স্তন কৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্তন কৰ (মালয়ালম: തലക്കരം, মুলাক্কৰম বা মুল-আকৰম) ট্ৰেভেংকৰ ৰাজ্যত (বৰ্তমানৰ ভাৰতৰ কেৰালা) নিম্ন জাতি আৰু অস্পৃশ্য হিন্দু মহিলাসকলৰ ওপৰত ১৯২৪ চনলৈকে আৰোপিত এক কৰ আছিল।[1][2][3] নিম্ন বৰ্ণৰ মহিলাসকলে স্তন বৰ্ধনৰ লগে লগে ৰাজহুৱা স্থানত স্তনযুগল ঢাকি ৰাখিবৰ বাবে চৰকাৰক এই কৰ পৰিশোধ কৰিবলগীয়া হৈছিল।[4][5] নিম্ন বৰ্ণৰ পুৰুষসকলে তেওঁলোকৰ মূৰ ঢাকিবলৈ তলা-কৰম নামৰ কৰ দিছিল।[6] ট্ৰেভেংকৰৰ কৰ বিষয়াসকলে প্ৰতিটো ঘৰলৈ গৈ যৌৱনপ্ৰাপ্ত মহিলাসকলৰ পৰা কৰ সংগ্ৰহ কৰিছিল।[7] স্তনৰ আকাৰ চাই কৰৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছিল।[1][2][8][3] কিন্তু এই কৰৰ কাৰণ আৰু স্তনৰ আকাৰৰ লগত সম্পৰ্কৰ ঐতিহাসিক তথ্য একেবাৰে কম। মনু এছ পিল্লাই আৰু আন পণ্ডিতসকলে স্তনৰ লগত এই কৰৰ সংযোগৰ কথা নস্যাৎ কৰিছে আৰু ই সকলো নিম্ন বৰ্ণৰ মহিলাৰ পৰা সংগ্ৰহ কৰা এক সাধাৰণ কৰ বুলি মন্তব্য কৰিছে।[9][10][11]

পাৰ্শ্ব ঘটনাৱলী[সম্পাদনা কৰক]

আৰোপিত কাহিনী অনুসৰি ৰাজহুৱা স্থানত স্তনযুগল ঢাকি ৰাখিব খোজা নিম্ন বৰ্ণৰ হিন্দু মহিলাসকলৰ ওপৰত[12][13][14] শাসকীয় ব্ৰাহ্মণসকলে এই স্তন কৰ জাপি দিছিল।[15] এই কৰ নাডাৰ আৰু ইঝাভাকে ধৰি নিম্ন বৰ্ণৰ মহিলাসকলে উচ্চ বৰ্ণৰ লোকক দেখুওৱা সন্মান বুলি গণ্য কৰা হৈছিল।[12] লিংগ শ্ৰেণীবিভাজন আৰু দলিত অধ্যয়নৰ অধ্যাপক ড° শ্বীবা ক এমৰ মতে স্তন কৰৰ উদ্দেশ্যই আছিল সামাজিক বৰ্ণবাদ অব্যাহত ৰখা।[13]

উচ্চ খাপৰ লোকসকলৰ সন্মানাৰ্থে স্তন উন্মুক্ত কৰি ৰখাটো ট্ৰেভেংকৰৰ এক পৰম্পৰা আছিল আৰু স্তন কৰৰ আইন ইয়াৰ পৰাই উদ্ভুত হৈছিল।[6] উদাহৰণস্বৰূপে নায়াৰ মহিলাসকলক নাম্বুডিৰি ব্ৰাহ্মণৰ সন্মুখত বা মন্দিৰত প্ৰৱেশ কৰোঁতে স্তন ঢাকি ৰাখিবলৈ অনুমতি দিয়া নহৈছিল, কিন্তু ব্ৰাহ্মণ মহিলাই কেৱল দেৱতাৰ মূৰ্তিৰ সন্মুখতহে স্তন উন্মুক্ত কৰিছিল। তাতকৈ নিম্ন জাতি যেনে নাডাৰ, ইঝাভা আৰু সলিতসকলক কোনো ক্ষেত্ৰতে স্তন ঢাকিবলৈ দিয়া নহৈছিল।[7] ১৯শ শতিকাত খ্ৰীষ্ট ধৰ্মৰ আগমণৰ পাছত এই ধৰ্ম গ্ৰহণ কৰা নাডাৰ মহিলাসকলে দেহৰ উৰ্ধাংশ ঢাই ৰাখিবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে হিন্দু নাডাৰ মহিলাইও এই কাম কৰিবলৈ ল'লে।[16][17] কেইটামান বিদ্ৰোহৰ পাছত নাডাৰ মহিলাসকলক ১৮৫৯ চনত স্তন ঢাকি ৰাখিবলৈ অনুমতি দিয়া হ'ল।[উদ্ধৃতিৰ প্ৰয়োজন]

