সমললৈ যাওক

স্কিন ডায়মণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্কিন ডায়মণ্ড

২০১৬ চনৰ এভিএন এডাল্ট এণ্টাৰটেইনমেণ্ট এক্সপ’ত স্কিন ডায়মণ্ড
জন্ম ৰেলিন জয় ক্ৰিষ্টেনচেন[1]
১৮ ফেব্ৰুৱাৰী, ১৯৮৭
ভেঞ্চুৰা, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ[2]
অন্য নাম ৰেলিন জয়[3]
অভিকৰ্তা মাৰ্ক স্পিগলাৰ[2]
ৱেবছাইট
skindiamondvip.com

ৰেলিন জয় ক্ৰিষ্টেনচেন[1] (জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৮৭), পূৰ্বতে তেওঁৰ মঞ্চনাম স্কিন ডায়মণ্ড নামেৰে পৰিচিত আছিল। তেওঁ এগৰাকী আমেৰিকান অভিনেত্ৰী, মডেল, গায়িকা-গীতিকাৰ আৰু পৰ্ণগ্ৰাফিক অভিনেত্ৰী[3]

জয়ে ২০১৬ চনত প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ জগতৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ গীত ৰচনা আৰু মূলধাৰাৰ অভিনয়ৰ দৰে অন্যান্য বিষয়ত মনোনিৱেশ কৰে।[4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জয়ে ১৯৮৭ চনৰ ১৮ ফেব্ৰুৱাৰীত কেলিফৰ্ণিয়াৰ ভেঞ্চুৰাত জন্মগ্ৰহণ কৰিছিল।[2] তেওঁ স্কটলেণ্ডৰ ডানফাৰমলাইনত ডাঙৰ-দীঘল হৈছিল, য’ত তেওঁৰ পিতৃ-মাতৃয়ে ধৰ্মপ্ৰচাৰক (missionaries) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[5] তেওঁ ইথিঅ’পিয়ান, ডেনিছ, চেক, স্লোভাকিয়ান, পলিছ, হাংগেৰিয়ান আৰু জাৰ্মান মূলৰ।[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]
২০১২ চনৰ এভিএন এডাল্ট এণ্টাৰটেইনমেণ্ট এক্সপ’ত ডায়মণ্ড

জয়ে 'গডছগাৰ্লছ'ৰ বাবে এগৰাকী অল্টাৰনেটিভ মডেল হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফটোগ্ৰাফাৰসকলৰ বাবে আৰ্ট মডেলিং আৰু ফেটিছ মডেলিং কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ অনন্য চেহেৰাই বিভিন্ন ধৰণৰ ফটোগ্ৰাফাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল।[7]

২০০৯ চনত তেওঁ Bizarre মেগাজিনৰ কভাৰৰ বাবে পোজ দিছিল আৰু তেওঁলোকৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা "Cover Girl Search" প্ৰতিযোগিতাত বিজয়ী হৈছিল।[8] ইয়াৰ পিছতে তেওঁ লণ্ডনৰ মডেলিং সংস্থা 'গাৰ্ল মেনেজমেণ্ট'ৰ সৈতে চুক্তিবদ্ধ হয়। ২০০৯ চনতে তেওঁ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰে আৰু 'বাৰ্ণিং এঞ্জেল'ৰ হৈ জোৱানা এঞ্জেল আৰু জেমছ ডিনৰ সৈতে নিজৰ প্ৰথমটো দৃশ্যত অভিনয় কৰে।[2]

২০১১ চনত তেওঁ i-D মেগাজিনৰ "The Exhibitionist Issue No. 312"-ৰ এটা প্ৰচাৰ অভিযানত লুই ভিটন আৰু আমেৰিকান এপিয়াৰেলৰ পোছাক পিন্ধি পোজ দিছিল।[9][10][11]

২০১২ চনত জয়ে কমিক বুক শিল্পী ডেভিদ মাকৰ বাবে পোজ দিছিল। মাক-এ তেওঁক মাৰ্ভেল কমিকছৰ মিনি-চিৰিজ Daredevil: End of Days-ত 'ইকো' চৰিত্ৰটোৰ বাবে ব্যৱহাৰ কৰিছিল।[12][13]

২০১৩ চনত তেওঁ নিজৰ গীত/মিউজিক ভিডিঅ’ "Sex in a Slaughter House" ৰ জৰিয়তে সংগীত জগতত প্ৰথম খোজ পেলায়।[14] এই গীতটো তেওঁ 'ব্ৰাঝাৰ্ছ'ৰ এটা দৃশ্যৰ অংশ হিচাপে লিখিছিল।

জয়ে ২০১৪,[15] ২০১৫,[16] আৰু ২০১৬ চনত চিএনবিচিৰ "The Dirty Dozen: Porn's Most Popular Stars" তালিকাত স্থান লাভ কৰিছিল।[17] ডায়মণ্ড আৰু এলি হেজে আমেৰিকান হিপ হপ শিল্পী বি.অ'.বি. (B.o.B)-ৰ গীত "John Doe"-ৰ মিউজিক ভিডিঅ’ত অভিনয় কৰিছিল।[18][19]

