সৌকা বেত
অৱয়ব
| সৌকা বেত Calamus latifolius | |
|---|---|
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| বিভাগ: | Tracheophyta |
| শ্ৰেণী: | Liliopsida |
| বৰ্গ: | Arecales |
| পৰিয়াল: | Arecaceae |
| গণ: | Calamus |
| প্ৰজাতি: | Calamus latifolius |
| বৈজ্ঞানিক নাম | |
| Calamus latifolius Roxb. | |
| সমাৰ্থক | |
|
Palmijuncus macracanthus (T.Anderson) Kuntze | |
সৌকা বেত (বৈজ্ঞানিক নাম: Calamus latifolius) এবিধ বেত জাতীয় উদ্ভিদ৷ শোণিতপুৰ আৰু দৰং জিলাৰ ভৈৰৱকুণ্ড, ৰৌতা, চাৰিদুৱাৰ, বালিপাৰা, নদুৱাৰ, বিহালি, বিশ্বনাথ আদি বিভিন্ন বনাঞ্চলত এই বেত উৎপত্তি হোৱা দেখা যায়৷[1]
বিৱৰণ
[সম্পাদনা কৰক]এই বেতৰ মুঢ়াৰ পৰা ওলোৱা পুলিবোৰ ক্ৰমে ডাঙৰ হৈ ওচৰত থকা গছ-গছনিবোৰলৈ বগুৱা বাই যোৱা দেখা যায়৷ ওচৰত গছ নাথাকিলে মাটিৰ ওপৰেদিও বগাই যায়৷ গছ গছনিৰ ওপৰলৈ বগাই যোৱাত কাঁইটযুক্ত আঁকুহিবিলাকে লতাডালক সহায় কৰে৷[1]
ব্যৱহাৰ
[সম্পাদনা কৰক]সৌকা বেত লাখুটি, লাঠি আদি তৈয়াৰ কৰা কামত ব্যৱহাৰ হয়৷[1]