সমললৈ যাওক

স্ব-নিয়োজিত মহিলা সন্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্ব-নিয়োজিত মহিলা সন্থা
প্ৰধান  কাৰ্যালয় আহমেদাবাদ
মুখ্য  ব্যক্তি এলা ভাট, প্ৰতিষ্ঠাপক
ৱেবছাইট www.sewa.org

স্বনিয়োজিত মহিলা সংস্থা (ইংৰাজী: Self Employed Women's Association, SEWA), ভাৰতৰ আহমেদাবাদত অৱস্থিত এটা বাণিজ্য সংঘ। তেওঁলোকে কম আয়ৰ, স্বতন্ত্ৰভাৱে নিয়োজিত মহিলা শ্ৰমিকৰ অধিকাৰৰ প্ৰসাৰ ঘটায়।[1]ভাৰতৰ আঠখন ৰাজ্যৰ প্ৰায় ২০ লাখ শ্ৰমিক স্ব-নিয়োজিত মহিলা সন্থাৰ সদস্য। স্বনিয়োজিত মহিলাসকলক এনেসকলক সংজ্ঞায়িত কৰা হয় যিসকলৰ নিয়োগকৰ্তা-কৰ্মচাৰীৰ মাজত নিৰ্দিষ্ট সম্পৰ্ক নাথাকে আৰু আনুষ্ঠানিকভাৱে নিয়োজিত শ্ৰমিকৰ দৰে নিৰ্দিষ্ট দৰমহা আৰু সামাজিক সুৰক্ষা লাভ নকৰে। সেয়েহে তেওঁলোকৰ আয় আৰু জীৱন অধিক অস্বস্তিকৰ।[2]সন্থা সম্পূৰ্ণ নিয়োগৰ লক্ষ্যক কেন্দ্ৰ কৰি সংগঠিত হৈছে য'ত এগৰাকী মহিলাই কৰ্ম, আয়, খাদ্য, আৰু স্বাস্থ্যসেৱা, শিশুৰ যত্ন, বীমা, পেঞ্চন আৰু আশ্ৰয়ৰ দৰে সামাজিক সুৰক্ষা নিশ্চিত কৰে।[3] এই লক্ষ্যসমূহ সম্পন্ন কৰাৰ আঁৰৰ নীতিসমূহ হৈছে ক্ৰমে সংগ্ৰাম আৰু উন্নয়ন, অৰ্থাৎ অংশীদাৰসকলৰ সৈতে আলোচনা কৰা আৰু সেৱা প্ৰদান কৰা।[4][3]

১৯৭২ চনত শ্ৰমিক অধিবক্তা তথা সংগঠক এলা ভাটে এই সন্থাটো প্ৰতিষ্ঠা কৰিছিল। ১৯১৮ চনত গান্ধীয়ে প্ৰতিষ্ঠা কৰা শ্ৰমিক সংঘ টেক্সটাইল লেবাৰ এছ'চিয়েচন (টিএলএ)ৰ মহিলা শাখাৰ জৰিয়তে ইয়াৰ উত্থান ঘটিছিল।[5] এই সংস্থাটো অতি দ্ৰুতগতিত বৃদ্ধি পায়। ১৯৯৬ চনত ৩০,০০০ সদস্যৰ পৰা ২০০০ চনত ৩১৮,৫২৭ জনলৈ আৰু ২০১৩ চনত ১,৯১৯,৬৭৬ জনলৈ সদস্যলৈ ইয়াৰ বিকাশ সাধন হয়।[2][6] ২০২৩ চনত প্ৰায় ২০ লাখ সদস্য সন্থাৰ কগত চামিল হয়।[7] ২০০৮ চনৰ বিত্তীয় সংকটৰ পূৰ্বেও ভাৰতৰ ৯০% তকৈ অধিক শ্ৰমিক জনসংখ্যা অনানুষ্ঠানিক খণ্ডত আছিল। ২০০৯ চনত ৯৪% শ্ৰমিক মহিলাই অনানুষ্ঠানিক খণ্ডত কাম কৰিছিল।[8][9] ভাৰতৰ ইতিহাস আৰু পিতৃতান্ত্ৰিক ব্যৱস্থাইও এই বৈষম্যত অৰিহণা যোগায় কাৰণ পৰম্পৰাগত লিংগ ভূমিকাই মহিলাসকলক নিয়মীয়া, সুৰক্ষিত শ্ৰমৰ পৰা বাদ দিয়ে।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Howard Spodek (October 1994). "Review: The Self-Employed Women's Association (SEWA) in India: Feminist, Gandhian Power in Development". Economic Development and Cultural Change (University of Chicago Press) খণ্ড 43 (1): 193–202. doi:10.1086/452141. 
  2. 2.0 2.1 Rekha Datta (Spring 2003). "From Development to Empowerment: The Self-Employed Women's Association in India". International Journal of Politics, Culture and Society খণ্ড 16 (3): 351–368. doi:10.1023/A:1022352227601. 
  3. 3.0 3.1 "About Us: Introduction". Self Employed Women's Association. Archived from the original on 2010-01-26. https://web.archive.org/web/20100126015007/http://www.sewa.org/About_Us.asp। আহৰণ কৰা হৈছে: 2025-02-19. 
  4. Martha Chen; Chris Bonner; Françoise Carré (2015). "Organizing Informal Workers: Benefits, Challenges and Successes". UNDP Human Development Report (2015 UNDP Human Development Report Office): 13. http://hdr.undp.org/en/content/organizing-informal-workers-benefits-challenges-and-successes. 
  5. Spodek, Howard (2011). Ahmedabad: Shock city of the twentieth century India. প্ৰকাশক Bloomington, Indiana: Indiana University Press. পৃষ্ঠা. 253. ISBN 978-0253355874. https://archive.org/details/ahmedabadshockci00spod. 
  6. Annual Report (Report). Self Employed Women's Association. 2013. p. 4. Archived from the original on 2018-07-17. https://web.archive.org/web/20180717183938/http://www.sewa.org/pdf/Sewa_Annual_Report.pdf। আহৰণ কৰা হৈছে: 2025-02-19. 
  7. Oza, Rupal. The Making of Neoliberal India. পৃষ্ঠা. 21–44. 
  8. Das, Shakuntala (2015). "Growing Informality, Gender Equality and the Role of Fiscal Policy in the Face of the Current Economic Crisis: Evidence from the Indian Economy". International Journal of Political Economy খণ্ড 44 (4): 277–295. doi:10.1080/08911916.2015.1129846. 
  9. Bhatt, Ela (23 July 2009). "Citizenship of Marginals". Seminar Publications. http://www.india-seminar.com/2010/605/605_ela_r_bhatt.htm.  Based on the Third R.K. Talwar Memorial Lecture delivered at the Indian Institute of Banking and Finance, Mumbai, 23 July 2009.
  10. Edward Webster (2011). "Organizing in the Informal Economy: Ela Bhatt and the Self-Employed Women's Association of India". Labour, Capital and Society খণ্ড 44 (1): 99–125. http://www.lcs-tcs.com/PDFs/44_1/5%20Webster.pdf.