স্বধয়া পুৰীৰ লক্ষ্মীনাৰায়ণৰ তামৰ ফলি
স্বধয়া পুৰীৰ লক্ষ্মীনাৰায়ণৰ তামৰ ফলি হৈছে ১৩২৩ শকৰ তাম্ৰ ফলি য'ত ঘিলামৰা তামৰ ফলি আৰু ধেনুখনা তামৰ ফলি নামেৰে দুখন তামৰ ফলি অন্তৰ্ভুক্ত হৈ আছে। ইয়াত লক্ষ্মীনাৰায়ণ আৰু সত্যনাৰায়ণ ৰজাই বাসুদেৱৰ সেৱা-পূজাৰ উদ্দেশ্যে ভূমি দান দিয়াৰ কথা উল্লেখ আছে।[1] লক্ষ্মীনাৰায়ণ আছিল চুতীয়া ৰজা। এই চুতীয়া ৰাজ্যৰ প্ৰাণকেন্দ্ৰ আৰু ৰাজধানী আছিল শদিয়া বা সধয়াপুৰ। চুতীয়া ৰজা সকলে নিজকে সধয়াপুৰেশ্বৰ বা সধয়াধিপতি বুলি চিনাকি দিছিল [2] শদিয়াৰ কীৰ্তিচিহ্ন সমূহতো চুতীয়া ৰজাৰ নাম খোদিত আছে। ভীষ্মক নগৰ আৰু ৰুক্মিণী নগৰৰ ইটাত চুতীয়া ৰজা লক্ষ্মীনাৰায়ণৰ নাম খোদিত আছে[3]। তাম্ৰেশ্বৰী শালৰ ইটাৰ দেৱালখন চুতীয়া ৰজা মুক্ত-ধৰ্মনাৰায়ণে নিৰ্মাণ কৰাইছিল [4]। এই ফলিৰ লিপিকাৰক আছিল-কাৰক।[5]
তাম্ৰ ফলিৰ ভাৱাৰ্থ
[সম্পাদনা কৰক]এই দুয়োখন তামৰ ফলিত স্বধয়া পুৰীৰ নাৰায়ণৰ ৰাজাবংশৰ প্ৰশংসাৰে প্ৰকাশিত ভাৱাৰ্থ এনেধৰণৰ-
দেৱাসুৰসকলেও নিজ কাৰ্য সিদ্ধিৰ বাবে নমস্কাৰ কৰা। পাৰ্বতীৰ হৃদয়ানন্দ গণেশক নমস্কাৰ জনাও। নান্দীশ্বৰ ৰজাই শত্ৰু সকলক পৰাস্ত কৰি স্বধয়াপুৰীত নিৰ্ভয়ে বাস কৰিছিল। তেওঁৰ পুত্ৰ সত্যনাৰায়ণে অনেক ৰজাক জয় কৰাত বিজিত ৰজাসকলে তেওঁৰ বন্দনা কৰিছিল। তেওঁৰ পুত্ৰ লক্ষ্মীনাৰায়ণে নিজে বাহুবলেৰেই সকলো ৰজাক বশীভূত কৰি এজন শ্ৰেষ্ঠ নৃপতি হৈছিল।
ভূমিদান
[সম্পাদনা কৰক]কমলানাভ আছিল শান্তিল্য গোত্ৰৰ এজন ব্ৰাহ্মণ। তেওঁৰ পুত্ৰ হৰিয়ে সদায়েই বাসুদেৱাক পূজা-অৰ্চনা কৰিছিল। এইগৰাকী হৰিৰে পুত্ৰ আছিল ৰবিদেৱ। তেৱোঁ বাসুদেৱৰ একান্ত ভক্ত আছিল। লিপিত উল্লেখ থকা মতে ১৩২৩ শকৰ পূৰ্ণ বিষুব সংক্ৰান্তিৰ দিনা ৰজা লক্ষ্মীনাৰায়ণে ৰবিদেৱক বখনা গাঁৱে সৈতে ২০০ পুটি (পুৰা) মাটি দান কৰে। এই মাটিৰ চাৰিসীমাৰ ভিতৰত পূৰ্বে স্বৰ্ণনদী বৰ্তমানৰ সোৱণশিৰি নৈ, দক্ষিণে পোকামৰী, পশ্চিমে অশ্বস্থ বৃক্ষ, উত্তৰে চম্পৱতী (চাম পৰা নৈ) এই মাটিৰ নিৰ্ণয়কাৰী আছিল পকা। বাসুদেৱৰ উপাসনাত জড়িত আন ব্ৰাহ্মণসকল আছিল শাণ্ডিল্য গোত্ৰৰ ভূদেৱ আৰু মালিনী, ভৰদ্বাজ, গোত্ৰৰ কামদেৱ, সৌদগল্য গোত্ৰৰ বাসুদেৱ আৰু তাৰাপতি, গৌতম গোত্ৰৰ ভৱদেৱ, হুতাশন, পণ্ডপিত আৰু কামদেৱ আৰু ৰবি বশিষ্ঠ আদি ব্ৰাহ্মণ।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Barua, Swarnalata, Chutia Jatir Buranji, p.583
- ↑ Shin, Jae-eun, Descending from Demons, Ascending to Kshatriyas, p.5.
- ↑ Neog, Maheswar, Lights on a Ruling Dynasty of Arunachal Pradesh, p.814
- ↑ A Sircar, D.C, Journal of Ancient Indian History, p. 21
- 1 2 দেৱেন্দ্ৰ দেৱ গোস্বামী (২০২৩). শ্ৰীশ্ৰী বাসুদেৱ থান-নৰোৱা সত্ৰৰ ইতিবৃত্ত. অচ্যুত আতা অধ্যয়ন কেন্দ্ৰ, বাসুদেৱ থান-নৰোৱা সত্ৰ. পৃষ্ঠা. ৩৬.