২০১৪ চনৰ জুলাই মাহত জয় Penthouse মেগাজিনৰ 'পেট অৱ দ্য মান্থ' আছিল।[20] একে বছৰতে তেওঁ ডেভিয়েন্ট এণ্টাৰটেইনমেণ্টৰ বাবে Skin Diamond's Dollhouse নামৰ ছবিখনৰ জৰিয়তে পৰিচালনাৰ কাম আৰম্ভ কৰে।[20]

২০১৫ চনত জয়ে Penthouse পেট অৱ দ্য ইয়েৰ ৰানাৰ্ছ-আপ হিচাপে নিৰ্বাচিত হয়।[21]

২০১৬ চনত জয়ে সম্পূৰ্ণৰূপে মূলধাৰাৰ অভিনয় আৰু সংগীতত মনোনিৱেশ কৰিবলৈ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰত অভিনয় কৰা বন্ধ কৰে। ইয়াৰ পিছত তেওঁ শ্ব’টাইম নেটৱৰ্কৰ ধাৰাবাহিক Submission-ত ডিলান কুইনৰ চৰিত্ৰত অভিনয় কৰে। এই সময়ছোৱাতে তেওঁ নিজৰ আচল নাম "ৰেলিন জয়" ব্যৱহাৰ কৰি সংগীতৰ কাম আৰম্ভ কৰে আৰু প্ৰথমটো অফিচিয়েল একক গীত আৰু মিউজিক ভিডিঅ’ ("Fire") মুকলি কৰে। ২০১৯ চনত তেওঁ চমু সময়ৰ বাবে Penthouse মেগাজিনৰ শ্বুটৰ বাবে ডি-ক্ৰিষ্টো ষ্টুডিঅ’ত পোজ দিছিল।[22][23]

২০২০ চনৰ এপ্ৰিল মাহত জয়ে জি-ইজি (G-Eazy)-ৰ গীত "Still Be Friends"-ৰ মিউজিক ভিডিঅ’ত আন কেইবাগৰাকীমান প্ৰাপ্তবয়স্ক অভিনেত্ৰীৰ সৈতে অভিনয় কৰিছিল।[24]

২০২৪ চনৰ পৰা জয় 'দ্য কালামেটিক্স' (The Calamatix) নামৰ ৰেগে-মূলীয় আৰু পাংক-শৈলীৰ চাৰিজনীয়া সংগীত গোষ্ঠীটোৰ মুখ্য গায়িকা হিচাপে কৰ্মৰত।[25]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ডায়মণ্ডৰ পিতৃ ৰড ক্ৰিষ্টেনচেন যুক্তৰাজ্যৰ এজন বিখ্যাত অভিনেতা আছিল।[26] ২০০২ চনৰ পৰা ২০০৫ চনৰ ভিতৰত তেওঁ Balamory নামৰ ধাৰাবাহিকখনত এজন চিত্ৰকৰ আৰু সংগীতজ্ঞ 'স্পেন্সাৰ'ৰ চৰিত্ৰত অভিনয় কৰিছিল।[26]

