সমললৈ যাওক

সৌমেন্দু ৰায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৌমেন্দু ৰায়
জন্ম ০৭ ফেব্ৰুৱাৰী, ১৯৩৩
মৃত্যু ২৭ ছেপ্টেম্বৰ, ২০২৩ (৯০ বছৰ)
কলিকাতা, পশ্চিমবংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম সৌমেন্দু ৰে
পেচা চলচ্চিত্ৰ চিত্ৰগ্ৰাহক
সক্ৰিয় হৈ থকা সময় ১৯৬০–২০০০


সৌমেন্দু ৰায় (৭ ফেব্ৰুৱাৰী ১৯৩৩ – ২৭ ছেপ্টেম্বৰ ২০২৩) এজন প্ৰখ্যাত ভাৰতীয় চলচ্চিত্ৰ চিত্ৰগ্ৰাহক আছিল। তেওঁ বিশেষকৈ পৰিচালক সত্যজিৎ ৰায়ৰ সৈতে কৰা দীৰ্ঘদিনীয়া সহযোগিতাৰ বাবে সুপৰিচিত। সত্যজিৎ ৰায়ৰ চলচ্চিত্ৰ তিন কন্যা (১৯৬১)ৰপৰা আৰম্ভ কৰি তেওঁ বহু গুৰুত্বপূৰ্ণ চলচ্চিত্ৰত কাম কৰিছিল। যদিও তাৰ আগতেই তেওঁ সত্যজিৎ ৰায়ৰ তথ্যচিত্ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ (১৯৬১)ত চিত্ৰগ্ৰহণ কৰিছিল আৰু পথেৰ পাঁচালিৰ পাছৰ বহু চলচ্চিত্ৰত সুব্ৰত মিত্ৰৰ সহকাৰী হিচাপে কাম কৰিছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

সৌমেন্দু ৰায়ে ১৯৪০-ৰ দশকৰ আৰম্ভণিতে কলিকাতাত চাৰ্লি চ্যাপলিনৰ গোল্ড ৰাছ চলচ্চিত্ৰখন চাই প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰৰ প্ৰতি আকৰ্ষিত হয়। ১৯৪৭–৪৮ চনৰ সময়ছোৱাত তেওঁ নিজৰ বিদ্যালয়ৰ বন্ধুৰ দাদা-মালিকানাধীন এটা ষ্টুডিঅ’ত ফটোগ্ৰাফীৰ ডাৰ্কৰুম সম্পৰ্কে শিক্ষা লয়।

১৯৫০-ৰ দশকৰ মাজভাগত তেওঁ চিত্ৰগ্ৰাহক ৰমানন্দ সেনগুপ্ত, দীনেন গুপ্ত, জগমোহন মেহৰোত্ৰা আৰু জি. কে. মেহতাৰ সহকাৰী হিচাপে পোহৰৰ কাম আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ কলিকাতাৰ টেকনিচিয়ান্স ষ্টুডিঅ’ৰ সৈতে জড়িত আছিল। আৰম্ভণিতে তেওঁ ট্ৰলি টানোতা হিচাপেও কাম কৰিছিল। ৰমানন্দ সেনগুপ্তৰ সহকাৰী হিচাপে তেওঁ প্ৰথমবাৰৰ বাবে এখন ওড়িয়া চলচ্চিত্ৰত কেমেৰা চলায়।[1]

পাছলৈ গৈ তেওঁ সত্যজিৎ ৰায়ৰ ২২খন চলচ্চিত্ৰত কাম কৰে, যাৰ ভিতৰত ১৮খন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আছে। ইয়াৰ ভিতৰত অশনি সংকেত (১৯৭৩) — যিয়ে বেৰ্লিন চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন বেয়াৰ বঁটা লাভ কৰিছিল — আৰু অৰণ্যেৰ দিন ৰাত্ৰী (১৯৬৯) বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ উপৰি তেওঁ তপন সিনহা, তৰুণ মজুমদাৰ, বুদ্ধদেৱ দাসগুপ্ত আৰু এম. এছ. সত্যুৰ সৈতে কাম কৰিছিল।[2]

