সমললৈ যাওক

স্নো হোৱাইট এণ্ড দ্য চেভেন ডোৱাৰ্ফছ (১৯৩৭ চনৰ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্নো হোৱাইট এণ্ড দ্য চেভেন ডোৱাৰ্ফছ

গুস্তাফ টেংগ্ৰেনে অংকন কৰা থিয়েটাৰত মুক্তিৰ পষ্টাৰ
পৰিচালক তত্ত্বাৱধায়ক পৰিচালক
ডেভিদ হেণ্ড
চিকুৱেঞ্চ পৰিচালকসমূহ
  • পাৰ্চ পিয়ৰ্চ
  • উইলিয়াম কট্ৰেল
  • লেৰী ম'ৰী
  • উইলফ্ৰেড জেকচন
  • বেন শ্বাৰ্পষ্টিন
কাহিনী
  • টেড চিয়াৰ্ছ
  • ৰিচাৰ্ড ক্ৰিডন
  • অটো ইংলেণ্ডাৰ
  • ডিক ৰিকাৰ্ড
  • আৰ্ল হাৰ্ড
  • মেৰিল ডি মেৰিচ
  • ডৰথী এন ব্লেংক
  • ওৱেব স্মিথ
ভিত্তি ব্ৰাদাৰ্ছ গ্ৰিমৰ "স্নো হোৱাইট"ৰ আধাৰত
প্ৰযোজক ওৱাল্ট ডিজনি
সংগীত পৰিচালক
  • ফ্ৰেংক চাৰ্চিল
  • লেই হাৰলিন
  • পল স্মিথ
প্ৰযোজনা
কোম্পানী
ওৱাল্ট ডিজনি প্ৰডাকচনচ
পৰিবেশক আৰ.কে.অ’ ৰেডিঅ’ পিকচাৰ্ছ
মুক্তি
ডিচেম্বৰ ২১, ১৯৩৭ (1937-12-21) (কাৰ্থে চাৰ্কল থিয়েটাৰ)
ফেব্ৰুৱাৰী ৪, ১৯৩৮ (1938-02-04) (আমেৰিকা যুক্তৰাষ্ট্ৰ)
দৈৰ্ঘ্য
৮৩ মিনিট
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
বাজেট ১.৫ নিযুত ডলাৰ[1]
সৰ্বমুঠ আয় ৪১৮ নিযুত ডলাৰ

স্নো হোৱাইট এণ্ড দ্য চেভেন ডোৱাৰ্ফছ (ইংৰাজী: Snow White and the Seven Dwarfs; জন্ম: ১৯৩৭) — হ’ল ওৱাল্ট ডিজনিৰদ্বাৰা প্ৰযোজিত আৰু আৰ.কে.অ’ ৰেডিঅ’ পিকচাৰ্ছৰদ্বাৰা মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল ফেণ্টাচী চলচ্চিত্ৰ। এই ছবিখন ব্ৰাদাৰ্ছ গ্ৰিমৰ ১৮১২ চনৰ জাৰ্মান সাধুকথা "স্নো হোৱাইট"ৰ ওপৰত আধাৰিত। ছবিখন ডেভিদ হেণ্ড আৰু পাঁচজন চিকুৱেঞ্চ পৰিচালকৰ এটা দলে তত্ত্বাৱধান কৰিছিল: পাৰ্চ পিয়ৰ্চ, উইলিয়াম কট্ৰেল, লেৰী ম'ৰী, উইলফ্ৰেড জেকচন আৰু বেন শ্বাৰ্পষ্টিন। এয়া আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ এনিমেটেড চলচ্চিত্ৰ আৰু প্ৰথম 'চেল এনিমেটেড' পূৰ্ণদৈৰ্ঘ্যৰ ছবি।[2]

