স্বৰ্গ আৰু নৰক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বৰ্গ আৰু নৰক  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী পূৰ্ণেন্দু পত্ৰী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ডিচেম্বৰ, ১৯৯৫
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৮৩
আই.এচ.বি.এন. 81-86494-14-6

স্বৰ্গ আৰু নৰক (ইংৰাজী: Sworgo Aaru Norok) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। এই প্ৰবন্ধ সংকলনখন ১৯৯৫ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশ কৰে ষ্টুডেণ্টচ্ ষ্ট’ৰচ্‌ প্ৰকাশনে। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে আন্তৰিক মৰম আৰু কৃতজ্ঞতাৰে টাবু আৰু বাসন্তীলৈ আগবঢ়াইছে।[1]

বিৱৰণ[সম্পাদনা কৰক]

গ্ৰন্থখনত মুঠ ২৭ টা প্ৰবন্ধ আছে।প্ৰবন্ধসমূহ হৈছে, স্বৰ্গ আৰু নৰক, কস্মৈ দেবায়, শ্ৰীচৈতন্য সমকামী আছিল?, কল-গাৰ্ল, পুৰস্কাৰ, এখন নৈ আৰু এজন মানুহ, এখন অবিস্মৰণীয় ফুটবল মেচ, কেহুঁকাই, হেনৰি ডেভিদ থৰো, আলফ্ৰেদ্‌ দ্য মুছেট, শূন্যতা, জাৰৰ দিনৰ সপোন, এখন গাঁৱৰ ছবি, মই গান্ধীজীক দেখিছিলোঁ, দিল্লীত এৰাতি, সত্যনাথ বৰা, যতীন্দ্ৰনাথ দুৱৰা, অম্বিকাগিৰী ৰায়চৌধুৰী, অতুল চন্দ্ৰ হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, কৃপাবৰ বৰুৱাৰ চমু জীৱনী, অসমীয়া ভাষাত জীৱনী সাহিত্যৰ অভাৱ, কিয়?, পৰিশ্ৰমী লিখক (১), পৰিশ্ৰমী লিখক (২), বিশ্ব-সাহিত্যত অসমীয়া চুটি-গল্পৰ স্থান আৰু বেজবৰুৱাৰ চুটি-গল্প। [1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 হোমেন বৰগোহাঞি. স্বৰ্গ আৰু নৰক. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Awards 1955–2007 Archived 2008-05-13 at the Wayback Machine Sahitya Akademi Official website.
  3. http://indilens.com/?s=homen+borgohain! Homen Borgohain

লগতে চাওক[সম্পাদনা কৰক]