স্বৰ্ণলতা ৰংগৰাজন
| স্বৰ্ণলতা ৰংগৰাজন | |
|---|---|
স্বৰ্ণলতা ৰংগৰাজন | |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষানুষ্ঠান | মাদ্ৰাজ বিশ্ববিদ্যালয় |
| পেচা | অধ্যাপিকা, লেখিকা |
| জনা যায় | পৰিৱেশ-সমালোচনা আৰু পৰিৱেশীয় কল্পকাহিনী |
স্বৰ্ণলতা ৰংগৰাজন (ইংৰাজী: Swarnalatha Rangarajan) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু লেখিকা। তেওঁ বিশেষকৈ পৰিৱেশ-সমালোচনা আৰু পৰিৱেশীয় কল্পকাহিনীৰ ক্ষেত্ৰত বিশেষজ্ঞ। তেওঁ পৰিৱেশ-সমালোচনাৰ ওপৰত এখন গৱেষণা গ্ৰন্থ লিখাৰ লগতে পৰিৱেশ-সমালোচনা আৰু ইকোছফীৰ ওপৰত কেইবাখনো কিতাপ আৰু আলোচনী সম্পাদনা কৰিছে। তেওঁৰ গল্প, কবিতা আৰু এখন উপন্যাস প্ৰকাশ পাইছে। তেওঁ আইআইটি মাদ্ৰাজৰ মানৱীয় আৰু সামাজিক বিজ্ঞান বিভাগৰ ইংৰাজী বিষয়ৰ অধ্যাপিকা।
শৈক্ষিক কৰ্মজীৱন
[সম্পাদনা কৰক]ৰংগৰাজনে মাদ্ৰাজ বিশ্ববিদ্যালয়ত ইংৰাজী অধ্যয়ন কৰি ১৯৯২ চনত এম এ আৰু ১৯৯৩ চনত এম ফিল ডিগ্ৰী লাভ কৰে।[1] ১৯৯৯-২০০০ বৰ্ষত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ফুলব্ৰাইট প্ৰাক-ডক্টৰেল ফেল' আছিল। ২০০২ চনত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে।[1][2]
২০১৩ চনত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ক’লা, সামাজিক বিজ্ঞান আৰু মানৱীয় গৱেষণা কেন্দ্ৰত (CRASSH) চাৰ্লছ ৱালেচ ইণ্ডিয়া ট্ৰাষ্ট ভিজিটিং ফেল' আছিল।[2] ২০১০ চনৰ পৰা তেওঁ আইআইটি মাদ্ৰাজত ইংৰাজীৰ অধ্যাপিকা হিচাপে কৰ্মৰত।
তেওঁ ইণ্ডিয়ান জাৰ্নেল অৱ ইকোক্ৰিটিচিজমৰ (IJE) প্ৰতিষ্ঠাপক সম্পাদক। ইয়াৰ উপৰিও তেওঁ কানাডিয়ান আলোচনী দ্য ট্ৰাম্পেটাৰৰ ভাৰতীয় পৰিৱেশ দৰ্শনৰ বিশেষ সংখ্যাৰ অতিথি সম্পাদক হিচাপে কাম কৰিছে।[2] তেওঁ পৰিৱেশ-সমালোচনাৰ ওপৰত কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছে, যাৰ ভিতৰত ইকোএম্বিগুয়িটি, কমিউনিটি, এণ্ড ডেভেলপমেণ্ট: টুৱাৰ্ড এ পলিটিচাইজড ইকোক্ৰিটিচিজম (২০১৪) আৰু ইকোক্ৰিটিচিজম অৱ দা গ্লোবেল চাউথ (২০১৫) উল্লেখযোগ্য।[3]
২০১৮ চনত তেওঁৰ গৱেষণা গ্ৰন্থ ইকোক্ৰিটিচিজম: বিগ আইডিয়াজ এণ্ড প্ৰেক্টিকেল চলিউচনচ প্ৰকাশ পায়। তেওঁ ময়িলম্ম: দা লাইফ অৱ এ ট্ৰাইবেল ইকো-ৱাৰিয়ৰ (২০১৮) গ্ৰন্থখনৰ সহ-অনুবাদ কৰিছিল।
সাহিত্যিক কৰ্মজীৱন
[সম্পাদনা কৰক]ৰংগৰাজনৰ চুটিগল্পসমূহ সাউথ এছিয়ান ৰিভিউ, নিউ এছিয়ান ৰাইটিং, ইণ্ডিয়া কাৰেণ্টচ আৰু আউট অৱ প্ৰিণ্ট মেগাজিনৰ দৰে আলোচনীত প্ৰকাশ পাইছে।[4] তেওঁৰ কবিতা অল দা ৱৰ্ল্ডছ বিটুইন (২০১৭) সংকলনত স্থান পাইছে।
২০১৫ চনত তেওঁৰ প্ৰথমখন উপন্যাস ফাইনেল ইনষ্ট্ৰাকচনছ প্ৰকাশ পায়।[5] এই উপন্যাসখন ভোপাল গেছ ট্ৰেজেডীৰ দ্বাৰা অনুপ্ৰাণিত।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Swarnalatha R". Indian Institute of Technology Madras. https://hss.iitm.ac.in/swarnalatha-r/। আহৰণ কৰা হৈছে: 3 June 2025.
- 1 2 3 Rangarajan (25 July 2013). "Swarnalatha Rangarajan". University of Cambridge Centre for Research in the Arts, Social Sciences and Humanities. https://www.crassh.cam.ac.uk/about/people/swarnalatha-rangarajan/। আহৰণ কৰা হৈছে: 3 June 2025.
- ↑ "Swarnalatha Rangarajan". Bloomsbury Publishing. https://www.bloomsbury.com/uk/author/swarnalatha-rangarajan/.
- ↑ Rangarajan, Swarnalatha (22 May 2012). "'In the Forests of Himmapan' by Swarnalatha Rangarajan (India)". New Asian Writing. https://new-asian-writing.com/%E2%80%98in-the-forests-of-himmapan%E2%80%99-by-swarnalatha-rangarajan-india/। আহৰণ কৰা হৈছে: 3 June 2025.
- ↑ "Professor at IIT-M Launches Novel on Bhopal Gas Tragedy". The New Indian Express. 3 Sep 2015. Archived from the original on 18 November 2015. https://web.archive.org/web/20151118101016/http://www.newindianexpress.com/cities/chennai/Professor-at-IIT-M-Launches-Novel-on-Bhopal-Gas-Tragedy/2015/09/03/article3007057.ece। আহৰণ কৰা হৈছে: 3 June 2025.
- ↑ Sampath, Janani (30 June 2015). "Fiction out of real tragedy". The New Indian Express. Archived from the original on 29 October 2015. https://web.archive.org/web/20151029184303/http://www.newindianexpress.com/cities/chennai/Fiction-out-of-Real-Tragedy/2015/06/30/article2893359.ece। আহৰণ কৰা হৈছে: 3 June 2025.