সমললৈ যাওক

স্নেহ ৰাণা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্নেহ ৰাণা
{{{imagealt}}}
২০২২ চনত ৰাণা
ব্যক্তিগত তথ্য
জন্ম ১৮ ফেব্ৰুৱাৰী, ১৯৯৪ (৩২ বছৰ)
ডেৰাডুন, উত্তৰাখণ্ড, ভাৰত
বেটিং শৈলী সোঁ-হতীয়া
বলিং শৈলী সোঁ-বাহু অফ ব্ৰেক
ভূমিকা বলিং অল-ৰাউণ্ডাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
টেষ্ট অভিষেক (কেপ ৮৫) ১৬ জুন ২০২১ বনাম ইংলেণ্ড
অন্তিম টেষ্ট ২১ ডিচেম্বৰ ২০২৩ বনাম অষ্ট্ৰেলিয়া
অ'ডিআই অভিষেক (কেপ ১১০) ১৯ জানুৱাৰী ২০১৪ বনাম শ্ৰীলংকা
অন্তিম অ'ডিআই ২ নৱেম্বৰ ২০২৫ v দক্ষিণ আফ্ৰিকা
অ'ডিআই চোলা নং. ৩৬ (পূৰ্বে ২)
আন্তৰ্জাতিক টি২০ অভিষেক (কেপ ৪৫) ২৬ জানুৱাৰী ২০১৪ v শ্ৰীলংকা
অন্তিম আন্তৰ্জাতিক টি২০ ৯ জুলাই ২০২৫ বনাম ইংলেণ্ড
টি২০ চোলা নং. ৩৬ (পূৰ্বে ২)
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০১০/১১–২০১৭/১৮ পাঞ্জাব
২০১৫/১৬–বৰ্তমান ৰেলৱে
২০২২ ভেল'চিটি
২০২৩–২০২৪ গুজৰাট জায়েণ্টছ
২০২৫ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰ
২০২৬–বৰ্তমান দিল্লী কেপিটেলছ
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা WTest WODI WT20I
মুঠ খেল ৪৪ ২৯
ৰাণ ১২১ ৩৮০ ৭৬
বেটিং গড় ৩০.২৫ ১৬.৫২ ১২.৬৬
শতক/অৰ্ধশতক ০/১ ০/১ ০/০
সৰ্বোচ্চ ৰাণ ৮০* ৫৩* ১৬
বল ৯৫৭ ২,১৯২ ৫৪৬
উইকেট ২৩ ৫৭ ২৪
বলিং গড় ২০.৯৫ ৩১.২৪ ২৪.৪১
এটা ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ৮/৭৭ ৫/৪৩ ৩/৯
কেচ্চ/ষ্টাম্পিং ২/– ১৯/– ১২/–
উৎস: http://www.espncricinfo.com/india/content/player/556537.html ESPNcricinfo, ১৭ নৱেম্বৰ ২০২৫ {{{year}}}

স্নেহ ৰাণা (ইংৰাজী: Sneh Rana; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৯৪) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ৷[1] তেওঁ মহিলা জাতীয় দলৰ হৈ সোঁহাতৰ অফ ব্ৰেক বলাৰ আৰু সোঁহাতৰ বেটছমেন হিচাপে খেলে। ৰাণাই ঘৰুৱা ক্ৰিকেটত ৰেলৱে আৰু মহিলা প্ৰিমিয়াৰ লীগত দিল্লী কেপিটেলছক প্ৰতিনিধিত্ব কৰে।[2] ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপ আৰু ২০২২ চনৰ মহিলা এছিয়া কাপ জয় কৰা ভাৰতীয় দলৰ অংশ আছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ৰানাৰ ঘৰ ডেৰাডুনৰ চিনাউলাত।[3] তেওঁৰ দেউতা এজন কৃষক।[4]

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ

[সম্পাদনা কৰক]

২০১৪ চনত তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে মহিলা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় (WODI) আৰু মহিলা টি২০ আন্তঃৰাষ্ট্ৰীয় (WT20I)ত অভিষেক কৰে।[5]

২০১৬ চনত আঁঠুৰ আঘাত পোৱাৰ পিছত তেওঁ জাতীয় দলৰ পৰা বাহিৰে থাকিবলগীয়া হয় আৰু পিছৰ পাঁচ বছৰলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিব নোৱাৰিলে।[6] এই সময়ছোৱাত তেওঁ ঘৰুৱা ক্ৰিকেট খেলাৰ লগতে ইণ্ডিয়া বি দলৰ হৈও খেলিছিল।

মে’ ২০২১ত ইংলেণ্ড মহিলা দলৰ বিৰুদ্ধে একমাত্ৰ টেষ্ট খেলখনৰ বাবে ভাৰতৰ টেষ্ট দলত তেওঁ অন্তৰ্ভুক্ত হয়।[7] ১৬ জুন ২০২১ তাৰিখে ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ টেষ্ট অভিষেক কৰে।[8][9]

জানুৱাৰী ২০২২ত নিউজিলেণ্ডত অনুষ্ঠিত ২০২২ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতৰ দলত তেওঁ স্থান লাভ কৰে।[10] জুলাই ২০২২ত ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত ২০২২ চনৰ কমনৱেলথ গেমছৰ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবেও ভাৰতৰ দলত তেওঁ অন্তৰ্ভুক্ত হয়।[11]