স্নো হোৱাইট ১৯৩৭ চনৰ ২১ ডিচেম্বৰত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ কাৰ্থে চাৰ্কল থিয়েটাৰত প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল আৰু ১৯৩৮ চনৰ ৪ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰত সাধাৰণভাৱে মুক্তি দিয়া হৈছিল। চলচ্চিত্ৰ উদ্যোগৰ প্ৰাৰম্ভিক সন্দেহ সত্ত্বেও, ই সমালোচনামূলক আৰু ব্যাৱসায়িকভাৱে সফলতা অৰ্জন কৰে। ১.৫ নিযুত ডলাৰ উৎপাদন ব্যয়ৰ বিপৰীতে প্ৰথম মুক্তিৰ সময়ত ই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৮ নিযুত ডলাৰতকৈও অধিক উপাৰ্জন কৰি ১৯৩৮ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়। ই একেলগে সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী সবাক চলচ্চিত্ৰৰ অভিলেখ গঢ়িছিল আৰু ৫৫ বছৰ ধৰি সৰ্বাধিক উপাৰ্জনকাৰী এনিমেটেড চলচ্চিত্ৰ হিচাপে আছিল। ছবিখনৰ জনপ্ৰিয়তাৰ বাবে ১৯৯০-ৰ দশকত হোম ভিডিঅ’ মুক্তিৰ আগলৈকে কেইবাবাৰো ছবিগৃহত পুনৰ মুক্তি দিয়া হৈছিল। মুদ্ৰাস্ফীতিৰ সৈতে মিলাই চালে, ই উত্তৰ আমেৰিকাৰ বক্স অফিচত শীৰ্ষ দহখন সফল ছবিৰ ভিতৰত অন্যতম আৰু এতিয়াও ই সৰ্বাধিক উপাৰ্জনকাৰী এনিমেটেড ছবি।[3] বিশ্বজুৰি ইয়াৰ মুদ্ৰাস্ফীতি-সমঞ্জস উপাৰ্জনে এনিমেচনৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে।[4] ১৯৩৮ চনত একাডেমী বঁটাত স্নো হোৱাইট শ্ৰেষ্ঠ মৌলিক সংগীতৰ বাবে মনোনীত হৈছিল আৰু পিছৰ বছৰত প্ৰযোজক ওৱাল্ট ডিনজিক ছবিখনৰ বাবে এটা সন্মানীয় অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল। এই বঁটাটো আছিল অনন্য, য’ত এটা স্বাভাৱিক আকাৰৰ অস্কাৰ আৰু সাতটা সৰু আকাৰৰ অস্কাৰ মূৰ্তি আছিল। ছিৰলে টেম্পলে এই বঁটা ডিজিক প্ৰদান কৰিছিল।[5]

আৰম্ভণিৰ এনিমেচন উদ্যোগত স্নো হোৱাইট এক মাইলৰ খুঁটি স্বৰূপ আছিল আৰু ইয়াক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ আৰু প্ৰভাৱশালী চলচ্চিত্ৰ হিচাপে গণ্য কৰা হয়, যিয়ে এনিমেচনৰ স্বৰ্ণযুগৰ সূচনা কৰিছিল। এই সাধুকথাটোৰ ডিজনি সংস্কৰণৰ সাংস্কৃতিক প্ৰভাৱ সুদূৰপ্ৰসাৰী। ইয়াৰ ফলত জনপ্ৰিয় থিম পাৰ্ক আকৰ্ষণ, ভিডিঅ’ গেম, ব্ৰডৱে মিউজিকেল আৰু ২০২৫ চনৰ এখন লাইভ-একচন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। ১৯৮৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাইব্ৰেৰী অৱ কংগ্ৰেছে ছবিখনক "সাংস্কৃতিক, ঐতিহাসিক বা নান্দনিকভাৱে গুৰুত্বপূৰ্ণ" বুলি গণ্য কৰে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পঞ্জীয়নত সংৰক্ষণৰ বাবে প্ৰথম ২৫খন ছবিৰ অন্যতম হিচাপে নিৰ্বাচন কৰে।[6] আমেৰিকান ফিল্ম ইনষ্টিটিউটে ইয়াক ১০০খন শ্ৰেষ্ঠ আমেৰিকান চলচ্চিত্ৰৰ ভিতৰত স্থান দিছে আৰু ২০০৮ চনত ইয়াক সৰ্বকালৰ শ্ৰেষ্ঠ আমেৰিকান এনিমেটেড চলচ্চিত্ৰ হিচাপে ঘোষণা কৰিছে।

সৰুতেই মাক-দেউতাকক হেৰুওৱা স্নো হোৱাইট এগৰাকী ৰাজকুমাৰী, যিয়ে নিজৰ নিষ্ঠুৰ মাহীমাক অৰ্থাৎ ৰাণীৰ সৈতে বাস কৰে।[টোকা 1] স্নো হোৱাইটৰ সৌন্দৰ্যই নিজৰ সৌন্দৰ্যক চেৰ পেলাব বুলি ভয় কৰি ৰাণীয়ে তাইক এগৰাকী লিগিৰী হিচাপে কাম কৰিবলৈ বাধ্য কৰে আৰু প্ৰতিদিনে নিজৰ যাদুকৰী আইনাখনক সোধে যে "এই পৃথিৱীৰ আটাইতকৈ সুন্দৰী কোন?" বহু বছৰ ধৰি আইনাখনে সদায় উত্তৰ দিছিল যে ৰাণীয়েই আটাইতকৈ সুন্দৰী, যিয়ে ৰাণীক সন্তুষ্ট কৰি ৰাখিছিল।

