স্বৰ্গজ্যোতি বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(স্বৰ্গজ্যোতি দত্তৰ পৰা পুনঃনিৰ্দেশিত)
স্বৰ্গজ্যোতি বৰুৱা

১৯৩৫ চনৰ জয়মতী বোলছবিৰ এটি দৃশ্যত স্বৰ্গজ্যোতি বৰুৱা
জন্ম অসম, ভাৰত
পেচা অভিনেত্ৰী
দাম্পত্যসঙ্গী তাৰা প্ৰসাদ বৰুৱা


স্বৰ্গজ্যোতি বৰুৱা (ইংৰাজী: Swargajyoti Barooah), বিয়াৰ আগত স্বৰ্গজ্যোতি দত্ত, এগৰাকী অসমীয়া অভিনেত্ৰী। ১৯৩৫ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত তেওঁ শিশুশিল্পী হিচাপে অভিনয় কৰিছিল। চলচ্চিত্ৰখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু অভিনয় কৰিছিল আইদেউ সন্দিকৈ, ফণী শৰ্মা ইত্যাদি শিল্পীয়ে। ১৯৩৩ আৰু ১৯৩৫ চনৰ মাজৰ সময়ছোৱাত ছবিখনৰ শ্বুটিং হৈছিল। তেওঁ বোলছবিখনত ডালিমীৰ ভূমিকাত অভিনয় কৰিছিল।[1]


স্বাস্থ্যজনিত কাৰণত তেওঁৰ কম বয়সতে মৃত্যু হয়। তেওঁ গোলাঘাটতাৰা প্ৰসাদ বৰুৱাৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তাৰাপ্ৰসাদ বৰুৱা আছিল স্কটিছ চাৰ্চ কলেজৰ প্ৰাক্তন ছাত্ৰ, কলিকতা বিশ্ববিদ্যালয়ৰ স্বৰ্ণপদক লাভকৰোঁতা, এজন নামজ্বলা উকীল আৰু লগতে অসমৰ তাম্ৰপত্ৰ লাভ কৰা এজন স্বাধীনতা সংগ্ৰামী।[1]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]