স্বপ্না বৰ্মন
| স্বপ্না বৰ্মন | |||||||||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||||||||||||||
| জন্ম | ২৯ অক্টোবৰ, ১৯৯৬ (২৯ বছৰ)[1] ঘোষ পাৰা, জলপাইগুৰি, পশ্চিম বংগ, ভাৰত | ||||||||||||||||||||||||||||||
| ক্ৰীড়া | |||||||||||||||||||||||||||||||
| দেশ | |||||||||||||||||||||||||||||||
| ক্ৰীড়া | এথলেটিকছ্ | ||||||||||||||||||||||||||||||
| শিতান | হেপ্তাথ্লন | ||||||||||||||||||||||||||||||
| সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||||||||||||||||||||
| ব্যক্তিগত শ্ৰেষ্ঠ | 6026 points (Jakarta 2018) | ||||||||||||||||||||||||||||||
পদক অভিলেখ
| |||||||||||||||||||||||||||||||
| 27 April 2019-ত নবীকৰণ কৰা হৈছে। | |||||||||||||||||||||||||||||||
স্বপ্না বৰ্মন (ইংৰাজী: Swapna Barman ; জন্ম: ২৯ অক্টোবৰ ১৯৯৬) এগৰাকী ভাৰতীয় হেপ্টাথ্লীট। ২০১৮ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰাৰ লগতে ২০১৭ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত হেপ্টাথলনত প্ৰথম স্থান লাভ কৰে।[2] ২০১৯ চনৰ আগষ্ট মাহত তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।[3] ২০২২ চনত ভাৰতীয় ৰাষ্ট্ৰীয় গেমছত হাই জাম্প আৰু হেপ্টাথলনত স্বৰ্ণ পদক লাভ কৰিছিল।
কৃতিত্ব
[সম্পাদনা কৰক]বৰ্মনৰ জন্ম হৈছিল ১৯৯৬ চনত পশ্চিম বংগৰ জলপাইগুৰিৰ ওচৰৰ ঘোষপাৰা গাঁৱৰ এটা দৰিদ্ৰ ৰাজবংশী পৰিয়ালত।[4] অস্বাভাৱিক যদিও তেওঁৰ প্ৰতিখন ভৰিত ছটাকৈ আঙুলি আছিল।[5] মাতৃ বসনা চাহ বাগিচাত কাম কৰিছিল আৰু পিতৃ পঞ্চানন বৰ্মন ৰিক্সাচালক আছিল আৰু ২০১৩ চনত ষ্ট্ৰোকত আক্ৰান্ত হৈ শয্যাশায়ী আছিল, যাৰ ফলত তেওঁৰ চাৰিটা সন্তানৰ জীৱন ধাৰণ সমস্যা হৈ পৰিছিল। স্বপ্নাই সেয়ে পৰিমিত খাদ্য পোৱাত অসুবিধা পাইছিল[2] আৰু তেওঁৰ অস্বাভাৱিক ভৰি দুখন অতিৰিক্ত সমস্যাৰ কাৰণ হৈ পৰিছিল, কাৰণ তেওঁ দৌৰিবৰ বাবে বহল দৌৰৰ জোতা কিনিব নোৱাৰিছিল।[5] স্বপ্নাই নিজৰ পুৰস্কাৰৰ ধনেৰে কেঁচা বেৰৰ ঘৰত থকা পৰিয়ালটো চোৱাচিতা কৰে।[6] ২০১৬ চনত তেওঁ এথলেটিকছত লাভ কৰা সফলতাৰ স্বীকৃতি স্বৰূপে ১৫০,০০০ টকাৰ জলপানি লাভ কৰে।[5] তেওঁ কলকাতাৰ স্প’ৰ্টছ অথৰিটি অৱ ইণ্ডিয়া কেম্পাছত প্ৰশিক্ষণ লয়।
২০১৬ চনত ৰাহুল দ্ৰাবিড় এথলীট মেণ্টৰশ্বিপ প্ৰগ্ৰেমৰ জৰিয়তে গ'স্প'ৰ্টছ ফাউণ্ডেচনে তেওঁক সহায় কৰে।[5]
২০১৮ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল বৰ্মনে, থুঁতৰিৰ আঘাতৰ পিছতো তেওঁ এই সফলতা লাভ কৰিছিল।[7] ২০১৭ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ অন্তিম ইভেণ্ট – মহিলা হেপ্টাথলন[2] যিটো আছিল ৮০০ মিটাৰ য'ত তেওঁ চতুৰ্থ স্থান লাভ কৰিছিল। কিন্তু বৰ্মনে তেওঁৰ বহু ব্যক্তিগত অভিলেখ ভংগ কৰিছিল[1] আৰু তেওঁ পূৰ্বৰ ছটা ইভেণ্টৰ পৰা সোণৰ পদক লাভ কৰিবলৈ যথেষ্ট পইণ্ট লাভ কৰিছিল।[2]
