade.com. Archived from the original on 2018-08-09. https://web.archive.org/web/20180809105644/http://photokade.com/%D8%A8%DB%8C%D9%88%DA%AF%D8%B1%D8%A7%D9%81%DB%8C-%D8%AB%D8%B1%DB%8C%D8%A7-%D9%82%D8%A7%D8%B3%D9%85%DB%8C/। আহৰণ কৰা হৈছে: 2023-03-21.
- ↑ "بیوگرافی ثریا قاسمی". Archived from the original on 2017-12-23. https://web.archive.org/web/20171223102005/http://www.asemooni.com/biography/actor/soraya-ghasemi। আহৰণ কৰা হৈছে: 2026-05-24.
- ↑ "بیوگرافی "ثریا قاسمی" + عکس" (fa ভাষাত). نمناک. Archived from the original on 2020-08-09. https://web.archive.org/web/20200809081250/https://namnak.com/%D8%AB%D8%B1%DB%8C%D8%A7-%D9%82%D8%A7%D8%B3%D9%85%DB%8C.p3992। আহৰণ কৰা হৈছে: 2023-03-21.
- ↑ Hamideh Kheirābādi, the valued actress of cinema died yesterday night, in Persian, Official Site of The House of Cinema (Khāneh-ye Cinamā), 20 April 2010: "..::: خانه سینمای ایران :::". Archived from the original on 29 April 2010. https://web.archive.org/web/20100429133646/http://www.khanehcinema.ir/fa/indexfa.aspx?mid=1&NewsID=931&type=1। আহৰণ কৰা হৈছে: 20 April 2010..
- ↑ A mother with an unforgettable smile, in Persian, Mehr News Agency, 20 April 2010: .
- ↑ Hamideh Kheirābādi, the "Nādereh" of the Iranian cinema and television, died, in Persian, Radio Farda, 20 April 2010: .
- 1 2 3 4 5 6 7 "ثریا قاسمی - دانشنامه ویکیدا" (fa ভাষাত). fa.wikida.ir. https://fa.wikida.ir/wiki/%D8%AB%D8%B1%DB%8C%D8%A7_%D9%82%D8%A7%D8%B3%D9%85%DB%8C। আহৰণ কৰা হৈছে: 2024-10-06.
- ↑ "ثریا قاسمی و فرهاد آئیش در فصل دوم «مستوران»" (fa ভাষাত). fa. https://yjc.ir। আহৰণ কৰা হৈছে: 2024-06-30.
- ↑ "فصل دوم «مستوران» روی آنتن می رود | ثریا قاسمی و حمیدرضا آذرنگ با «رحیل» به شبکه سه می آیند" (fa ভাষাত). همشهری آنلاین. 2023-11-25. https://www.hamshahrionline.ir/news/810419/%D9%81%D8%B5%D9%84-%D8%AF%D9%88%D9%85-%D9%85%D8%B3%D8%AA%D9%88%D8%B1%D8%A7%D9%86-%D8%B1%D9%88%DB%8C-%D8%A2%D9%86%D8%AA%D9%86-%D9%85%DB%8C-%D8%B1%D9%88%D8%AF-%D8%AB%D8%B1%DB%8C%D8%A7-%D9%82%D8%A7%D8%B3%D9%85%DB%8C-%D9%88-%D8%AD%D9%85%DB%8C%D8%AF%D8%B1%D8%B6%D8%A7-%D8%A2%D8%B0%D8%B1%D9%86%DA%AF। আহৰণ কৰা হৈছে: 2024-06-30.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- সোৰয়া কাছেমী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।