সমললৈ যাওক

স্কাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্কাজ (ইংৰাজী: Skaz; ৰাছিয়ান: сказ) হ’ল ৰাছিয়ান মৌখিক আখ্যানৰ এটা ৰূপ। এই শব্দটো স্কাজাট (ক’বলৈ) শব্দৰপৰা আহিছে আৰু ই ৰাস্কাজ (চুটি গল্প) তথা স্কাজকা (সাধুকথা) আদি শব্দৰ সৈতে সম্পৰ্কিত।[1] কোনো এক নিৰ্দিষ্ট চৰিত্ৰৰ ব্যক্তিত্ব ফুটাই তুলিবলৈ এই শৈলীত উপভাষা আৰু দোৱান ব্যৱহাৰ কৰা হয়।[2] অৱশ্যে, এই বিশেষ ধৰণৰ কথা-বতৰাবোৰ মূল আখ্যানৰ সৈতে একীভূত কৰি ৰখা হয় আৰু ইয়াক কোনো উদ্ধৃতি চিহ্নৰ ভিতৰত উপস্থাপন কৰা নহয়।[3] স্কাজ কেৱল এক সাহিত্যিক কৌশল নহয়, ইয়াক ৰাছিয়ান একক অভিনয়ৰ হাস্যৰসাত্মক নাটক (monologue comedy)ৰ উপাদান হিচাপেও ব্যৱহাৰ কৰা হয়।[4]

১৯১০ চনৰ শেষৰফালে ৰাছিয়ান কলাভিত্তিক আনুষ্ঠানিকতাবাদী বোৰিছ আইখেনবামৰদ্বাৰা প্ৰথমবাৰৰ বাবে স্কাজৰ বিৱৰণ দিয়া হৈছিল। সেই সময়ত প্ৰকাশিত কেইবাটাও প্ৰবন্ধত আইখেনবামে এই পৰিঘটনাটোক একপ্ৰকাৰৰ তাৎক্ষণিক বা স্বতঃস্ফূৰ্ত ভাষণ বুলি বৰ্ণনা কৰিছিল।[5] তেওঁ ১৯১৯ চনৰ এক প্ৰবন্ধত নিকোলাই গোগোলৰ চুটি গল্প দ্য অভাৰকোটৰ ক্ষেত্ৰত বিশেষভাৱে এই ধাৰণাটো প্ৰয়োগ কৰিছিল।[1] আইখেনবামে স্কাজক ৰাছিয়ান সংস্কৃতিৰ কেন্দ্ৰবিন্দু হিচাপে দেখিছিল আৰু বিশ্বাস কৰিছিল যে মৌখিক পৰম্পৰাৰ সৈতে গভীৰ সংযোগ নোহোৱাকৈ কোনো ৰাষ্ট্ৰীয় সাহিত্য গঢ়ি উঠিব নোৱাৰে।[4] ১৯২০ চনৰ যিসকল সাহিত্য সমালোচকে এই তত্ত্বক বিশদভাৱে ব্যাখ্যা কৰিছিল, তেওঁলোকৰ ভিতৰত আছিল ইউৰি টিনিয়ানভ, ভিক্টৰ ভিনগ্ৰাডভ আৰু মিখাইল বাখতিন।[5] পিছৰজনে শৈলী নিৰ্মাণত স্কাজৰ গুৰুত্বৰ ওপৰত জোৰ দিছিল আৰু অবজেক্টিফাইড ডিচকোৰ্ছ হিচাপে সৰল স্কাজ আৰু য’ত লেখকৰ ব্যংগাত্মক উদ্দেশ্য স্পষ্ট হৈ থাকে তেনে দ্বৈত-স্বৰৰ স্কাজৰ মাজত পাৰ্থক্য দেখুৱাইছিল।[6]

উনবিংশ শতিকাত গোগোলৰ উপৰি নিকোলাই লেস্কোভ আৰু পাভেল মেলনিকোভৰদ্বাৰা এই শৈলীৰ প্ৰচুৰ ব্যৱহাৰ হৈছিল। বিংশ শতিকাৰ লেখকসকলৰ ভিতৰত মিখাইল বুলগাকোভ, এলেক্সি ৰেমিজভ, মিখাইল জোচচেনকো, আন্দ্ৰে প্লেটোনোভ আৰু আইজাক বাবেল অন্যতম।[1] আন দেশৰ সাহিত্যৰ উপাদানসমূহ বৰ্ণনা কৰিবলৈও এই শব্দটো ব্যৱহাৰ কৰা হয়; শেহতীয়াকৈ ব্ৰিটিছ লেখক আৰু সাহিত্য সমালোচক ডেভিদ লজে ইয়াক জনপ্ৰিয় কৰি তুলিছে।[7] ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ ইংৰাজী বিষয়ৰ অধ্যাপক জন মুলানে জে. ডি. চেলিংগাৰৰ দ্য কেচিন ইন দ্য ৰাইত স্কাজৰ উদাহৰণ বিচাৰি পাইছে।[8]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Cornwell, Neil (2005). "Skaz Narrative". The Literary Encyclopedia. Retrieved 2009-09-06.
  2. ↑ "skaz". Britannica Online Encyclopedia. Britannica. Retrieved 2009-09-06.
  3. ↑ Peter J. Potichnyj, ed (1988). The Soviet Union: Party and Society. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 108– 9. ISBN 0-521-34460-3. https://books.google.com/books?id=HOl-SqBouGIC&pg=PA107.
  4. 1 2 Mesropova, Olga (2004). "Between Literary and Subliterary Paradigms: Skaz and Contemporary Russian Estrada Comedy". Canadian Slavonic Papers খণ্ড 46 (3–4): 417–434. doi:10.1080/00085006.2004.11092367. https://dx.doi.org/10.1080%2F00085006.2004.11092367। আহৰণ কৰা হৈছে: 2009-09-06.
  5. 1 2 Hemenway, Elizabeth Jones. "Skaz". Russian History Encyclopedia. Retrieved 2009-09-06.
  6. ↑ Bakhtin, Mikhail (1984). Problems of Dostoevsky's Poetics. University of Minnesota Press. পৃষ্ঠা. 194. https://archive.org/details/problemsofdostoe0000bakh_b9n3.
  7. ↑ Lodge, David (1992). "Teenage Skaz". The Art of Fiction: Illustrated from Classic and Modern Texts. প্ৰকাশক London: Penguin. পৃষ্ঠা. 17– 20. ISBN 0-14-017492-3. https://archive.org/details/artfictionillust00lodg.
  8. ↑ Mullan, John (2006-11-18). "Talk this way". The Guardian. https://www.theguardian.com/books/2006/nov/18/featuresreviews.guardianreview17। আহৰণ কৰা হৈছে: 2009-09-06.

অধিক পঢ়ক

[সম্পাদনা কৰক]