তেওঁৰ নাভিত দুটা আৰু সোঁ নাকত এটা বিন্ধা আছে।[27] তেওঁৰ এটা ফালে খুৰাই থোৱা বিশেষ ধৰণৰ চুলিৰ শৈলীৰ বাবেও তেওঁ পৰিচিত; এই বিশেষ শৈলীৰ বাবেই তেওঁক Cosmopolitan মেগাজিনৰ "Beauty Showdown" স্তম্ভত স্থান দিয়া হৈছিল।[28] প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত প্ৰথম প্ৰৱেশ কৰাৰ সময়ত তেওঁৰ চুলিৰ ৰং গুলপীয়া আছিল। তেওঁ এগৰাকী উভকামী।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Cruz, Ariane (2016). The color of kink: black women, BDSM, and pornography. Sexual cultures. প্ৰকাশক New York: New York University Press. পৃষ্ঠা. 87. doi:10.1177/1363460720957211. ISBN 978-1-4798-0928-8.
  2. 1 2 3 4 5 Chris Thorne (June 29, 2011). "Skin Diamond Interview". XCritic. http://www.xcritic.com/columns/column.php?columnID=2676 আহৰণ কৰা হৈছে: April 12, 2015.
  3. 1 2 Saul, Heather (December 10, 2016). "Conversations with porn stars: My life after leaving the industry". The Independent. https://www.independent.co.uk/news/people/conversations-with-porn-stars-life-after-leaving-the-industry-a7464161.html.
  4. Pia Glenn (August 29, 2016). "How Raylin Joy went from Porn Actress to Singer without denying her past". xoJane. http://www.xojane.com/entertainment/raylin-joy-skin-diamond/ আহৰণ কৰা হৈছে: February 7, 2017.
  5. AVN Staff, "The Fresh Issue", AVN, Vol. 27/No. 6, Issue 343, June 2011, pp.40–50.
  6. Diamond, Skin. "Well here goes... again!". X.com. https://x.com/Skin_Diamond/status/178059823760416769 আহৰণ কৰা হৈছে: 1 August 2025.
  7. "Skin". GodsGirls.com. http://www.godsgirls.com/girls/Skin/ আহৰণ কৰা হৈছে: August 21, 2018.
  8. "Sexy alternative model Skins Bizarre Magazine shoot". Bizarre. October 29, 2009. https://www.youtube.com/watch?v=pywoGfyb454/ আহৰণ কৰা হৈছে: February 7, 2017.
  9. Jesse Capps (March 28, 2012). "Exclusive Interview: Skin Diamond". Rock Confidential. http://www.rockconfidential.com/inside/interviews/exclusive-interview-skin-diamond/.
  10. Paul Tamburro (May 4, 2012). "Talkin' Sex With Skin Diamond". CraveOnline. http://www.craveonline.com/lifestyle/articles/188017-talkin-sex-with-skin-diamond.
  11. Jessica P. Ogilvie (March 26, 2013). "10 Porn Stars Who Could Be the Next Jenna Jameson". LA Weekly. http://blogs.laweekly.com/arts/2013/03/porn_stars_young_san_fernando_valley.php?page=8.
  12. Rich Johnston. "Posing For David Mack". Bleeding Cool. http://www.bleedingcool.com/2012/12/15/posing-for-david-mack/.
  13. Bill Swift (October 9, 2013). "Skin Diamond Topless Nursing for Terry Richardson Shoot". Egotastic. Archived from the original on October 11, 2013. https://web.archive.org/web/20131011203402/http://www.egotastic.com/2013/10/skin-diamond-topless-nursing-for-terry-richardson-shoot/.
  14. "Skin Diamond – Sex In a Slaughter House". YouTube. https://www.youtube.com/watch?v=NhsAEZy6kOg.
  15. Chris Morris (January 13, 2014). "The Dirty Dozen 2014". CNBC. https://www.cnbc.com/2014/01/10/the-dirty-dozen-2013.html আহৰণ কৰা হৈছে: January 13, 2014.
  16. "The Dirty Dozen: Porn's biggest stars". CNBC. January 16, 2015. https://www.cnbc.com/2015/01/13/the-dirty-dozen-porns-biggest-stars.html.
  17. "The Dirty Dozen: Porn's biggest stars". CNBC. January 19, 2016. https://www.cnbc.com/2016/01/16/the-dirty-dozen-porns-biggest-stars.html.
  18. "Adult Who's Who: People in the News: Diamond, Haze: Performers grace music video 'John Doe' by rap artist B.O.B.". Adult Video News খণ্ড 30 (3): 26. March 2014.
  19. Edwin Ortiz (January 17, 2014). "B.o.B. Releases New Music Video for "John Doe" with Priscilla". Complex. http://www.complex.com/music/2014/01/bob-f-priscilla-john-doe-video.
  20. 1 2 Peter Warren (June 30, 2014). "Skin Diamond Makes Directorial Debut for Deviant". AVN. Archived from the original on April 15, 2015. https://web.archive.org/web/20150415074412/http://business.avn.com/articles/video/Skin-Diamond-Makes-Directorial-Debut-for-Deviant-565408.html আহৰণ কৰা হৈছে: April 12, 2015.
  21. TRPWL-Sean (April 13, 2015). "Penthouse magazine names Skin Diamond as Penthouse Pet of the Year runner-up". TRPWL. http://therealpornwikileaks.com/penthouse-magazine-names-skin-diamond-penthouse-pet-of-the-year-runner-up/.
  22. "Raylin Joy – Fire". YouTube. May 23, 2015. https://www.youtube.com/watch?v=EKZFD8w0EM8/.
  23. Natasha Sydor (June 2016). "Skin Diamond is Raylin Joy". Filthy.com. https://filthy.media/skin-diamond-is-raylin-joy/ আহৰণ কৰা হৈছে: February 7, 2017.
  24. Archived at Ghostarchive and the "G-Eazy - Still Be Friends (Official Video) ft. Tory Lanez, Tyga". YouTube. April 2, 2020. Archived from the original on April 6, 2020. https://web.archive.org/web/20200406152909/https://www.youtube.com/watch?v=o0MjKgb1Lp4 আহৰণ কৰা হৈছে: March 23, 2026.: "G-Eazy - Still Be Friends (Official Video) ft. Tory Lanez, Tyga". YouTube. April 2, 2020. https://www.youtube.com/watch?v=o0MjKgb1Lp4.
  25. Records, Epitaph (2024-09-20). "The Calamatix Release Joyful Self-Titled Album Out Now Via Hellcat Records" (en ভাষাত). Epitaph Records. https://www.epitaph.com/news/article/the-calamatix-release-joyful-self-titled-album-out-now-via-hellcat-records আহৰণ কৰা হৈছে: 2025-07-13.
  26. 1 2 "Balamory star Spencer gets himself a new job.. as a bus driver", Daily Record (Scotland)
  27. Skin Diamond profile, Model Mayhem
  28. "Beauty Showdown", Cosmopolitan, US Issue, N.6, June 2012, p.102

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]