স্বাতীলেখা সেনগুপ্ত
স্বাতীলেখা সেনগুপ্ত | |
---|---|
২০১০ চনত সেনগুপ্ত | |
জন্ম | স্বাতীলেখা চেটাৰ্জী ২২ মে', ১৯৫০ প্ৰয়াগৰাজ, উত্তৰ প্ৰদেশ, ভাৰত |
মৃত্যু | ১৬ জুন, ২০২১ (৭১ বছৰ) কলকাতা, পশ্চিম বংগ |
শিক্ষানুষ্ঠান | এলাহাবাদ বিশ্ববিদ্যালয় |
পেচা | নাট্য ব্যক্তিত্ব |
দাম্পত্যসঙ্গী | ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত |
সন্তান | ছোহিনী সেনগুপ্ত |
স্বাতীলেখা সেনগুপ্ত (ইংৰাজী: Swatilekha Sengupta ; জন্ম: চেটাৰ্জী; ২২ মে' ১৯৫০ – ১৬ জুন ২০২১) এগৰাকী বাংলা অভিনেত্ৰী।[1] অভিনেত্ৰী হিচাপে ভাৰতীয় নাট্যজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
বৃক্কৰ ৰোগত সৃষ্টি হোৱা জটিলতাৰ ফলত ২০২১ চনৰ ১৬ জুনত সেনগুপ্তৰ মৃত্যু হয়।[2] মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৭০ দশকৰ আৰম্ভণিতে প্ৰয়াগৰাজত থিয়েটাৰত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে, য’ত তেওঁ এ. চি. বেনাৰ্জী পৰিচালিত নাটকত অভিনয় কৰিছিল। তেওঁ বি.ভি.কাৰান্থ, তাপস সেন, আৰু খালেদ চৌধুৰীৰ পৰাও তেওঁ দিহা-পৰামৰ্শ লাভ কৰিছিল। তাৰ পিছত তেওঁ কলকাতালৈ গুচি যায় আৰু ১৯৭৮ চনত নাট্যগোষ্ঠী নান্দীকাৰত যোগদান কৰে।[3][4]
তেওঁ ভিক্টৰ বেনাৰ্জী আৰু সৌমিত্ৰ চেটাৰ্জীৰ সৈতে সত্যজিৎ ৰায়ৰ ১৯৮৪ চনৰ ছবি “ঘৰে বাইৰে”ত মুখ্য মহিলা নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন বিখ্যাত বাঙালী সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত। ইয়াৰ উপৰিও তেওঁ চৌৰাংগা, বেলা শেষে, ধৰ্মযুদ্ধ আৰু বেলা শুৰু আদি ছবিতো অভিনয় কৰিছে।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "My mom and me". India Today. 27 February 2009. Archived from the original on 6 October 2015. https://web.archive.org/web/20151006092848/http://indiatoday.intoday.in/story/My.
- ↑ Bengali actress Swatilekha Sengupta dies battling kidney ailment
- ↑ "Swatilekha Sengupta Akademi Award: Acting". sangeetnatak.org. http://sangeetnatak.org/SNA_Fellows%26Awardees_2010/Shrimati-Swatilekha-Sengupta.htm। আহৰণ কৰা হৈছে: 10 March 2012.
- ↑ 4.0 4.1 Basu, Shrabanti. "Sohini Sengupta on theatre, Nandikar and more-Interview". CalcuttaTube. http://calcuttatube.com/sohini-sengupta-on-theatre-nandikar-and-more-interview/118071/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- স্বাতীলেখা সেনগুপ্ত সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।