সমললৈ যাওক

স্বৰ্গ নৰক (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বৰ্গ নৰক

পোষ্টাৰ
পৰিচালক দাচাৰী নাৰায়ণ ৰাও
ৰচনা ৰাজ বব্বৰ (Dialogue)
চিত্ৰনাট্য দাচাৰী নাৰায়ণ ৰাও
কাহিনী দাচাৰী নাৰায়ণ ৰাও
প্ৰযোজক বি নাগী ৰেড্ডী
অভিনয়ত সঞ্জীৱ কুমাৰ
জীতেন্দ্ৰ
মৌচুমী চেটাৰ্জী
শাবানা আজমী
চিত্ৰগ্ৰহণকাৰী পি এল ৰায়
সম্পাদনা কে বালু
সংগীত পৰিচালক ৰাজেশ ৰৌচন
প্ৰযোজনা
কোম্পানী
বিজয়া প্ৰডাকচন
মুক্তি
২১ ডিচেম্বৰ ১৯৭৮ (1978-12-21)
দৈৰ্ঘ্য
১৬৪ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

স্বৰ্গ নৰক (ইংৰাজী: Swarg Narak ) ১৯৭৮ চনত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি।[1][2] বিজয়া প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ দাচাৰী নাৰায়ণ ৰাৱে পৰিচালনা আৰু ৰাজেশ ৰোশনে সংগীত ৰচনা কৰিছিল । এই ছবিখন একেজন পৰিচালকে নিৰ্মাণ কৰা তেলেগু ছবি “স্বৰ্গম নৰকম”ৰ (১৯৭৫) পুনৰ্নিৰ্মাণ।[3][4] ছবিখনে ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল।[5]

এয়া তিনিটা দম্পতীৰ কাহিনী। প্ৰথম দম্পতী ত্ৰিপাঠীৰ, যিয়ে সদায় আনৰ ভুল আৰু পদবীৰ সুযোগ লৈ টকা উপাৰ্জন কৰে। তেওঁৰ পত্নী মেৰী। দ্বিতীয়টো গীতা আৰু ৰোমিঅ’ বিনোদৰ। আনহাতে তৃতীয়টো দম্পত্তি ঈৰ্ষাপৰায়ণ শোভা আৰু বিকি কাপুৰৰ।

প্ৰথম দম্পতী সুখী বিবাহিত। দ্বিতীয় দম্পতী বিনোদৰ মাকৰ লগত থাকে। বিনোদে লীনাৰ লগত বহু সময় কটায় আৰু গভীৰ নিশাৰ পাৰ্টিত অংশগ্ৰহণ কৰাৰ বিপৰীতে গীতাই প্ৰতি নিশা ধৈৰ্য্যৰে স্বামীৰ বাবে অপেক্ষা কৰে। এবাৰ শোভাই ৰাধাৰ সৈতে ভিকিক দেখা পায়, তাই ধৰি লয় যে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে আৰু এই বিষয়ে ভিকিক আমনি কৰে। যেতিয়া ভিকিয়ে অস্বীকাৰ কৰে তেতিয়া তাই তাক এৰি যায়। আনহাতে বিনোদে ঘৰৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত লয় যদিও ভাগ্যই নিজৰ ভূমিকা পালন কৰে। তেওঁ এটা দুৰ্ঘটনাৰ সন্মুখীন হয় আৰু তেওঁৰ আৰোগ্যৰ সময়ছোৱাত গীতাই প্ৰমাণ কৰে যে তেওঁৰ বাবে তেওঁ কিমান গুৰুত্বপূৰ্ণ। তেওঁ অনুতাপ কৰি সম্পূৰ্ণৰূপে নতুন মৃদুভাষী আৰু ভাল মানুহলৈ সলনি হয়। আনহাতে শোভাই নিজৰ সম্পৰ্কটো এনে এটা পৰ্যায়লৈ নষ্ট কৰি পেলায় যে ৰাধাৰ কৰুণ মৃত্যুৰ পিছত বিকি নিজৰ ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হয়। এই সন্ধিক্ষণত ত্ৰিপাঠীয়ে দম্পতীহালক মেৰামতি কৰিবলৈ খোজ দিয়ে। ইয়াৰ পিছত হোৱা কিছুমান পৰিঘটনা হাস্যকৰ ক্ৰম। এই দম্পতীকেইটাক মেণ্ডিং কৰাত ত্ৰিপাঠী সফল হয় নে নহয় সেয়াই কাহিনীৰ বাকী অংশ গঠন কৰে।

  • সঞ্জীৱ কুমাৰ
  • জীতেন্দ্ৰ
  • বিনোদ মেহৰা
  • মৌচুমী চেতাৰ্জী
  • শাবানা আজমী
  • তনুজা
  • শোভিনী সিং
  • মদন পুৰী
  • ৰাজ মেহৰা
  • এ কে হেংগল
  • ওম শিৱপুৰ
  • জগদীপ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]