একাধিক ইতিহাসবিদে কয় যে ট্ৰেভেংকৰৰ প্ৰথা অনুসৰি নিম্ন বৰ্ণৰ মহিলাই স্তন ঢাকি নৰখাটো চৰকাৰী নিয়মে কঠোৰ কৰি তুলিছিল। বৰ্ণবাদক প্ৰশ্ৰয় দিয়া এই নিয়ম ভাঙিবলৈ নিম্ন জাতিৰ লোকসকলে বহুবাৰ বিদ্ৰোহৰ সূচনা কৰিছিল।[18][19]

চান্নাৰ বিদ্ৰোহ[সম্পাদনা কৰক]

মহিআই ৰাজহুৱা স্থানত স্তনযুগ উন্মুক্ত কৰি ৰাখিবাগীয়া আইনৰ বাবে[20][21] বহুসংখ্যক নাডাৰে নিজৰ সামাজিক স্থিতি উন্নত কৰিবই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে আৰু উৰ্ধাংশ ঢকা কাপোৰ পিন্ধিববৈ লয়।[22] ইয়ে উচ্চ আৰু নিম্ন বৰ্ণৰ লোকৰ মাজত সংঘাত বঢ়াই তোলে।[23]

১৮১৩ চনৰ পৰা ১৮৫৯ চনলৈকে ট্ৰেভেংকৰৰ শাসকে উৰ্ধাংশ ঢকা কাপোৰক লৈ কেইবাটাও নিয়ম গঢ়ে আৰু ভাঙে।[24][25] একে এক সময়ত ৰজাৰ পাৰিষদকলে যুক্তি দিলে যে উৰ্ধাংশ ঢকা অধিকাৰে জাতি ভেদ আঁতৰাই ৰাজ্যখন দূষিত কৰিব।[24][25] নিম্ন বৰ্ণৰ খ্ৰীষ্টিয়ান হিন্দু মহিলাৰ বিৰুদ্ধে হিংসাৰ ঘটনা হৈ কেইবাখনো বিদ্যালয় আৰু গীৰ্জাৰ ক্ষতি হয়।[26] চাৰি দশক ধৰি কেইবাটাও বিদ্ৰোহ অব্যাহত থাকে।[23][27]

১৮৫৯ চনত দুগৰাকী নাডাৰ মহিলাৰ উৰ্ধাংশৰ কাপোৰ ছিঙি তেওঁলোকক ৰাজহুৱাভাৱে গছত ফাঁচী দিয়া হয়।[23][28] নাডৰসকলে এই ঘটনাৰ সজোৰ প্ৰতিবাদ কৰি ওচৰ-পাজৰৰ উচ্চ বৰ্ণৰ লোকক ভয়ভীত কৰি তেওঁলোকৰ দোকান-পোহাৰ লুটিবলৈ আৰম্ভ কৰিলে। তেতিয়া ৰজাই শান্তি স্থাপনৰ বাবে উৰ্ধাংশ ঢাকিবলৈ নিয়ম কৰিবলগীয়া হ'ল।[23][27][29] একে বছৰেই মাদ্ৰাছ গৱৰ্ণৰৰ হেঁচাত ৰজাই নাডাৰ মহিলাই বুকু ঢাকিব পৰা অধিকাৰ প্ৰদান কৰিলে।[26][30][31] তথাপিও তেওঁলোকক উচ্চ বৰ্ণৰ মহিলাৰ শৈলী অনুকৰণ কৰিবলৈ দিয়া নহৈছিল, কিন্তু নাডাৰ মহিলাই এই কথা মানিবলৈ অস্বীকাৰ কৰিলে।[32][33][34]