এদিন স্নো হোৱাইটে এজন ৰাজকুমাৰক লগ পায় আৰু তেওঁৰ প্ৰেমত পৰে। সেই একেদিনাই যাদুকৰী আইনাখনে স্নো হোৱাইটক আটাইতকৈ সুন্দৰী বুলি ঘোষণা কৰে। ইয়াতে ক্ষুব্ধ হৈ ৰাণীয়ে এজন চিকাৰীক আদেশ দিয়ে যাতে তেওঁ স্নো হোৱাইটক হাবিলৈ লৈ গৈ হত্যা কৰে আৰু প্ৰমাণ স্বৰূপ এটা অলংকৃত বাকচত তাইৰ হৃদযন্ত্ৰটো লৈ আহে। চিকাৰীজনে স্নো হোৱাইটক হত্যা কৰিবলৈ সাহস গোটাব নোৱাৰিলে আৰু তাইক ৰাণীৰ অভিপ্ৰায়ৰ বিষয়ে সতৰ্ক কৰি দিলে। চিকাৰীজনৰ অনুৰোধত স্নো হোৱাইট হাবিৰ গভীৰলৈ পলাই যায়।

অকলশৰীয়া আৰু ভীত স্নো হোৱাইটৰ লগত বন্য প্ৰাণীসমূহৰ বন্ধুত্ব হয়, যিবোৰে তাইক এখন গুপ্ত পঁজাত লৈ যায়। পঁজাটোৰ ভোজন কক্ষত সাতখন সৰু চকী দেখি স্নো হোৱাইটে ধৰি লয় যে এইটো সাতজন মাউৰা ল’ৰা-ছোৱালীৰ অপৰিষ্কাৰ ঘৰ। প্ৰাণীসমূহৰ সহায়ত তাই ঠাইডোখৰ চাফা কৰে আৰু আহাৰ ৰান্ধিবলৈ আৰম্ভ কৰে। স্নো হোৱাইটে সোনকালেই গম পায় যে সেই পঁজাটো ডক, গ্ৰাম্পী, হেপ্পী, স্লিপী, বাছফুল, স্নিজী আৰু ডোপী নামৰ সাতজন ডোৱাৰ্ফৰ আছিল, যিয়ে ওচৰৰে খনি এটাত কাম কৰিছিল। কামৰপৰা ঘৰলৈ উভতি আহি তেওঁলোকে নিজৰ পঁজাটো পৰিষ্কাৰ হৈ থকা দেখি আচৰিত হয় আৰু কোনোবা অনুপ্ৰৱেশকাৰী সোমোৱা বুলি সন্দেহ কৰে। স্নো হোৱাইটে নিজৰ পৰিচয় দিয়ে আৰু নিজৰ পৰিস্থিতিৰ কথা বুজাই কয়। ডোৱাৰ্ফসকলে তাইৰ সুৰক্ষাৰ বাবে তাইক তাত থাকিবলৈ দিবলৈ সন্মত হয়। ডোৱাৰ্ফসকলে দিনত ৰত্নৰ খনিত কাম কৰি থকাৰ সময়ত স্নো হোৱাইটে তেওঁলোকৰ বাবে ৰন্ধা-বঢ়া আৰু কাপোৰ ধুই দিয়ে আৰু নিশা তেওঁলোক সকলোৱে গান গাই, বাদ্য বজাই আৰু নৃত্য কৰি আনন্দ কৰে।

আনফালে ৰাজপ্ৰাসাদত যাদুকৰী আইনাখনে প্ৰকাশ কৰে যে স্নো হোৱাইট এতিয়াও জীয়াই আছে আৰু ডোৱাৰ্ফসকলৰ লগত আছে। চিকাৰীজনে তাইক এটা গাহৰিৰ হৃদযন্ত্ৰ দি প্ৰতাৰণা কৰা বুলি জানি ৰাণী ক্ৰোধিত হৈ পৰে। ৰাণীয়ে এটা ঔষধ ব্যৱহাৰ কৰি নিজৰ ৰূপ সলাই এগৰাকী বুঢ়ী বেপাৰীৰ ছদ্মবেশ ধৰে আৰু এটা বিষাক্ত আপেল তৈয়াৰ কৰে। যিয়ে এই আপেলটো খাব, তেওঁ চিৰনিদ্ৰাত ডুব যাব। ৰাণীয়ে জানিব পাৰে যে এই অভিশাপ কেৱল "প্ৰেমৰ প্ৰথম চুমা"ৰদ্বাৰাই ভংগ হ’ব পাৰে, কিন্তু ৰাণী নিশ্চিত আছিল যে এইটো হোৱাৰ আগতেই স্নো হোৱাইটক জীৱন্তে সমাধিস্থ কৰা হ’ব। ডোৱাৰ্ফসকল কামলৈ যোৱাৰ সময়তে ৰাণীয়ে পঁজাটোলৈ যায়। প্ৰাণীসমূহে ৰাণীৰ ছদ্মবেশ ধৰিব পাৰে যদিও স্নো হোৱাইটক সতৰ্ক কৰিবলৈ অসমৰ্থ হয়; তেওঁলোকে সহায়ৰ বাবে ডোৱাৰ্ফসকলক বিচাৰি দৌৰি যায়। ৰাণীয়ে স্নো হোৱাইটক প্ৰতাৰণা কৰি আপেলটো খুৱাই দিয়ে আৰু তাই মৃত্যু সদৃশ নিদ্ৰাত ঢলি পৰে।