দীৰ্ঘ কৰ্মজীৱনত সৌমেন্দু ৰায়ে তিনিবাৰ শ্ৰেষ্ঠ চিত্ৰগ্ৰাহকৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। লগতে তেওঁ ৰাজা সেন পৰিচালিত তথ্যচিত্ৰ সুচিত্ৰা মিত্ৰ (১৯৯৩)ৰ বাবে শ্ৰেষ্ঠ অ-পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ চিত্ৰগ্ৰাহকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ২০০০ চনত অৱসৰ গ্ৰহণ কৰাৰ পাছতো তেওঁ বিভিন্ন প্ৰতিষ্ঠানত চলচ্চিত্ৰ শিক্ষাৰ্থীসকলক পাঠদান কৰিছিল।[3]

২০০৬ চনত পাপিয়া ৰায় পৰিচালিত তেওঁৰ ওপৰত নিৰ্মিত ৩০ মিনিটীয়া তথ্যচিত্ৰ Portrait of a Cinematographer গোৱাত অনুষ্ঠিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। ইয়াৰ পিছত অৰিন্দম সাহা চৰ্দাৰৰ পৰিচালনাত ৭০ মিনিটীয়া তথ্যচিত্ৰ Soumendu Ray নিৰ্মাণ কৰা হয়। তেওঁ পশ্চিমবংগ চৰকাৰৰ অধীনস্থ ভাৰত–ইটালী চলচ্চিত্ৰ প্ৰতিষ্ঠান ৰূপকলা কেন্দ্ৰৰ চিত্ৰগ্ৰহণ বিভাগৰ উপদেষ্টা আছিল।

সৌমেন্দু ৰায়ৰ মৃত্যু ২৭ ছেপ্টেম্বৰ ২০২৩ তাৰিখে ৯০ বছৰ বয়সত হয়।[4]

চলচ্চিত্ৰতালিকা

[সম্পাদনা কৰক]
  • ৰবীন্দ্ৰনাথ ঠাকুৰ (১৯৬১)
  • তিন কন্যা (১৯৬১)
  • অভিযান (১৯৬২)
  • পলাতক (১৯৬৩)
  • গুপী গাইন বাঘা বাইন (১৯৬৯)
  • অৰণ্যেৰ দিন ৰাত্ৰী (১৯৭০)
  • অশনি সংকেত (১৯৭৩)
  • সোণাৰ কেল্লা (১৯৭৪)
  • জন অৰণ্য (১৯৭৬)
  • শত্ৰঞ্জ কে খিলাড়ি (১৯৭৭)
  • হীৰোক ৰাজাৰ দেশে (১৯৮০)
  • ঘৰে-বাহিৰে (১৯৮৫)
  • চৰাচৰ (১৯৯৩)
  • অজব গ্ৰামেৰ অজব কথা (১৯৯৮)

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
    • ১৯৭৪ – শ্ৰেষ্ঠ চিত্ৰগ্ৰাহক: অশনি সংকেত
    • ১৯৭৫ – শ্ৰেষ্ঠ চিত্ৰগ্ৰাহক: সোণাৰ কেল্লা
    • ১৯৭৮ – শ্ৰেষ্ঠ চিত্ৰগ্ৰাহক: শত্ৰঞ্জ কে খিলাড়ি
    • ১৯৯৩ – শ্ৰেষ্ঠ অ-পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ চিত্ৰগ্ৰাহক: সুচিত্ৰা মিত্ৰ
  • তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা
    • ১৯৮২ – শ্ৰেষ্ঠ চিত্ৰগ্ৰাহক: কণ্ণ সিৱন্থাল মান্ন সিৱাক্কুম
  • ২০১৫ – বিশেষ চলচ্চিত্ৰ বঁটা, পশ্চিমবংগ চৰকাৰ
  • ২০২০ – সত্যজিৎ ৰায় আজীৱন সাফল্য বঁটা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Shantanu Ray Chaudhuri (7 October 2023). "The Soumendu Roy backstory: Falling in love with the camera to framing his first shot". The Telegraph. 
  2. "Shadow Play". Indian Express. 8 January 2006. 
  3. "Pather Panchali cinematographer Soumendu Roy passes away". The Daily Star. 27 September 2023. 
  4. "Soumendu Roy, Satyajit Ray’s trusted cinematographer passes away at 90". The Times of India. 27 September 2023. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]