নাঙেলিৰ কাহিনী[সম্পাদনা কৰক]

ট্ৰেভেংকৰৰ দেশীয় ৰাজ্যৰ চাৰ্থালা গাঁৱত ১৯শ শতিকাৰ আগভাগত নাঙেলি নামৰ এগৰাকী মহিলাই জাতি-ভিত্তিক স্তন কৰৰ প্ৰতিবাদ কৰিবলৈ নিজৰ স্তনযুগল কাটি দিছিল বুলি এক কিংবদন্তী আছে।[35][9][36]

কাহিনী অনুসৰি ট্ৰেভেংকৰৰ গাম্য বিষয়াই স্তনৰ আকাৰ পৰীক্ষা কৰি কৰ সংগ্ৰহৰ বাবে নাঙেলিৰ ঘৰলৈ আহে।[37] নাঙেলিয়ে ইয়াৰ প্ৰতিবাদ কৰি নিজৰ স্তন কাটি তেওঁলোকলৈ কলপাতত আগবঢ়াই দিয়ে।[38][39][37] অত্যাধিক ৰক্তক্ষৰণৰ বাবে তেওঁৰ মৃত্যু হয়।[37] নাঙেলিৰ গিৰিয়েক চিৰুকন্দনে শোকতপ্ত হৈ তাইৰ চিতাত জঁপিয়াই আত্মজাহ দিয়ে– ভাৰতত পুৰুষ সতী হোৱা এয়েই প্ৰথম ঘটনা।[40]

নাঙেলিৰ মৃত্যুৰ পাছত সাধাৰণ ৰাইজে বিদ্ৰোহৰ সূচনা কৰে। নাঙেলি বাস কৰা ঠাইডোখৰ মুলাচিপৰম্বু (স্তন থকা মহিলাৰ ঠাই) বুলি জনাজাত হ'ল।[40]

