স্বচ্ছ ভাৰত অভিযান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্বচ্ছ ভাৰত অভিযান ভাৰত চৰকাৰৰ উদ্যোগত চলা এক অভিযান যাৰ উদ্দেশ্য সকলোকে দ্ৰুতগতিত সাৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতালৈ অনা আৰু লগতে ব্যক্তিগত অনাময় ব্যৱস্থাৰ আবশ্যকতা আৰু দেশখনক চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মানুহক সচেতন কৰি তোলা।

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা উক্ত উদ্দেশ্য আগত ৰাখি এই স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰিছিল।

স্বচ্ছ ভাৰত অভিযান আগৰ নিৰ্মল ভাৰত অভিযানৰেই অন্য এক ৰূপ।

২০১৯ চনৰ ভিতৰত এখন স্বচ্ছ ভাৰত সাৰ্থক কৰায়ে এই অভিযানৰ লক্ষ্য হিচাপে লোৱা হৈছে যি মহামানৱ মহাত্মা গান্ধীৰ ২০১৯ চনত হবলগীয়া ১৫০ তম জন্মবাৰ্ষিকীত তেওঁৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি হ’ব বুলি ভবা হৈছে।

স্বচ্ছ ভাৰত অভিযানৰ দুটা উপ-অভিযান আছে

  • স্বচ্ছ ভাৰত অভিযান (গ্ৰামীন)
  • স্বচ্ছ ভাৰত অভিযান (নগৰীয়)

স্বচ্ছ ভাৰত অভিযান (গ্ৰামীন )ৰ দ্বাৰা পঞ্চায়ত এলেকা সমূহত গোটা আৰু তৰল (মল-মূত্ৰ) বৰ্জনীয় পদাৰ্থৰ প্ৰবন্ধন কাৰ্য্য-কলাপৰ জৰিয়তে গ্ৰাম্যাঞ্চলসমূহক উন্মুক্ত মলত্যাগ মুক্ত কৰি স্বচ্ছতা আৰু পৰিচ্ছন্নতাৰ মান উন্নয়ণ কৰিবলৈ বিচৰা হৈছে।

স্বচ্ছ ভাৰত অভিযান (গ্ৰামীন )ৰ উদ্দেশ্যাৱলীঃ

  • গ্ৰামীন এলেকা সমূহত পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু স্বচ্ছতাক প্ৰবৱত্তি দি জীৱন-যাপনৰ মান উন্নয়ন সাধা।
  • দ্ৰুতগতিত সাৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতা বঢ়াই ২ অক্টোবৰ, ২০১৯ চনৰ ভিতৰত এখন স্বচ্ছ ভাৰত সাৰ্থক কৰা।
  • সজাগতা সৃষ্টি আৰু স্বাস্থ্য-শিক্ষাৰ মাধ্যমেৰে জন-গোষ্ঠী আৰু পঞ্চায়তীৰাজ অনুস্থান সমূহক স্থিতিক্ষম অনাময়ন শৈলী আৰু সুবিধা সমূহ গ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰা ।
  • পৰিস্থিতি-সন্মত আৰু স্থিতিক্ষম অনাময়নৰ বাবে মূল্যমত-ফলপ্ৰসু আৰু উপযুক্ত প্ৰযুক্তিক উৎসাহিত কৰা
  • য’তে দৰকাৰ তাতে বিজ্ঞান-সন্মত গোটা আৰু তৰল (মল-মূত্ৰ) বৰ্জনীয় পদাৰ্থ প্ৰবন্ধন ব্যৱস্থাক নজৰত ৰাখি সমূহীয়া-প্ৰৱন্ধনৰ দ্বাৰা চালিত অনাময় ব্যৱস্থাৰ বিকাশ কৰা যাতে গ্ৰাম্যাঞ্চলসমূহ সাৰ্বিকভাৱে পৰিস্কাৰ হয়।

স্বচ্ছতাৰ অঙ্গীকাৰঃ[1]

১) মহাত্মা গান্ধীয়ে এখন ভাৰতৰ সপোন দেখিছিল যি কেৱল স্বাধীনেই নহয়, লগতে হ'ব পৰিস্কাৰ আৰু উন্নত।

২) মহাত্মা গান্ধীয়ে ভাৰতমাতাৰ বাবে মুক্তি নিশ্চিত কৰিছিল।

৩) এতিয়া দেশখনক চাফ-চিকুন কৰি ৰাখি ভাৰতমাতাৰ সেৱা কৰাতো আমাৰ কৰ্তব্য ।

৪) মই অঙ্গীকাৰ কৰিছো যে মই স্বচ্ছতাৰ প্ৰতি দায়বদ্ধ থাকিম আৰু তাৰ বাবে সময় নিয়োজিত কৰিম।

৫) মই বছৰি ১০০ ঘন্টা অৰ্থাৎ সপ্তাহত দুঘন্টাকৈ স্বচ্ছতাৰ বাবে কাম কৰিম।

৬) মই য'তে ত'তে আৱৰ্জনা নেপেলাম আৰু আনকো পেলাবলৈ নিদিম।

৭) মই স্বচ্ছতাৰ অন্বেষণৰ প্ৰথম পদক্ষেপ নিজে, নিজৰ পৰিয়ালত, নিজৰ চুবুৰীটোত, নিজৰ গাঁওখনিত আৰু নিজৰ কৰ্মস্থানতে লম।

৮) মই বিশ্বাস কৰো পৃথিৱীৰ যিবোৰ দেশ পৰিস্কাৰ যেন লাগে সেয়া এইবাবেই কিয়নো তাহাতঁৰ নাগৰিক সকলে য'তে ত'তে আবৰ্জনা নেপেলাই বা পেলাবলৈ নিদিয়ে।

৯) এই দৃঢ় বিশ্বাসৰ দ্বাৰা মই স্বচ্ছ ভাৰত অভিযানৰ বাণী গাঁৱে-গাঁৱে , চহৰৰ অলিয়ে-গলিয়ে প্ৰচাৰ কৰিম।

১০) মই আন ১০০ জন মানুহক মই আজি লোৱা এই অঙ্গীকাৰ লবলৈ উৎসাহিত কৰিম।

১১) মই যত্ন কৰিম যাতে তেওঁলোকেও তেওঁলোকৰ ১০০ ঘন্টা সময় স্বচ্ছতাৰ বাবে নিয়োজিত কৰে।

১২) মই খাতাং যে স্বচ্ছতাৰ দিশে মই লোৱা প্ৰতিটো পদক্ষেপে মোৰ দেশখনি স্বচ্ছ কৰাত সহায় কৰিব।

বাহ্যিক সংযোগ

  1. https://swachhbharat.mygov.in/basic-page/take-pledge