প্ৰাণীসমূহৰ লগত ডোৱাৰ্ফসকল উভতি অহা দেখি ৰাণীয়ে পঁজাটো এৰি পলাই যায়। তেওঁলোকে ৰাণীক পিছা কৰি এটা পাহাৰৰ শিখৰত আবদ্ধ কৰে। ৰাণীয়ে তেওঁলোকৰ ওপৰত এটা ডাঙৰ শিল বগৰাই দিবলৈ চেষ্টা কৰে, কিন্তু তেনেতে বৰষুণৰ লগতে বিজুলী পৰি পাহাৰটোৰ শিখৰটো ভাঙি যায় আৰু ৰাণীৰ মৃত্যু হয়। ডোৱাৰ্ফসকলে পঁজাত স্নো হোৱাইটক বিষৰ প্ৰভাৱত শুই থকা অৱস্থাত বিচাৰি পায়। তাইক সমাধিস্থ কৰিবলৈ অনিচ্ছুক হৈ তেওঁলোকে তাইক হাবিৰ মাজত এটা কাঁচৰ কফিনত থৈ দিয়ে। প্ৰাণীসমূহৰ সৈতে ডোৱাৰ্ফসকলেও তাইক পহৰা দি থাকে।

পিছৰ বসন্ত কালত ৰাজকুমাৰে স্নো হোৱাইটৰ চিৰনিদ্ৰাৰ কথা গম পায় আৰু কফিনটো চাবলৈ আহে। তাইৰ আপাত মৃত্যুত মৰ্মাহত হৈ ৰাজকুমাৰে তাইক চুমা খায়, যাৰ ফলত অভিশাপ আঁতৰি যায় আৰু তাই সাৰ পায়। ৰাজকুমাৰে স্নো হোৱাইটক নিজৰ ৰাজপ্ৰাসাদলৈ লৈ যোৱাৰ সময়ত ডোৱাৰ্ফ আৰু প্ৰাণীসমূহে আনন্দত আত্মহাৰা হৈ পৰে।

  1. ১৯৩০ চনৰ ডিজনীৰ প্ৰকাশনসমূহত, যেনে ছবিখনৰ কমিক ষ্ট্ৰিপ সংস্কৰণত উল্লেখ কৰা হৈছে যে ৰাণীৰ আচল নাম আছিল গ্ৰিমহিল্ডে।[7][8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Barrier 1999, পৃষ্ঠা. 229.
  2. Chaffee, Keith (October 28, 2019). "A Week to Remember: International Animation Day". Los Angeles Public Library. https://www.lapl.org আহৰণ কৰা হৈছে: January 14, 2024.
  3. Records, Guinness World (2014). Guinness World Records. 60 (2015 সম্পাদনা). Guinness World Records. পৃষ্ঠা. 160–161. ISBN 9781908843708.
  4. Records, Guinness World (2014). Guinness World Records. 60 (2015 সম্পাদনা). Guinness World Records. পৃষ্ঠা. 160–161. ISBN 978-1-9088-4370-8.
  5. Gabler 2006, পৃষ্ঠা. 277–278.
  6. "Film Registry Picks First 25 Movies". Los Angeles Times (Washington, D.C.). September 19, 1989. https://www.latimes.com.
  7. Smith, Dave. "Evil Queen Villains History". Disney Archives. http://disney.go.com আহৰণ কৰা হৈছে: January 7, 2023.
  8. Holliss & Sibley 1994.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

Streaming audio

  • Snow White on Lux Radio Theater: December 26, 1938. Guest appearance by Walt Disney.
  • Snow White on Screen Guild Theater: December 23, 1946