স্বয়ম্ভুনাথ
| স্বয়ম্ভু মহাচৈত্য | |
|---|---|
স্বয়ম্ভুৰ ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ | |
| সাধাৰণ তথ্য | |
| স্থান | স্বয়ম্ভু, কাঠমাণ্ডু |
| ভৌগোলিক স্থানাংক | 27°42′54″N 85°17′24″E / 27.715°N 85.29°Eস্থানাংক: 27°42′54″N 85°17′24″E / 27.715°N 85.29°E |
| ধৰ্মীয় আনুগত্য | বৌদ্ধ ধৰ্ম |
| স্থাপত্য সম্পৰ্কীয় বৰ্ণনা | |
| নিৰ্দিষ্টকৰণ | |



স্বয়ম্ভুনাথ (দেৱনাগৰী: स्वयम्भू स्तूप; নেপাল ভাষা: स्वयंभू) কাঠমাণ্ডু চহৰৰ পশ্চিমৰ কাঠমাণ্ডু উপত্যকাৰ এটা পাহাৰৰ ওপৰত থকা এটা প্ৰাচীন ধৰ্মীয় স্থাপত্য। এই স্থানৰ তিব্বতী আৰু সংস্কৃত নামৰ অৰ্থ হৈছে 'নিজে নিজে উৎপত্তি হোৱা'।[1] স্তুপটো থকা পাহাৰটো আদি-বুদ্ধ নামেৰে প্ৰখ্যাত আদিম বুদ্ধৰ বাসস্থান বুলি গণ্য কৰা হয় আৰু অতীজৰে পৰা তীৰ্থস্থান হিচাপে জনাজাত হৈ আহিছে। সমগ্ৰ বিশ্বৰ বৌদ্ধসকলৰ বাবে এই স্তুপটোক বিশ্বৰ অন্যতম প্ৰাচীন আৰু গুৰুত্বপূৰ্ণ স্তুপ হিচাপে পূজন কৰা হয়, ইয়াত অতীতৰ অসংখ্য বুদ্ধ যেনে কোনাগমন বুদ্ধ, কাকুসন্ধ বুদ্ধ, কছপা বুদ্ধ আৰু গৌতম বুদ্ধ আদিৰ আগমনৰ তথ্য পোৱা যায়।[2] ১৯৭৯ চনত স্বয়ম্ভুনাথক নেপালৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়।[3]
স্থানীয় নেৱাৰী লোকসকলৰ মাজত স্বয়ম্ভুনাথৰ দৈনন্দিন ধৰ্মীয় প্ৰথাই মুখ্য স্থান দখল কৰে, আৰু ই বৌদ্ধ ধৰ্মৰ তিনিখন পবিত্ৰ তীৰ্থস্থানৰ ভিতৰত অন্যতম। তিব্বতী আৰু তিব্বতী বৌদ্ধ ধৰ্ম অনুগামীসকলৰ বাবে ই বৌধাস্তুপৰ পিছতে দ্বিতীয় তীৰ্থস্থান বুলি গণ্য কৰা হয়।[4] স্বয়ম্ভুৰ আইকনগ্ৰাফীৰ বহুখিনি নেৱাৰ বৌদ্ধ ধৰ্মৰ বজ্ৰায়ণ পৰম্পৰাৰ পৰাই আহিছে। এই স্তুপটো বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে তীৰ্থযাত্ৰা আৰু শ্ৰদ্ধাৰ এক গুৰুত্বপূৰ্ণ স্থান আৰু হিন্দুসকলেও ইয়াক শ্ৰদ্ধা কৰে। এই স্তুপটো হিন্দু মন্দিৰ আৰু এই প্ৰাচীন বৌদ্ধ স্থানত অন্তৰ্ভুক্ত দেৱতাৰ সৈতে ধৰ্মীয় সমন্বয়ৰ প্ৰতীক স্বৰূপ আৰু হাজাৰ হাজাৰ বৌদ্ধ তথা হিন্দু তীৰ্থযাত্ৰীয়ে এই স্থান পৰিভ্ৰমণ কৰে।[5] মন্দিৰৰ চৌহদ আৰু পাহাৰীয়া স্থানত অসংখ্য বিচৰণকাৰী বান্দৰৰ পৰিয়ালেও বাস কৰে আৰু সেয়েহে ইয়াক ‘বান্দৰ মন্দিৰ’ বুলিও কোৱা হয়।
ইতিহাস
[সম্পাদনা কৰক]শ্ৰুতিকথা
[সম্পাদনা কৰক]স্বয়ম্ভু পুৰাণৰ মতে, সোণালী যুগত কাঠমাণ্ডু উপত্যকাৰ এটা হ্ৰদত কাৰ্কোটক, তক্ষক, কুলিকাৰ দৰে পৌৰাণিক সাপসমূহ (নাগ) বাস কৰিছিল আৰু বুদ্ধ, বুদ্ধিসত্ত্ব, সন্ন্যাসী, যোগী, দেৱ-দেৱীৰ উপৰিও অন্যান্য আকাশী সত্তাসমূহ ইয়াৰ জলত স্নান কৰিবলৈ আহিছিল। বহু যুগৰ আগতে এদিন বিপশী বুদ্ধই এই হ্ৰদলৈ গৈ তাত এটা পদুমৰ বীজ সিঁচিছিল যিটো এসময়ত সহস্ৰদল পদুম ফুল হৈ ফুলি উঠিছিল।[4] ফুলপাহে পোহৰৰ এক চিৰন্তন উজ্জ্বল ৰূপ (জ্যোতিৰূপ) নিৰ্গত কৰিছিল আৰু পোহৰৰ বিভিন্ন ৰঙৰ ৰশ্মিৰ প্ৰতিটোৰ পৰা পাঁচজন মহান বুদ্ধ বৈৰোচন, অক্ষোভ্য, ৰত্নসম্ভৱ, অমিতাভ আৰু আমোঘসিদ্ধিৰ আবিৰ্ভাৱ হৈছিল।[2] এই ফুল আৰু পোহৰৰ ৰশ্মিৰ কথা শুনি শিখী তথাগত আৰু পিছলৈ বিশ্বভূ তথাগত চাৰিওফালৰ শৃংগবোৰৰ পৰা শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছিল। ইয়াৰ পিছত বুদ্ধ মঞ্জুশ্ৰীয়ে হ্ৰদলৈ আহি কিদৰে হ্ৰদটোৰ পানী নিষ্কাশন কৰিব পাৰি যাতে সাধাৰণ মানুহে উজ্জ্বল পোহৰক শ্ৰদ্ধাঞ্জলি জনাব পাৰে সেই বিষয়ে চিন্তা কৰিলে। তেওঁ নিজৰ অবিনাশী তৰোৱালেৰে পাহাৰবোৰ কাটি হ্ৰদটোৰ পানী উপত্যকাৰ পৰা বাহিৰলৈ বোৱাই আনিলে; আৰু পৌৰাণিক সাপবোৰক আশ্ৰয় দিবলৈ ওচৰতে অন্য হ্ৰদ সৃষ্টি কৰিলে।[2]