২০২৪ চনত চেপাকত দক্ষিণ আফ্ৰিকা মহিলা দলৰ বিৰুদ্ধে অনুষ্ঠিত একমাত্ৰ টেষ্টত ৰাণাই প্ৰথমবাৰৰ বাবে পাঁচ উইকেট লাভ কৰে আৰু টেষ্ট ক্ৰিকেটত দহ উইকেট লাভ কৰা দ্বিতীয়গৰাকী মহিলা স্পিনাৰ আৰু প্ৰথমগৰাকী ভাৰতীয় স্পিনাৰ হিচাপে পৰিগণিত হয়।[12][13][14][15]

২৯ এপ্ৰিল ২০২৫ তাৰিখে শ্ৰীলংকাত অনুষ্ঠিত ত্ৰিদেশীয় শৃংখলাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাণাই মহিলা এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত প্ৰথমবাৰৰ বাবে পাঁচ উইকেট লাভ কৰে।[16]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Sneh Rana". ESPNcricinfo. http://www.espncricinfo.com/india/content/player/556537.html আহৰণ কৰা হৈছে: 18 April 2016.
  2. "Karuna Jain left out of India women's one-day squad". ESPNcricinfo. https://www.espncricinfo.com/story/karuna-jain-left-out-of-india-women-s-one-day-squad-802131 আহৰণ কৰা হৈছে: 21 November 2014.
  3. Menon, Vishal (2021-06-22). "Sneh Rana overcomes personal tragedy, injury to script India's Bristol rearguard" (en ভাষাত). The Indian Express. https://indianexpress.com/article/sports/cricket/sneh-rana-india-women-bristol-rearguard-tragedy-injury-7367900/ আহৰণ কৰা হৈছে: 2021-06-26.
  4. Banerjee, Kathakali; Anab, Mohammad (2021-06-21). "Farmer's daughter creates cricketing history in Bristol" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/dehradun/farmers-daughter-creates-cricketing-history/articleshow/83694835.cms আহৰণ কৰা হৈছে: 2021-06-26.
  5. "India's potential Test debutantes: Where were they in November 2014?". Women's CricZone. Archived from the original on 10 June 2021. https://web.archive.org/web/20210610111751/https://www.womenscriczone.com/india-test-newbies-where-were-they-in-november-2014 আহৰণ কৰা হৈছে: 10 June 2021.
  6. Ghosh, Annesha (2021-06-17). "The love, loss and comeback of Sneh Rana" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/england-vs-india-women-only-test-sneh-rana-love-loss-and-comeback-1266786 আহৰণ কৰা হৈছে: 2021-06-26.
  7. "India's Senior Women squad for the only Test match, ODI & T20I series against England announced". Board of Control for Cricket in India. https://www.bcci.tv/articles/2021/news/154389/india-s-senior-women-squad-for-the-only-test-match-odi-t20i-series-against-england-announced আহৰণ কৰা হৈছে: 14 May 2021.
  8. "Only Test, Bristol, Jun 16 - 19 2021, India Women tour of England". ESPNcricinfo. https://www.espncricinfo.com/ci/engine/match/1260093.html আহৰণ কৰা হৈছে: 16 June 2021.
  9. "Turning it in: Sneh Rana shines on Test debut". Women's CricZone. Archived from the original on 10 February 2022. https://web.archive.org/web/20220210045952/https://www.womenscriczone.com/off-spinner-sneh-rana-shines-on-test-debut-v-england আহৰণ কৰা হৈছে: 17 June 2021.
  10. "Renuka Singh, Meghna Singh, Yastika Bhatia break into India's World Cup squad". ESPNcricinfo. https://www.espncricinfo.com/story/womens-odi-world-cup-2022-renuka-singh-meghna-singh-yastika-bhatia-break-into-indias-world-cup-squad-1295643 আহৰণ কৰা হৈছে: 6 January 2022.
  11. "Team India (Senior Women) squad for Birmingham 2022 Commonwealth Games announced". Board of Control for Cricket in India. https://www.bcci.tv/bccilink/articles/EBVEjCHH আহৰণ কৰা হৈছে: 11 July 2022.[সংযোগবিহীন উৎস]
  12. "Sneh Rana picks 8 wicket in a Test Inning, becomes only 3rd player to take a 8-fer". Female Cricket. https://femalecricket.com/south-africa-tour-of-india/45855-sneh-rana-picks-8-wicket-in-a-test-inning-becomes-only-3rd-player-to-take-a-8-fer.html আহৰণ কৰা হৈছে: 30 June 2024.
  13. "Sneh Rana becomes second Indian to register a ten-wicket match haul in Women's Tests". Sportstar. https://sportstar.thehindu.com/cricket/womens-cricket/sneh-rana-ten-wicket-haul-india-women-test-match-south-africa-indw-vs-saw-stats-records-news/article68354680.ece আহৰণ কৰা হৈছে: 1 July 2024.
  14. "Sneh Rana becomes First Indian Spinner to take 10-fer in a Women's Test match". Female Cricket. https://femalecricket.com/south-africa-tour-of-india/46006-sneh-rana-becomes-first-indian-spinner-to-take-10-fer-in-a-womens-test-match.html আহৰণ কৰা হৈছে: 1 July 2024.
  15. "Best bowling figures in a Test in women's cricket". ESPNcricinfo. https://www.espncricinfo.com/records/best-figures-in-a-match-283968.
  16. "Sneha Rana's maiden five-for, Rawal's excellent fifty power India to 15 run-win over South Africa". Hindustan Times. Archived from the original on 25 May 2025. https://web.archive.org/web/20250525013356/https://www.hindustantimes.com/cricket/sneha-rana-s-maiden-five-for-rawal-s-excellent-fifty-power-india-to-15-run-win-over-south-africa-101745929393804.html আহৰণ কৰা হৈছে: 29 April 2025.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]