সমললৈ যাওক

স্নেহা শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্নেহা শৰ্মা
Nationality ভাৰত ভাৰতীয়
Born ১ আগষ্ট, ১৯৯০ (৩৫ বছৰ)
কলকাতা, পশ্চিম বংগ, ভাৰত
(ফৰ্মুলা ৩ ) career

স্নেহা শৰ্মা (ইংৰাজী: : Sneha Sharma ; জন্ম: ১ আগষ্ট ১৯৯০) এগৰাকী ভাৰতীয় ৰেচিং ড্ৰাইভাৰ। তেওঁ ফৰ্মুলা ৪ নেচনেল ৰেচিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে, আৰু তেওঁ এজন পেচাদাৰী বৈমানিকো, ২০২২ চনৰ পৰা ভিষ্টাৰ এয়াৰলাইন্সত কৰ্মৰত হৈ আছে। স্নেহাৰ জন্ম কলকাতাত হৈছিল যদিও সৰুৰে পৰাই মুম্বাইত ডাঙৰ-দীঘল হৈছিল। মুম্বাইৰ আন্ধেৰীৰ কেনোছা কনভেণ্ট স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল আৰু আমেৰিকাৰ ছান ফ্ৰান্সিস্কো, আমেৰিকাৰ মিয়ামি আৰু মালয়েছিয়াৰ কুৱালালামপুৰৰ পৰা বিমানৰ প্ৰশিক্ষণ লৈছিল।

ৰেচিং কেৰিয়াৰ তেওঁ ১৬ বছৰ বয়সৰ পৰাই ৰেচিং কৰি আহিছে। ১৭ বছৰ বয়সত তেওঁ উচ্চতৰ মাধ্যমিক আৰু বৈমানিক শিক্ষাৰ সৈতে একেলগে এম আৰ এফ নেচনেল কাৰ্টিং চেম্পিয়নশ্বিপত ৰেচিং প্ৰতিদন্দ্বিতা কৰিছিল। ২০১০ চনত কাৰ্টৰ পৰা গাড়ীলৈ স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে জে কে টায়াৰ নেচনেল ৰেচিং চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰিছে। ২০০৯ চনৰ জে কে টায়াৰ নেচনেল কাৰ্টিং চেম্পিয়নশ্বিপত ৪ ষ্ট্ৰ’ক শাখাত দ্বিতীয় স্থান লাভ কৰা স্নেহাই এম এ আই নেশ্যনেল কাৰ্টিং চেম্পিয়নশ্বিপৰ কে চি টিৰ অন্তিম ৰাউণ্ডৰ বাবেও যোগ্যতা অৰ্জন কৰা একমাত্ৰ মহিলা আছিল। ২০১৫ চনত ভাৰতত অনুষ্ঠিত হোৱা ফক্সৱেগেন ভেণ্টো কাপ আৰু দ্য টয়োটা ইটিঅ’ছ কাপৰ বাবে চৰ্টলিষ্ট কৰা হৈছিল । মাৰ্চিডিজ ইয়ং ষ্টাৰ ড্ৰাইভাৰ প্ৰগ্ৰেমত শীৰ্ষ ৫ স্থান দখল কৰি স্নেহা শৰ্মাক ভাৰতৰ সৰ্বাধিক দ্ৰুততম মহিলা ৰেচাৰৰ খিতাপ দিয়া হয়। তেওঁৰ কোনো স্পনচৰ নথকাৰ বাবে আৰু আৰ্থিকভাৱে সচ্ছল পৰিৱেশ নথকাৰ কাৰণে, তেওঁৰ ব্ৰেকিং আৰু কৰ্নাৰিঙ-ৰ প্ৰাথমিক কথাবোৰ শিকোৱা শিক্ষকসকল আছিল সহজ মেকানিক সকল। স্নেহাই তেওঁৰ ৰেচিঙৰ মাচুল হ্ৰাস কৰিবৰ বাবে ৰেচট্ৰেকত বিভিন্ন ধৰণৰ কাম কৰিছিল। অৱশ্যে আজিৰ তাৰিখলৈকে স্নেহাই জে কে টায়াৰ আৰু ইণ্ডিগো বিমান সংস্থাৰ পৰা তেওঁৰ ৰেচিং কেৰিয়াৰৰ বাবে স্পনচৰশ্বিপ লাভ কৰে। বৰ্তমান বিভিন্ন শাখাত অংশ লৈ ৬ খন ৰেচ জয় আৰু ১৪ টা ৰানাৰ্ছ আপ স্থানত জয়ী হৈছে।

২০১৯ চনত শৰ্মাই ডব্লিউ ছিৰিজৰ বাবে যোগ্যতা অৰ্জন কৰাৰ চেষ্টা কৰিছিল যদিও মূল্যায়ন পৰ্যায় অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাছিল।[1]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]