সমললৈ যাওক

স্বৰ্ণ বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বৰ্ণ বৰা
জন্ম ১৯৩৭
কচলুখোৱা, নগাঁও, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ঔপন্যাসিক, শিক্ষক
উল্লেখযোগ্য কৰ্ম ডিয়ুং নদীৰ গীত, চিমচাং নদীৰ হাঁহি, লুইত পাৰৰ কণ্ঠ
বঁটা, সন্মান, পুৰস্কাৰ আদি সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা (১৯৯৭), বাসন্তী বৰদলৈ বঁটা (১৯৯৯)

স্বৰ্ণ বৰা (জন্ম: ১৯৩৭) এগৰাকী বিশিষ্ট অসমীয়া ঔপন্যাসিক। তেওঁৰ উপন্যাসসমূহত অঞ্চলভিত্তিক সমাজৰ হৃদয়স্পৰ্শী ছবি অংকিত হয়। কেৱল কাহিনীৰ বিস্তাৰেই নহয়, সমাজৰ দুখ-বেদনাৰ মাজেৰে সনাতন মানৱীয় অনুভৱৰ সৈতে পঢ়ুৱৈক মুখামুখি কৰি তোলে।

স্বৰ্ণ বৰাৰ জন্ম ১৯৩৭ চনত অসমৰ নগাঁৱৰ কচলুখোৱাত হৈছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁয়ে বহু বছৰ শিক্ষকতা কৰিছিল। ১৯৯০ চনত শাৰীৰিক অসুস্থতাৰ বাবে স্বেচ্ছা অৱসৰ গ্ৰহণ কৰে।

সাহিত্য কৰ্ম

[সম্পাদনা কৰক]

উপন্যাস

[সম্পাদনা কৰক]
  • ডিয়ুং নদীৰ গীত (১৯৮৫)
  • চিমচাং নদীৰ হাঁহি (১৯৮৭)
  • লুইত পাৰৰ কণ্ঠ (১৯৮৯)
  • দুধনৈৰ বেদনা (১৯৯৭)
  • আই নদীৰ উচুপনি (১৯৯৯)
  • তিতাই মৰা সুঁতিৰ সুৰধ্বনি (২০০০)
  • মেঘনা যমুনা টেমছ (প্ৰকাশৰ বৰ্ষ উল্লেখ নোহোৱা)
  • ডিয়ুং নদীৰ গীত উপন্যাসৰ বাবে অসম সাহিত্য সভাসীতানাথ ব্ৰহ্মচৌধুৰী বঁটা (১৯৯৭)
  • মেঘনা যমুনা টেমছ গ্ৰন্থৰ বাবে বাসন্তী বৰদলৈ বঁটা (১৯৯৯)

তথ্য উৎস

[সম্পাদনা কৰক]
  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, পৃষ্ঠা: ২৪৯, প্ৰথম প্ৰকাশ: ২০০৬