সমললৈ যাওক

স্বৰসন্ধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ওচৰা-উচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন ঘটাকে সন্ধি বোলে।[1] সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ আটাইতকৈ বেছি। সন্ধি সংস্কৃত সাহিত্যৰ অবিচ্ছেদ্য অংগ। সেইবাবে ইয়াক সংস্কৃত সাহিত্যৰ অলংকাৰ বুলি ক’লেও বড়াই কোৱা নহয়। সন্ধিয়ে ধ্বনিৰ উচ্চাৰণ দ্ৰুত কৰে, ভাষাৰ লালিত্য বঢ়ায় আৰু উচ্চাৰণ মধুৰ কৰি ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰে। উদাহৰণস্বৰূপে- “আমি বীণাপাণিৰ চৰণত পুষ্প অঞ্জলি প্ৰদান কৰোঁ।” আৰু “আমি বীণাপাণিৰ চৰণত পুষ্পাঞ্জলি প্ৰদান কৰো।” – এই বাক্য দুটাৰ প্ৰথমটোতকৈ দ্বিতীয়টো বেছি শুৱলা হৈছে। সেইদৰে-“পৰ অধীন জাতিৰ সন্মান নাই”- বুলি কোৱাতকৈ ‘পৰাধীন জাতিৰ সন্মান নাই”- বুলি ক’লে বাক্যটো বেছি শুৱলা আৰু উচ্চাৰণো মধুৰ হয়। গতিকেই সন্ধিৰ আৱশ্যকতা অনস্বীকাৰ্য।[1]

স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয়, তাক স্বৰসন্ধি বোলে।[1]

১। অ + অ = আ

  • শংকৰ + অব্দ     = শংকৰাব্দ
  • দাব    + অনল     = দাবানল
  • পুষ্প  + অঞ্জলি   = পুষ্পাঞ্জলি

২। অ + আ = আ

  • ষড়     + আনন  = ষড়ানন
  • মেঘ   + আলয়   = মেঘালয়
  • শুভ   + আগমন = শুভাগমন
  • শৃংখল + আবদ্ধ  = শৃংখলাবদ্ধ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "“সন্ধি কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি”" (as ভাষাত). Dainik Sakoridainiksakori.com. April 3, 2025. https://dainiksakori.com/sondhi-kak-bole/। আহৰণ কৰা হৈছে: October 29, 2025.