সমললৈ যাওক

স্বাতী ৰেড্ডী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বাতী ৰেড্ডী

২০১০ চনত টিচ এইডছৰ মুকলি অনুষ্ঠানত ৰেড্ডী
জন্ম শ্বেতলানা ৰেড্ডী
১৯ এপ্ৰিল, ১৯৮৭ (৩৯ বছৰ)
ভ্লাদিভস্তক, ৰাছিয়ান এছ.এফ.এছ.আৰ., ছোভিয়েট ইউনিয়ন
(বৰ্তমানৰ সুদূৰ প্ৰাচ্য ফেডাৰেল ডিষ্ট্ৰিক্ট, ৰাছিয়া)
অন্য নাম কালাৰ্ছ স্বাতী
পেচা
  • অভিনেত্ৰী
  • টেলিভিছন উপস্থাপিকা
  • নেপথ্য কণ্ঠশিল্পী
  • ডাবিং শিল্পী
সক্ৰিয় হৈ থকা সময় ২০০৫–২০২৩
দাম্পত্যসঙ্গী বিকাশ বাসু (বি. ২০১৮)

স্বাতী ৰেড্ডী (ইংৰাজী: Swathi Reddy; জন্ম: ১৯ এপ্ৰিল ১৯৮৭[1]) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা, যিয়ে প্ৰধানকৈ তেলুগু ছবিৰ লগতে তামিল আৰু মালয়ালম ছবিত কাম কৰিছিল। তেওঁ ২৯খনতকৈও অধিক ছবিত অভিনয় কৰিছে। মা টিভিত সম্প্ৰচাৰিত হোৱা তেলেগু টেলিভিছন শ্ব' কালাৰ্ছত কৰা কামৰ বাবে তেওঁৰ ডাকনাম কালাৰ্ছ স্বাতী হৈছিল।

সহযোগী চৰিত্ৰত অভিনয় কৰাৰ পাছত তেওঁ ২০০৮ চনত তামিল ছবি সুব্ৰমণিয়াপুৰমৰ জৰিয়তে এগৰাকী মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। তেলেগু ছবি অষ্ট চামা (২০০৮) ত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আৰু নন্দী বঁটা লাভ কৰে।[2][3][4] তেওঁ কেইখনমান ছবিত ডাবিং শিল্পী আৰু নেপথ্য কণ্ঠশিল্পী হিচাপেও কাম কৰিছিল। তেওঁৰ আন উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে আদাৱৰী মাতলাকু অৰ্থালে ভেৰুলে (২০০৭), স্বামী ৰা ৰা (২০১৩), আমেন (২০১৩) আৰু কাৰ্তিকেয় (২০১৪)।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

স্বাতী ৰেড্ডীৰ জন্ম হৈছিল তদানীন্তন ছোভিয়েট ইউনিয়নৰ অন্তৰ্গত ৰাছিয়ান ফাৰ ইষ্টৰ দক্ষিণ প্ৰান্তত অৱস্থিত ভ্লাদিভস্তকত।[5] তেওঁৰ পিতৃ ভাৰতীয় নৌসেনাৰ এজন বিষয়া আছিল আৰু স্বাতীৰ জন্মৰ সময়ত তেওঁ ছোভিয়েট ইউনিয়নত ছাবমেৰিনাৰ হিচাপে প্ৰশিক্ষণ লৈ আছিল। তেওঁৰ প্ৰসৱ কৰোৱা ৰাছিয়ান চিকিৎসকগৰাকীয়ে তেওঁৰ নাম 'শ্বেতলানা' ৰাখিছিল আৰু পিছলৈ তেওঁৰ মাতৃয়ে সেই নাম সলাই 'স্বাতী' কৰে।[5] সিদ্ধাৰ্থ নামৰ তেওঁৰ এজন ককায়েক আছে।

ৰেড্ডীৰ পৰিয়ালটো প্ৰথমে মুম্বাইলৈ আৰু পিছলৈ বিশাখাপত্তনমৰ ইষ্টাৰ্ণ নেভেল কমাণ্ডলৈ স্থানান্তৰিত হয়, য’ত তেওঁ শৈশৱৰ বেছিভাগ সময় অতিবাহিত কৰিছিল।[5] তেও্ন বিশাখাপত্তনমৰ চেইণ্ট ফ্ৰান্সিছ ডি চেলছ স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। একাদশ শ্ৰেণীত পঢ়ি থকাৰ সময়তে তেওঁ হায়দৰাবাদলৈ গুচি আহে। তাৰ পিছত তেওঁ হায়দৰাবাদৰ চেইণ্ট মেৰীজ কলেজত ভৰ্তি হয় আৰু জৈৱ প্ৰযুক্তি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।

ই.এ.এম.চি.ই.টি. পৰীক্ষাৰ পিছত ১৭ বছৰ বয়সতে তেওঁ 'কালাৰ্ছ' নামৰ এটা অনুষ্ঠানৰ আঁত ধৰি টেলিভিছন জগতত খোজ পেলায়। দৰ্শকৰ ইতিবাচক সঁহাৰিৰ বাবে অনুষ্ঠানটো প্ৰাইমটাইমলৈ স্থানান্তৰ কৰাৰ লগতে ইয়াৰ সময়সীমাও বৃদ্ধি কৰা হয়। তেওঁ এই অনুষ্ঠানটোৰ ১৫০ তকৈও অধিক খণ্ড উপস্থাপন কৰিছিল।[5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

