সমললৈ যাওক

স্কুল মাষ্টাৰ (১৯৫৮ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্কুল মাষ্টাৰ

পোষ্টাৰ
পৰিচালক বি. আৰ. পুন্থুলু
প্ৰযোজক বি. আৰ. পুন্থুলু
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী ডব্লিউ আৰ চুব্বা ৰাও
কৰ্নান
সম্পাদনা আৰ দেৱৰাজন
সংগীত পৰিচালক টি জি লিংগাপ্পা
পৰিবেশক পদ্মিনী পিকচাৰ্ছ
মুক্তি
৩১ জানুৱাৰী ১৯৫৮ (1958-01-31)
দৈৰ্ঘ্য
১৬৪ মিনিট
দেশ ভাৰত
ভাষা কানাড়া

স্কুল মাষ্টাৰ (ইংৰাজী: School Master) ১৯৫৮ চনৰ বি.আৰ. পন্থুলু প্ৰযোজিত আৰু পৰিচালিত এখন ভাৰতীয় কানাড়া ভাষাৰ এখন ছবি। ইয়াত পন্থুলুৱে মুখ্য ভূমিকাত অভিনয় কৰিছে। অন্য গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ডিক্কি মাধৱ ৰাও, এম ভি ৰাজাম্মা, উদয়কুমাৰ, শিৱাজী গণেশন, মিথুন গণেশন আৰু বি সৰোজা দেৱীয়ে। এইখনেই আছিল ৰূপালী জয়ন্তী উৎযাপন কৰা প্ৰথম কানাড়া ছবি।[1][2] ছবিখনত গেভাকালাৰত চিনেমাট’গ্ৰাফাৰ ডব্লিউ আৰ চুব্বা ৰাৱে চিত্ৰগ্ৰহণ কৰা শিশু নৃত্য-নাটিকা এখন প্ৰদৰ্শিত হৈছে। পিছলৈ এই ছবিখনক তামিল আৰু তেলেগু ভাষাত ক্ৰমে এংগাল কুডুম্বাম পেৰিছু আৰু বাডি পণ্টুলু নামেৰে ডাব কৰা হৈছিল যদিও তেলেগু, তামিল, মালয়ালম আৰু হিন্দী ভাষাত পুনৰ নিৰ্মাণো কৰা হয়।

১৯৫৯ চনত এ এল এছ প্ৰডাকচনে ইয়াক হিন্দী ভাষাত স্কুল মাষ্টাৰ নামেৰে পুনৰ নিৰ্মাণ কৰে আৰু ইয়াৰ পৰিচালনা পন্থুলুৱে নিজে কৰিছিল। ১৯৬৪ চনত পুট্টন্না কনাগলৰ দ্বাৰা মালয়ালম ভাষাত স্কুল মাষ্টাৰ নামেৰে ১৯৭২ চনত তেলেগু ভাষাত বাডি পন্থুলু আৰু ১৯৭৩ চনত তামিল ভাষাত স্কুল মাষ্টাৰ নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।[3]

স্কুল মাষ্টাৰ অন্য তিনিটা দক্ষিণ ভাৰতীয় ভাষাকে ধৰি মুঠ পাঁচটা ভাষাত পুনৰ নিৰ্মাণ কৰা প্ৰথম কানাড়া।[4] এই ছবিখন ১৯৩৭ চনৰ ইংৰাজী ছবি মেক ৱে ফৰ টুম’ৰ’ আধাৰত নিৰ্মিত,[5] যিখন বিভিন্ন ভাষাৰ বহু কেইখন ছবিত অভিযোজিত হৈছে। এই ছবিবোৰৰ ভিতৰত জাপানী ভাষাৰ টকিঅ’ ষ্ট’ৰী (১৯৫৩), মাৰাঠী ভাষাৰ উন পাউছ (১৯৫৪), তামিল ভাষাৰ ভাৰাভু নাল্লা উৰাভু (১৯৯০), পাকিস্তানী ছবি সমাজ (১৯৭২) আৰু দুখন হিন্দী ছবি জিন্দেগী (১৯৭৬) আৰু বাগবান (২০০৩) অন্যতম।[6]

ষষ্ঠ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৯)
  • তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট)
  • কানাড়া ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Kannada films for all time". Deccan Herald. 31 October 2018. https://www.deccanherald.com/india/karnataka/bengaluru/kannada-films-for-all-time-700916.html আহৰণ কৰা হৈছে: 7 September 2022.
  2. "From School Master to Om: Kannada movies that have unique 'first film ever' tag attached to it" (en ভাষাত). Times Now. 2021-04-06. https://www.timesnownews.com/entertainment-news/kannada/article/from-school-master-to-om-kannada-movies-that-have-unique-first-film-ever-tag-attached-to-it/741467 আহৰণ কৰা হৈছে: 2024-09-23.
  3. "ಅತೀ ಹೆಚ್ಚು ಭಾಷೆಗೆ 'ರಿಮೇಕ್' ಆದ ಕನ್ನಡ ಸಿನಿಮಾಗಳ ಮಾಹಿತಿ ಇಲ್ಲಿದೆ!" (Kannada ভাষাত). Vijay Karnataka. https://vijaykarnataka.com/entertainment/news/these-are-the-top-five-kannada-movies-remakes-in-many-languages/articleshow/74894620.cms?story=2 আহৰণ কৰা হৈছে: 17 November 2022.
  4. "From 'School Master' to 'U Turn': A look at Kannada films remade in other Indian languages". The Times of India. 15 April 2020. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/from-school-master-to-u-turn-a-look-at-kannada-films-remade-in-other-indian-languages/articleshow/75161463.cms আহৰণ কৰা হৈছে: 30 August 2021.
  5. Biradar, Basav (22 April 2020). "Roopa Rao's Gantumoote: Is This The Dawn Of A New Era In Kannada Cinema?". Film Companion. https://www.filmcompanion.in/features/kannada-features/roopa-raos-gantumoote-is-this-the-dawn-of-a-new-era-in-kannada-cinema/ আহৰণ কৰা হৈছে: 30 July 2020.
  6. "E Bandhana Review". IndiaGlitz. 22 December 2007. Archived from the original on 6 February 2022. https://web.archive.org/web/20220206132426/https://www.indiaglitz.com/e-bandhana-review-tamil-movie-9315 আহৰণ কৰা হৈছে: 6 February 2022.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]