এই কাহিনীৰ ঐতিহাসিক তথ্য প্ৰায় নায়েই আৰু সেইবাবে ইয়াৰ সত্যতাক লৈ সন্দেহ কৰা হয়।[20][9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "The CBSE Just Removed an Entire History of Women's Caste Struggle". The Wire. https://thewire.in/education/cbse-removed-history-womens-caste-struggle। আহৰণ কৰা হৈছে: 2019-11-13. 
  2. 2.0 2.1 "The woman who cut off her breasts to protest a tax" (en-GB ভাষাত). 2016-07-28. https://www.bbc.com/news/world-asia-india-36891356. 
  3. 3.0 3.1 "Nine weird taxes from around the world – Really absurd". The Economic Times. https://economictimes.indiatimes.com/nation-world/nine-weird-taxes-from-around-the-world/window-tax/slideshow/56516226.cms। আহৰণ কৰা হৈছে: 2019-11-13. 
  4. K.S. Manilal (15 November 2012). "Sikhism in Kerala: Forgotten Chapter in the Social History of the State". Samagra খণ্ড 8: 3–4. ISSN 0973-3906. https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxjcmlrc2NzYW1hZ3JhfGd4OjE5OTc0YzhhNWRlN2Y2MDM. "One such infamous law that was in force in Travancore until as late as the first quarter of the 20th century was known as Mulakkaram, i.e., the law of breast tax. According to this law the avarna women, were to pay tax to the government for their breasts from the very time of their girlhood, when they start developing breasts". 
  5. R. N. Yesudas (1980). The History of the London Missionary Society in Travancore, 1806–1908. Kerala Historical Society. পৃষ্ঠা. 19. https://books.google.com/books?id=0oscAAAAMAAJ. "The lower classes were to pay tax for the hair they grew, and for the breasts of ladies called breast-tax." 
  6. 6.0 6.1 Jacob Kattackal (1990). Comparative Religion. Oriental Institute of Religious Studies. পৃষ্ঠা. 144. https://books.google.com/books?id=O_MnAAAAYAAJ. "In South India, until the 19th century, the 'low caste' men had to pay the 'head tax, and the 'low caste women' had to pay a 'breast tax' ('tala-karam and mula- karain) to the government treasury. The still more shameful truth is that these women were not allowed to wear upper garments in public." 
  7. 7.0 7.1 "Breast Tax and the Revolt of Lower Cast Women in 19th Century Travancore" (en-GB ভাষাত). 2019-05-17. Archived from the original on 2020-05-08. https://web.archive.org/web/20200508173000/https://www.ststworld.com/breast-tax/। আহৰণ কৰা হৈছে: 2019-11-14. 
  8. Allen, Charles (2017). Coromandel : A personal history of South India. প্ৰকাশক London: Little, Brown. পৃষ্ঠা. 285. ISBN 9781408705391. OCLC 1012741451. https://books.google.com/books/about/Coromandel.html?id=qutzDQAAQBAJ. 
  9. 9.0 9.1 9.2 S. Pillai, Manu (2019). "The woman with no breasts". The Courtesan, the Mahatma and the Italian Brahmin: Tales from Indian History. প্ৰকাশক Chennai: Westland Publications Private Limited. ISBN 9789388689786. http://www.thehindu.com/society/history-and-culture/the-woman-who-cut-off-her-breasts/article17324549.ece. 
  10. Kattackal, Jacob (1990) (en ভাষাত). Comparative Religion. প্ৰকাশক Kerala: Oriental Institute of Religious Studies. পৃষ্ঠা. 144. https://books.google.com/books?id=O_MnAAAAYAAJ. 
  11. Yesudas, R.N. (1980). The History of the London Missionary Society in Travancore, 1806-1908. প্ৰকাশক Kerala: Kerala Historical Society. পৃষ্ঠা. 19. https://books.google.com/books?id=0oscAAAAMAAJ. 
  12. 12.0 12.1 "The CBSE Just Removed an Entire History of Women's Caste Struggle". The Wire. https://thewire.in/education/cbse-removed-history-womens-caste-struggle। আহৰণ কৰা হৈছে: 2019-11-13. 
  13. 13.0 13.1 "The woman who cut off her breasts to protest a tax" (en-GB ভাষাত). 2016-07-28. https://www.bbc.com/news/world-asia-india-36891356. 
  14. Allen, Charles (2017). Coromandel: A personal history of South India. প্ৰকাশক London: Little, Brown. পৃষ্ঠা. 285. ISBN 9781408705391. OCLC 1012741451. https://books.google.com/books/about/Coromandel.html?id=qutzDQAAQBAJ. 
  15. Nat, আৰ্কাইভ কপি, archived from the original on 2020-04-10, https://web.archive.org/web/20200410013138/http://www.ambedkaritetoday.com/2019/07/tipu-sultan-save-dalit-woman-from-brahminism.html, আহৰণ কৰা হৈছে: 2020-03-30 