২০২১ চনৰ ফেডাৰেচন কাপ চিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত হেপ্টাথলনত সোণৰ পদক লাভ কৰাৰ লগতে ২০২২ চনত ৰাষ্ট্ৰীয় গেমছত হেপ্টাথলনত অংশগ্ৰহণ কৰে। ১.৮৩ মিটাৰ উচ্চতাৰে হাই জাম্প গেমছৰ অভিলেখ ভংগ কৰি অভাৱনীয় সোণৰ পদক লাভ কৰে। জেভেলিন আৰু ১০০ মিটাৰ হাৰ্ডলছতো প্ৰথম স্থান লাভ কৰিছিল। হেপ্টাথলনৰ বাবে সোণৰ পদক লাভ কৰি তেওঁ জনাইছিল যে যদি তেওঁৰ কিছুমান সহায়ক কৰ্মচাৰীৰ পৃষ্ঠপোষকতা থাকিলহেঁতেন, তেন্তে তেওঁ আৰু অধিক স্ক'ৰ কৰিলেহেঁতেন।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "IAAF: Swapna Barman | Profile". iaaf.org. https://www.iaaf.org/athletes/india/swapna-barman-287791। আহৰণ কৰা হৈছে: 17 July 2017.
- 1 2 3 4 "Could never afford nutritious food required by athlete, Asian gold-medallist Swapna Barman's father". The Indian Express. 11 July 2017. http://indianexpress.com/article/sports/sport-others/could-never-afford-nutritious-food-required-by-athlete-asian-gold-medallist-swapna-barmans-father-4745931/.
- ↑ "Dream come true, says heptathlete Swapna Barman on being cho for Arjuna Award". Yahoo! News. 28 August 2019. https://in.news.yahoo.com/dream-come-true-says-heptathlete-131900512.html। আহৰণ কৰা হৈছে: 28 August 2019.
- ↑ Aishik Chnada (31 August 2018). "Mother and coach behind Swapna Barman's gold in Asian games". The New Indian Express. https://www.newindianexpress.com/sport/asian-games/news/2018/aug/31/mother-and-coach-behind-swapna-barmans-gold-in-asian-games-1865678.html। আহৰণ কৰা হৈছে: 30 April 2019.
- 1 2 3 4 "Swapna Barman Receives GSI Sports Scholarship - Company CSR | Largest CSR News Network - Social Responsibilities Give Better World". Company CSR | Largest CSR News Network. 25 January 2016. http://www.companycsr.com/swapna-barman-receives-gsi-sports-scholarship/.
- ↑ Sarkar, Sujata (24 August 2017). "Swapna Barman on comeback wins gold, pledges for a job to run her ailing family". Oneindia. http://www.oneindia.com/sports/swapna-barman-on-comeback-wins-gold-pledges-a-job-run-her-ailing-family-2490848.html.
- ↑ "Swapna Barman realises the dream of hometown Denguajhar". Sportstarlive. https://www.sportstarlive.com/asian-games-2018/swapna-barman-realises-the-dream-of-hometown-denguajhar/article24813352.ece.
- ↑ "Swapna Barman wins double gold at National Games 2022" (en-US ভাষাত). Khel Now. https://khelnow.com/olympic-sports/36th-national-games-2022-swapna-barman-wins-double-gold/। আহৰণ কৰা হৈছে: 11 December 2022.