মঞ্জুশ্ৰীৰ পিছত আন বুদ্ধ ক্ৰকুচ্ছন্ধ বুদ্ধ, কোণাগমন বুদ্ধ আৰু কাশ্যপ বুদ্ধই স্বয়ম্ভু অৰ্থাৎ "আত্মসৃষ্ট" নামৰ স্বয়ং উৎপন্ন পোহৰক শ্ৰদ্ধাঞ্জলি জনায়। কাশ্যপ বুদ্ধ ভাৰতৰ কাশীলৈ উভতি আহি স্বয়ং উৎপন্ন পোহৰৰ বিষয়ে প্ৰচাৰ কৰি গৌড় (বংগ)ৰ ৰজা প্ৰচণ্ডদেৱক স্বয়ম্ভুৰ দৰ্শন আৰু পূজা কৰিবলৈ পঠিয়ায়। প্ৰচণ্ডদেৱে উপত্যকালৈ আহি তাক ৰক্ষা কৰিবলৈ এটা ডাঙৰ স্তুপ নিৰ্মাণ কৰিবলৈ ইচ্ছা কৰে আৰু এইদৰে এই উজ্জ্বল পোহৰ নৱনিৰ্মিত বৃহৎ স্তুপটোৰ ভিতৰত লুকাই পৰে। তেওঁ মঞ্জুশ্ৰীৰ এজন ভক্তৰ পৰা অভিষেক লৈ সন্ন্যাসী হৈ পৰিছিল আৰু ইয়াৰ চাৰিওফালে স্তুপ নিৰ্মাণ কৰি ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰচলন কৰিছিল।[2][6]
স্বয়ম্ভু পুৰাণ
[সম্পাদনা কৰক]স্বয়ম্ভু পুৰাণ (ইংৰাজী : Swayambhu Purana) কাঠমাণ্ডু উপত্যকাৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে লিখিত বৌদ্ধ ধৰ্মশাস্ত্ৰ। স্বয়ম্ভু পুৰাণত কাঠমাণ্ডুলৈ অহা সকলো বুদ্ধৰ বিশদ বিৱৰণ দিয়া হৈছে। ইয়াত বৌদ্ধ ধৰ্মৰ প্ৰথম আৰু দ্বিতীয় বুদ্ধৰ বিষয়েও তথ্য পোৱা যায়৷
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Allione, Tsultrim (1986). Women of Wisdom. প্ৰকাশক London: Arkana. পৃষ্ঠা. xxxiii. ISBN 1-85063-044-5.{{name might mean 'sublime trees' (Wylie: Phags.pa Shing.kun), for the many varieties of trees found on the hill. However, Shingun may be of in Nepal Bhasa name for the complex}}
- ↑ 2.0 2.1 2.2 2.3 Swoyambhu (Book), Josephson, S. 1985. Modern Printing Press, Kantipath. Available at:https://pahar.in/pahar/Books%20and%20Articles/Nepal/1985%20Swoyambu%20by%20Josephson%20s.pdf
- ↑ Centre, UNESCO World Heritage. "Kathmandu Valley" (en ভাষাত). UNESCO World Heritage Centre. https://whc.unesco.org/en/list/121/। আহৰণ কৰা হৈছে: 2025-07-08.
- ↑ 4.0 4.1 A Buddhist Guide to the Power Places of the Kathmandu Valley. Book. Dowman, K. (2010). Vajra Publications. Available at: https://himalaya.socanth.cam.ac.uk/collections/journals/kailash/pdf/kailash_08_0304_03.pdf
- ↑ Board, Nepal Tourism. "Swayambhunath | Where Nature, Culture, and Spirituality Converge" (en-gb ভাষাত). ntb.gov.np. https://ntb.gov.np/swayambhunath। আহৰণ কৰা হৈছে: 2025-07-08.
- ↑ Shaha, Rishikesh. Ancient and Medieval Nepal. (1992), p. 122. Manohar Publications, New Delhi. আই.এচ.বি.এন. 81-85425-69-8.