স্বাতী মালিয়াল
স্বাতী মালিয়াল | |
---|---|
![]() ২০১৫ চনত মালিয়াল | |
ৰাজ্যসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৯ জানুৱাৰী ২০২৪ | |
পূৰ্বসূৰী | সুশীল কুমাৰ গুপ্তা |
দিল্লী মহিলা আয়োগ | |
কাৰ্যকাল জুলাই ২০১৫ – ১৯ জানুৱাৰী ২০২৪ | |
ব্যক্তিগত তথ্য | |
জন্ম | ১৫ অক্টোবৰ, ১৯৮৪ (৪০ বছৰ) |
ৰাজনৈতিক দল | আপ |
স্বাতী মালিৱাল (ইংৰাজী: Swati Maliwal; জন্ম:-১৫ অক্টোবৰ ১৯৮৪) এগৰাকী সমাজ কৰ্মী আৰু ৰাজনীতিবিদ। বৰ্তমান তেওঁ দিল্লীক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভাত সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১১ চনত সমাজ কৰ্মী আন্না হাজাৰেৰ নেতৃত্বত ভাৰতীয় দুৰ্নীতি বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰে আৰু পিছলৈ ২০১৫ চনৰ পৰা ২০২৪ চনলৈকে দিল্লী মহিলা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
জীৱন
[সম্পাদনা কৰক]১৯৮৪ চনৰ ১৫ অক্টোবৰত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত জন্মগ্ৰহণ কৰা মালিৱালৰ পিতৃ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বিষয়া আৰু মাতৃ সংগীতা মালিৱাল।[1] পিছলৈ তেওঁ কয় যে তেওঁ পিতৃৰ হাতত যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল, যাৰ ফলত তেওঁৰ শৈশৱত অশান্তিৰ সৃষ্টি হৈছিল।[2]তেওঁ এমিটি ইণ্টাৰনেশ্যনেল স্কুললৈ যায় আৰু জে এছ এছ একাডেমী অৱ টেকনিকেল এডুকেচনৰ পৰা তথ্য প্ৰযুক্তিত স্নাতক ডিগ্ৰী লাভ কৰে।[1]
২০১২ চনৰ ২৩ জানুৱাৰীত তেওঁ ২০১১ চনৰ আন্না হাজাৰেৰ নেতৃত্বত ভাৰতীয় দুৰ্নীতি বিৰোধী আন্দোলনৰ প্ৰাৰম্ভিক দিনত লগ পোৱা নবীন জয়হিন্দক বিয়া কৰায়।[1]পিছলৈ নবীন ৰাজনীতিবিদ হয় আৰু আম আদমী পাৰ্টিক প্ৰতিনিধিত্ব কৰে।[3] ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত দুয়োৰে বিবাহ বিচ্ছেদ হয়।[4]

শিক্ষাৰ অন্তত তেওঁ "পৰিৱৰ্তন" নামৰ এটা বেচৰকাৰী সংস্থাত যোগদান কৰে যিটো অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছ'দিয়াই প্ৰতিষ্ঠা কৰিছিল।[5][6] তেওঁ সমগ্ৰ ভাৰততে তৃণমূল পৰ্যায়ত অভিযানত কাম কৰিছিল৷[7][8] ২০১১ চনত কৰ্মী আন্না হাজাৰেৰ নেতৃত্বত ভাৰত দুৰ্নীতি বিৰোধী আন্দোলন আয়োজন কৰা সমিতিৰ ভিতৰত মালিৱাল অন্যতম আছিল, যাৰ ফলত পিছলৈ জন লোকপাল বিধেয়ক গৃহীত হয়।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Lady Singham or Drama Queen? How 'Reluctant' Neta Swati Maliwal is Set to Change AAP's Rajya Sabha Fortunes". News18. 11 January 2024. https://www.news18.com/politics/lady-singham-or-drama-queen-how-reluctant-neta-swati-maliwal-is-set-to-change-aaps-rajya-sabha-fortunes-8735839.html.
- ↑ "Sexually abused by my father when I was a child: DCW chief Swati Maliwal". The Indian Express. 11 March 2023. https://indianexpress.com/article/cities/delhi/dcw-chief-swati-maliwal-sexually-assaulted-by-father-8491053.
- ↑ "Naveen Jaihind is AAP's LS candidate from Rohtak". Hindustan Times. 3 February 2014. https://www.hindustantimes.com/punjab/naveen-jaihind-is-aap-s-ls-candidate-from-rohtak/story-kXUoQ6GwXZ1RVetizCoUkJ.html.
- ↑ "My fairytale ended: DCW chief Swati Maliwal announces divorce from AAP leader Naveen Jaihind on Twitter". India Today. 19 February 2020. https://www.indiatoday.in/india/story/my-fairytale-ended-dcw-chief-swati-maliwal-announces-divorce-from-aap-leader-naveen-jaihind-on-twitter-1647906-2020-02-19.
- ↑ Meera Johri (2010). Greatness of Spirit: Profiles of Indian Magsaysay Award Winners. Rajpal & Sons. পৃষ্ঠা. 199–. ISBN 978-81-7028-858-9. https://books.google.com/books?id=j1iegDJAYakC&pg=PA199.
- ↑ "Who is DCW chief Swati Maliwal nominated for Rajya Sabha by AAP?". DNA India. 5 January 2024. https://www.dnaindia.com/india/report-who-is-dcw-chief-swati-maliwal-nominated-for-rajya-sabha-by-aap-3073588.
- ↑ "DCW Chief Swati Maliwal is all for a change". India Today. 2 August 2015. https://www.indiatoday.in/india/story/swati-maliwal-dcw-chief-controversy-woman-safety-delhi-286008-2015-08-02.
- ↑ "Muzaffarpur shelter abuse case: Wouldn't you have taken action if any of the victims was your daughter, DCW chief asks Nitish". The Indian Express. 4 August 2018. https://indianexpress.com/article/india/muzaffarpur-shelter-abuse-case-dcw-chief-swati-maliwal-letter-to-nitish-kumar-bihar-rape-case-5291244/.
- ↑ "Anti Corruption movement a watershed in India". Mint. 13 December 2019. https://www.livemint.com/news/india/anti-corruption-movement-a-watershed-moment-in-india-11576199569995.html.