সমললৈ যাওক

সৌতেলা ভাই (১৯৬২ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৌতেলা ভাই

পোষ্টাৰ
পৰিচালক মহেশ কৌল
চিত্ৰনাট্য মহেশ কৌল
দেৱকৃষ্ণ
কাহিনী শৰৎচন্দ্ৰ চেটাৰ্জী
ভিত্তি শৰৎচন্দ্ৰ চেটাৰ্জীৰ চুটিগল্প বৈকুণ্ঠেৰ উইল
প্ৰযোজক আলোক ভাৰতী
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী ৰতনলাল নাগৰ
মুক্তি
১৯৬২ (1962)
দেশ ভাৰত
ভাষা হিন্দী

সৌতেলা ভাই (ইংৰাজী: Sautela Bhai) ১৯৬২ চনত মুক্তি পোৱা মহেশ কৌল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি। শৰৎচন্দ্ৰ চট্টোপাধ্যায়বৈকুণ্ঠেৰ উইল নামৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে গুৰু দত্ত, প্ৰণতি আৰু ৰাজকুমাৰে। [1][2]

অনিল বিশ্বাসে সংগীত পৰিচালনা কৰা ছবিখনৰ গীতবোৰত কণ্ঠদান কৰিছে লতা মংগেশকাৰ, মীনা কাপুৰ, সুমন কল্যাণপুৰ, অনিল বিশ্বাস, মান্না দে, মহেন্দ্ৰ কাপুৰ, পংকজ মিত্ৰ আৰু অৰুণ দত্তই। গীত ৰচনা শৈলেন্দ্ৰৰ।[1]

সৌতেলা ভাইত ভৱানী নামৰ এগৰাকী নাৰী আৰু তেওঁৰ সতীয়া পুত্ৰৰ মাজৰ সম্পৰ্ক, পৰস্পৰৰ মাজত থকা মমত্ববোধ, ভুল বুজাবুজি আৰু পুনৰ্মিলনৰ কাহিনী বৰ্ণনা কৰা হৈছে। ১০ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছবিখনে সৰ্বভাৰতীয় স্তৰত তৃতীয় শ্ৰেষ্ঠ ছবিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • গুৰু দত্ত
  • প্ৰণতি
  • ৰাজ কুমাৰ
  • বিপিন গুপ্তা
  • কানহাইয়ালাল
  • এছ এন বেনাৰ্জী
  • অসিত সেন
  • ৰত্না
  • বেলা বসু
দশম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬২)
  • তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট)[1]

তথ্যউৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]