স্নাতক মহলাৰ প্ৰথম বৰ্ষ সম্পূৰ্ণ কৰাৰ পাছত তেওঁ কৃষ্ণ বংশীৰ ছবি ডেঞ্জাৰ (২০০৫)ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰে।[5] তেওঁ এই ছবিখনৰ পাঁচগৰাকী মুখ্য চৰিত্ৰৰ ভিতৰত এগৰাকী আছিল। ছবিখনে মিশ্ৰিত আৰু ইতিবাচক সঁহাৰি লাভ কৰিছিল। fullhyd.com-ৰ প্ৰিয়ংকা পুল্লাই লিখিছে, "স্বাতীয়ে ইয়াত বহুত প্ৰতীক্ষিত অভিষেক ঘটাইছে, যাৰ ভূমিকাটো মেক্সিকান ৱেভৰ এজন সদস্যৰ দৰেই - অৱদানকাৰী, কিন্তু বিচাৰ কৰিব পৰাকৈ স্বাৱলম্বী নহয়।" [6]

স্নাতক মহলাৰ দ্বিতীয় বৰ্ষত তেওঁ আদাৱৰী মাতলাকু অৰ্থালে ভেৰুলে (২০০৭) ছবিত এটা সহযোগী চৰিত্ৰত অভিনয় কৰে।[5] এই ছবিখনৰ বাবে তেওঁ যথেষ্ট প্ৰশংসা লাভ কৰিছিল।

স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত তেওঁ দুখন ছবিত চুক্তিবদ্ধ হয়।[5] ২০০৮ চনত তেওঁ প্ৰথমখন তামিল ছবি সুব্ৰমণিয়াপুৰমৰ জৰিয়তে মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। অষ্ট চামা (২০০৮) ছবিত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ তেলেগু অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আৰু নন্দী বঁটা লাভ কৰে। তেওঁ আমেন (২০১৩) ছবিৰ জৰিয়তে মালয়ালম চিনামাত আত্মপ্ৰকাশ কৰে, যিখন এখন ছুপাৰ হিট ছবি আছিল।[7]

অন্যান্য কাম

[সম্পাদনা কৰক]

স্বাতী ৰেড্ডীয়ে মাজে মাজে ডাবিং শিল্পী আৰু নেপথ্য কণ্ঠশিল্পী হিচাপেও কাম কৰি আহিছে। ২০০৮ চনত তেওঁ জলছা ছবিত অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজৰ বাবে ডাবিং কৰিছিল। ২০১০ চনত তেওঁ অলাভজনক সংস্থা 'টিচ এইডছ' ৰদ্বাৰা নিৰ্মিত এইচ আই ভি/এইডছ শিক্ষা সম্পৰ্কীয় এটা এনিমেটেড ছফ্টৱেৰ টিউটৰিয়েলত নিজৰ কণ্ঠ দান কৰিছিল।[8] ২০১১ চনত তেওঁ নেপথ্য কণ্ঠশিল্পী হিচাপে কাম আৰম্ভ কৰে আৰু তেওঁৰ নিজৰ ছবি কথা স্ক্ৰীণপ্লে দৰ্শকত্নম আপ্পালাৰাজুৰ "আনবিলিভেবল" আৰু ১০০% লাভ ছবিৰ "এ স্কোৱাৰ বি স্কোৱাৰ" নামৰ গীত দুটাত কণ্ঠদান কৰে। ইয়াৰ উপৰি তেওঁ "কেডবেৰী ডেইৰী মিল্ক"ৰ বিজ্ঞাপনতো অভিনয় কৰিছে।[9]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৮ চনৰ ৩০ আগষ্টত ৰেড্ডীয়ে তেওঁৰ প্ৰেমিক বিকাশ বাসুৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিকাশ এজন মালয়ালম বিমান চালক (পাইলট)।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Happy Birthday Swathi: From Ashta Chamma to Karthikeya, 5 films of the actress that prove why she is an extraordinary performer" (en ভাষাত). The Times of India. 19 April 2020. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/happy-birthday-swathi-from-ashta-chamma-to-karthikeya-5-films-of-the-actress-that-prove-why-she-is-an-extraordinary-performer/photostory/75194626.cms আহৰণ কৰা হৈছে: 9 January 2021.
  2. T. Lalith Singh (25 December 2003). "Colourful presence". The Hindu (HYDERABAD). http://www.hindu.com/mp/2003/12/25/stories/2003122501270300.htm.
  3. Swathi's big leap in Kollywood. sify.com (5 January 2010).
  4. Special Correspondent (17 March 2010). "Nandi Award for Ravi Teja, Swati". The Hindu (HYDERABAD). http://www.thehindu.com/news/cities/Hyderabad/article248440.ece.
  5. 1 2 3 4 5 6 7 "Interview with Swati". Idlebrain.com. 14 January 2009. https://www.idlebrain.com/celeb/interview/swati.html.
  6. Pulla, Priyanka. "Danger Review". fullhyd.com. https://movies.fullhyderabad.com/danger/telugu/danger-movie-reviews-1836-2.html আহৰণ কৰা হৈছে: 21 August 2022.
  7. Malayalam cinema – First Half of 2013 Progress Report. Sify. 6 July 2013
  8. "Star touch to animated film on HIV/AIDS". The New Indian Express. 27 November 2010. https://newindianexpress.com/cities/hyderabad/article285164.ece.[সংযোগবিহীন উৎস]
  9. Cadbury DAIRYMILK AD NAYE RISHTA KA Shubh Aarambh Two sisters AD. YouTube
  10. "Swathi-Vikas wedding: 7 adorable pictures that will leave you in awe | The Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/telugu/swathi-vikas-wedding-7-adorable-pictures-that-will-leave-you-in-awe/photostory/65633490.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]