  16. Robert L. Hardgrave (1969). The Nadars of Tamilnad. University of California Press. পৃষ্ঠা. 59–62. OCLC 12064. https://archive.org/details/nadarsoftamilnad0000hard. 
  17. Robert L. Hardgrave, Jr. (1968). "The Breast-Cloth Controversy: Caste Consciousness and Social Change in Southern Travancore". The Indian Economic & Social History Review খণ্ড 5 (2): 171–187. doi:10.1177/001946466800500205. 
  18. Cohn, Bernard S. (1996-09-08) (en ভাষাত). Colonialism and Its Forms of Knowledge: The British in India. Princeton University Press. পৃষ্ঠা. 140. ISBN 9780691000435. https://books.google.com/books/about/Colonialism_and_Its_Forms_of_Knowledge.html?id=uIalYaenrTkC. 
  19. Hardgrave, Robert L. (1969) (en ভাষাত). The Nadars of Tamilnad. University of California Press. পৃষ্ঠা. 55-70. https://archive.org/details/nadarsoftamilnad0000hard. 
  20. 20.0 20.1 "The woman who cut off her breasts to protest a tax" (en-GB ভাষাত). 2016-07-28. https://www.bbc.com/news/world-asia-india-36891356. 
  21. "The CBSE Just Removed an Entire History of Women's Caste Struggle". The Wire. https://thewire.in/education/cbse-removed-history-womens-caste-struggle। আহৰণ কৰা হৈছে: 2019-11-14. 
  22. "Travancore parallel: the fight to wear an upper garment" (en-IN ভাষাত). The Indian Express. 2018-10-18. https://indianexpress.com/article/explained/sabarimala-row-travancore-parallel-the-fight-to-wear-an-upper-garment-5406642/। আহৰণ কৰা হৈছে: 2019-11-13. 
  23. 23.0 23.1 23.2 23.3 "A struggle for decent dress". The New Indian Express. https://www.newindianexpress.com/states/kerala/2009/jul/27/a-struggle-for-decent-dress-71376.html। আহৰণ কৰা হৈছে: 2019-11-15. 
  24. 24.0 24.1 Cohn 1996, পৃষ্ঠা. 140.
  25. 25.0 25.1 Ponnumuthan 1996, পৃষ্ঠা. 109.
  26. 26.0 26.1 Cohn 1996, পৃষ্ঠা. 141.
  27. 27.0 27.1 "Breast Tax and the Revolt of Lower Cast Women in 19th Century Travancore" (en-GB ভাষাত). 2019-05-17. Archived from the original on 2020-05-08. https://web.archive.org/web/20200508173000/https://www.ststworld.com/breast-tax/। আহৰণ কৰা হৈছে: 2019-11-15. 
  28. "Travancore parallel: the fight to wear an upper garment" (en-IN ভাষাত). The Indian Express. 2018-10-18. https://indianexpress.com/article/explained/sabarimala-row-travancore-parallel-the-fight-to-wear-an-upper-garment-5406642/। আহৰণ কৰা হৈছে: 2019-11-15. 
  29. "Travancore parallel: the fight to wear an upper garment" (en-IN ভাষাত). The Indian Express. 2018-10-18. https://indianexpress.com/article/explained/sabarimala-row-travancore-parallel-the-fight-to-wear-an-upper-garment-5406642/। আহৰণ কৰা হৈছে: 2019-11-15. 
  30. Ross 2008, পৃষ্ঠা. 78.
  31. Jones 1989, পৃষ্ঠা. 159.
  32. Ponnumuthan 1996, পৃষ্ঠা. 110.
  33. Cohn 1996, পৃষ্ঠা. 141-142.
  34. Kertzer 1988, পৃষ্ঠা. 113.
  35. "The woman who cut off her breasts to protest a tax". BBC News. 28 July 2016. https://www.bbc.com/news/world-asia-india-36891356. 
  36. Allen, Charles (2017). Coromandel : A personal history of South India. প্ৰকাশক London: Little, Brown. পৃষ্ঠা. 285. ISBN 9781408705391. OCLC 1012741451. https://books.google.com/books/about/Coromandel.html?id=qutzDQAAQBAJ. 
  37. 37.0 37.1 37.2 S. Pillai, Manu (2019). "The woman with no breasts". The Courtesan, the Mahatma and the Italian Brahmin: Tales from Indian History. প্ৰকাশক Chennai: Westland Publications Private Limited. ISBN 9789388689786. http://www.thehindu.com/society/history-and-culture/the-woman-who-cut-off-her-breasts/article17324549.ece. 
  38. Surendranath, Nidhi (21 October 2013). "200 years on, Nangeli's sacrifice only a fading memory". The Hindu. http://www.thehindu.com/news/cities/Kochi/200-years-on-nangelis-sacrifice-only-a-fading-memory/article5255026.ece. 
  39. Singh, Vijay (7 March 2016). "She died fighting 'breast tax', her name lives on". Times of India. http://timesofindia.indiatimes.com/city/chennai/She-died-fighting-breast-tax-her-name-lives-on/articleshow/51283819.cms। আহৰণ কৰা হৈছে: 15 April 2017. 
  40. 40.0 40.1 "The woman who cut off her breasts to protest a tax". BBC News. 28 July 2016. https://www.bbc.com/news/world-asia-india-36891356. 

উৎস[সম্পাদনা কৰক]